কাৰাগাৰৰ পৰা ছবিগৃহলৈ: 'চুপা-চুপি'ৰ আধৰুৱা কাহিনীৰ ৰহস্যৰ অন্ত পৰিব ১২ জুনত!
১২ জুনত ছবিগৃহলৈ আহিব 'চুপা-চুপি'; মুকলি হ’ল ছবিখনৰ ধেমেলীয়া প্ৰ’ম’ !

By ETV Bharat Entertainment Team
Published : April 20, 2026 at 11:25 AM IST
হায়দৰাবাদ : জনপ্ৰিয় ৱেব ছিৰিজ "চুপা-চুপি"ক লৈ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ ! অতি সোনকালে ছবিগৃহত মুক্তি পাব এই জনপ্ৰিয় ছিৰিজটোৰ চলচ্চিত্ৰ সংস্কৰণ ।
- মুক্তিৰ তাৰিখ : অহা ১২ জুন ।
- প্ৰযোজনা : এই ছবিখন 'এটলাছ ক্ৰিয়েশ্বন'ৰ (Atlas Creation) বেনাৰত নিৰ্মাণ কৰা হৈছে ।
ৱেব ছিৰিজৰ সফল যাত্ৰাৰ পিছত এতিয়া ৰূপালী পৰ্দাত দৰ্শকক আমোদ দিবলৈ সাজু হৈছে চুপা-চুপি । প্ৰণৱ ভৰালীৰ জনপ্ৰিয় ৱেব ছিৰিজ চুপা-চুপি এতিয়া চলচ্চিত্ৰ হিচাপে ছবিগৃহলৈ আহিবলৈ সাজু হৈছে ।
ৰূপালী পৰ্দালৈ 'চুপা-চুপি': ১২ জুনত মুক্তি
নৱ-প্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ জনপ্ৰিয় ৱেব ছিৰিজ চুপা-চুপিৰ দ্বিতীয়টো ছিজন এতিয়া ছবি ৰূপে দৰ্শকৰ মাজলৈ আহিব । ইতিমধ্যে ছবিখনৰ এটি প্ৰ’ম’ ভিডিঅ’ সামাজিক মাধ্যমত মুকলি কৰা হৈছে, যিয়ে অনুৰাগীসকলৰ মাজত ব্যাপক উছাহৰ সৃষ্টি কৰিছে ।
ৱেব ছিৰিজখনৰ জৰিয়তে জনপ্ৰিয় হোৱা চৰিত্ৰসমূহ - দীপক, ৰূপ, চানক্য, উৰ্মিলা বৌ, ৰামা আৰু জয়ন্ত চালফাক পুনৰ একেলগে ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব । অসমীয়া ডিজিটেল প্লেটফৰ্মত খলকনি তোলাৰ পিছত এতিয়া ৰূপালী পৰ্দাত এই চৰিত্ৰসমূহৰ ধেমেলীয়া যাত্ৰা উপভোগ কৰিবলৈ দৰ্শক অধীৰ আগ্ৰহেৰে ৰৈ আছে ।

গ্রাম্য সমাজৰ এক বাস্তৱধর্মী কাহিনী
অসমৰ গ্রাম্য জীৱনৰ পটভূমিত নিৰ্মাণ কৰা "চুপা-চুপি" ছবিখনত ৯০ দশকৰ পৰা বৰ্তমানৰ আধুনিক তথা যান্ত্ৰিক যুগলৈ পৰিৱৰ্তন হোৱা সমাজখনৰ এক সুন্দৰ ছবি ফুটি উঠিছে । সমাজৰ নেতিবাচক চিন্তা-ধাৰাক প্ৰত্যাহ্বান জনাই এক বাস্তৱধৰ্মী কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে ।
ছবিখনৰ আঁৰৰ ব্যক্তি আৰু কলা-কুশলীসকল
- ৰচনা আৰু পৰিচালনা : প্ৰণৱ ভৰালী ।
- প্ৰযোজনা : হৃষিকেশ পাটগিৰি ।
ছবিখনত অসমৰ কেইবাগৰাকীও ন-পুৰণি জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । তেওঁলোকৰ ভিতৰত উল্লেখনীয় হ’ল - কমল লোচন, হিমাংশু প্ৰসাদ দাস, সপ্তৰ্ষী গগৈ, জিত কলিতা, কৌশিক ভৰদ্বাজ, স্নিগ্ধা গগৈ, বৈভৱী গোস্বামী, অৰুণ নাথ, সিদ্ধাৰ্থ শৰ্মা, জিন্টু কুমাৰ কাশ্যপ, বেদব্ৰত বৰা, কিশোৰ তহবিলদাৰ আৰু মৃণাল হালৈ ।

গ্ৰাম্য জীৱনৰ সৰলতা আৰু সামাজিক বিৰ্তকৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ছবিখনে দৰ্শকক পুনৰবাৰ আমোদ দিবলৈ সাজু হৈছে ।
উল্লেখ্য যে, ২০২৪ চনৰ ১২ জুনত মুক্তি লাভ কৰা চুপা-চুপি ৱেব ছিৰিজখনৰ কাহিনীভাগ কাৰাগাৰৰ বাহিৰত শেষ হৈছিল । সেই আধৰুৱা কাহিনীটোৱে এতিয়া কি নতুন মোৰ লয়, তাক জানিবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব অহা ১২ জুনলৈ ।

পৰিচালনা আৰু কাৰিকৰী দল
মুখ্য সহকাৰী পৰিচালক: সমৰ জ্যোতি সৰকাৰ ।
সহকাৰী পৰিচালকবৃন্দ: জ্যোতিষ্মান শৰ্মা, ডলী দাস, নোমি হুছেইন, ৰিব্ৰিব দাস, নীলোৎপল ৰাজবংশী, সৃষ্টি সুমি, ৰোনাল্ড হুছেইন আৰু ভিন্নাক্ষী গোস্বামী ।
চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস
সম্পাদনা: উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য
প্ৰযোজনা আৰু পৰিচালনা গোষ্ঠীৰ এই বলিষ্ঠ প্ৰচেষ্টাই ৰূপালী পৰ্দাত দৰ্শকক এক নতুন সোৱাদ দিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : অসমীয়া সংগীত জগতত কাৰ সহযোগত ভৰি দিছিল আশা ভোছলেই ?

