সকলোৰে সহ্যৰ এটা সীমা থাকে- নতুন ছবি 'শৰশয্যা'
চলিত বৰ্ষৰ শেষৰ ভাগলৈ মুক্তি পোৱাৰ সম্ভাৱনা এখন নতুন অসমীয়া ছবি 'শৰশয্যা'ই । ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা প্ৰণৱ বৰুৱাৰ ।

By ETV Bharat Entertainment Team
Published : January 20, 2026 at 11:06 AM IST
গুৱাহাটী : নতুন বছৰৰ আৰম্ভণিতে ঘোষণা আন এখন নতুন অসমীয়া ছবিৰ ৷ ত্রিনাভ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হ’ব এখন নতুন অসমীয়া ছবি, নাম 'শৰশয্যা'।
অসমীয়া লোক-সংস্কৃতি ভাওনাৰ লগতে সেই সংস্কৃতিৰ লগত জড়িত শিল্পীসকলৰ জীৱনগাঁথাক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ইতিমধ্যে নগাঁৱৰ ভিন্ন অঞ্চলত পূৰ্ণ গতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা প্ৰণৱ বৰুৱাৰ ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৰিচালক প্ৰণৱ বৰুৱাই জনাই ছবিখনৰ সন্দৰ্ভত কিছু কথা ।
ছবিখনৰ সন্দৰ্ভত পৰিচালক প্ৰণৱ বৰুৱাৰ মন্তব্য
“ছবিখন আচলতে মোৰ বহু বছৰৰ সপোন এটা । এখন ছবি নিজাকৈ কৰাৰ হেঁপাহ এটা বহুত দিনৰ পৰাই আছিল, সেই হেঁপাহটো এতিয়া পূৰ হ'বলৈ ওলাইছে । আজি ছবিখনৰ দৃশ্যগ্ৰহণৰ তৃতীয়টো দিন ।”

ছবিখনৰ কাহিনীৰ আধাৰটো কি ?
মধ্য অসমৰ ভাওনা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া ভাওনাৰ লগত ব্ৰজাৱলী ভাষা মিশ্ৰিত যিটো শৈলী, সেই শৈলী বা ভাষাৰে আমাৰ মধ্য অসমত ভাওনাবোৰ হয় । বিশেষকৈ বৰদোৱাস্থলত । সেই ভাওনাবোৰৰ নিৰ্দিষ্ট নিৰ্দিষ্ট বচনৰ সুৰ থাকে । বিলাপ, পয়ৰ, লেচাৰী, স্তুতি, মুক্তাৱলী এনে কিছুমান বিশেষ বিশেষ সুৰ থাকে ৷ সুৰবোৰ জ্যেষ্ঠসকল নোহোৱা হোৱাৰ লগে লগে ক’ৰবাত নাইকিয়া হৈ যোৱাৰ উপক্ৰম হৈছে । সেই সুৰবোৰ ধৰি ৰখাৰ লগতে আমাৰ যিবোৰ থলুৱা শিল্পী, যিসকলে ভাওনা আদি কৰে, তেওঁলোক সদায় সন্মানৰ পৰা বঞ্চিত হয় । সন্মানৰ প্ৰতি তেওঁলোকে আচলতে আকলুৱা নহয় । কিন্তু সকলোৰে সহ্যৰ এটা সীমা থাকে । সহি-সহি এসময়ত সহিব নোৱৰা এজন মানুহ আৰু তেওঁৰ জীয়েকৰ এটা কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হ'ব ।”
গাঁৱৰ পটভূমিত নিৰ্মাণ হ’ব ছবিখন
সম্পূৰ্ণ গাঁৱৰ পটভূমিত নিৰ্মাণ হ’ব আহিবলগীয়া নতুন অসমীয়া ছবি 'শৰশয্যা'। ছবিখনত থাকিব ৫খন ভাওনা । নগাঁৱৰ হাতীমূৰ আৰু পুটনিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ । প্ৰায় ৮০-৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ছবিখন । ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈ চলিব ছবিখনৰ দৃশ্যগ্ৰহণ ।

প্ৰণৱ বৰুৱাই পৰিচালনা কৰা এইখন প্ৰথম ছবি
ভ্ৰাম্যমাণৰ নাটকৰ পৰা আৰম্ভ কৰি অসমীয়া ছবি, ধাৰাবাহিক আদিকে ধৰি বহু চিত্ৰনাট্য ৰচনা কৰিছে প্ৰণৱ বৰুৱাই । কেবাখনো ছবিত সহযোগী পৰিচালক হিচাপেও কাম কৰিছে তেওঁ ৷ 'শৰশয্যা' তেওঁৰ পৰিচালনাৰে প্ৰথমখন ছবি ।
এই সন্দৰ্ভত নিজৰ অনুভৱ ব্যাখ্যা কৰি তেওঁ কয়, “ভিচিডিৰ সময়ত পৰিচালনা কৰিছিলো, তাৰ পাছত অসমীয়া ছবি 'লাভ ইন বেংকক', 'প্ৰত্যাহ্বান'ৰ সহযোগী পৰিচালক হিচাপে আছিলো যদিও স্বাধীনভাৱে এইখন মোৰ প্ৰথম পূৰ্ণদৈঘ্যৰ ছবি । সেয়ে অকণমান ভয় লাগি আছে, যিমান পাৰোঁ চেষ্টা কৰিছোঁ । দৰ্শকৰ ৰুচি লক্ষ্য কৰাৰ লগতে মূলত কাহিনীটোৱে যিটো বিচাৰিছে সেইটো কৰাৰ চেষ্টা কৰিছো ।”

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আইমী বৰুৱা আৰু অৰুণ হাজৰিকাই । লগতে ছবিখনত দেখিবলৈ পোৱা যাব সিদ্ধাৰ্থ শৰ্মা, গীতাৰ্থ কাকতি আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীক ।
ছবিখনৰ প্ৰযোজনা জয়ন্ত কাকতিৰ, সম্পাদনা আৰু দৃশ্যগ্ৰহণ মনোজিৎ শৰ্মাৰ । ছবিখনৰ সংগীত জয়ন্ত কাকতিৰ, আৱহ সংগীত পলাশ সূৰ্য্য গগৈৰ । ছবিখনত কণ্ঠদান কৰিছে নীল আকাশ আৰু আচুৰ্য বৰপাত্ৰই । চলিত বৰ্ষৰ অক্টোবৰ মাহত মুক্তিৰ পৰিকল্পনা কৰা হৈছে ছবিখনৰ ।
লগতে পঢ়ক : 'প্ৰস্তাৱনা— The Preamble’- নৱপ্ৰজন্মই গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ হ’লে সদাসতৰ্ক হৈ থকাৰ বাহিৰে বিকল্প নাই

