জোনবাইক মনত আছেনে ? স্মৃতি সুঁৱৰিব পৰাকৈ এইবাৰ আহি আছে চিনেমা হললৈ !
এইবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পাব তাহানিৰ ভি.চি.ডি. যুগৰ ‘জোনবাই’ক ৷ লগ পাব ডেমফুল-নেত্ৰকাইকো ৷

By ETV Bharat Entertainment Team
Published : May 23, 2026 at 3:40 PM IST
হায়দৰাবাদ: সেই সময়, তেতিয়া ভিচিডি যুগৰ সোণালী সময় ৷ মুক্তি লাভ কৰে জোনবাই ভিচিডিয়ে ৷ মুক্তিৰ পাছতে খলকনি লগালে জোনবাইয়ে ৷ ঘৰে ঘৰে সকলোৰে মুখে মুখে কেৱল জোনাবাইৰ চৰিত্ৰ আৰু "জোনবাই এ বেজী এটি দিয়া বুলি পদ্য মতা বয়সত/ তুমি পঢ়িছিলা চোতালতে পাৰি নগাঢাৰিৰ ওপৰত..." গানটো ৷ তেতিয়াৰ পৰাই জোনাবাইৰ চৰিত্ৰসমূহ অসমৰ প্ৰতিটো পৰিয়ালৰে বাবে ঘৰুৱা হৈ পৰিল ৷ ডেমফুল-নেত্ৰকাই সকলোৰে আপোন হৈ পৰিল ৷
আজিও বিহু বুলি ক’লে এই বিখ্যাত বিহুগীতটিয়ে বাজি উঠে চাৰিওফালে ৷ অতি কম দিনৰ ভিতৰতে অসমৰ ৰাইজৰ আপোন হৈ পৰা ‘জোনবাই’ক বাৰু কোনে কেনেকৈ পাহৰিব পাৰে !

এতিয়া চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ আহিছে । এইবাৰ অসমৰ ৰাইজে ৰূপালী পৰ্দাত দেখিবলৈ পাব তাহানিৰ ভি.চি.ডি. (VCD) যুগৰ সেই জনপ্ৰিয় 'জোনবাই'ক । হয়, দৰ্শকৰ মাজলৈ পুনৰ ঘূৰি আহি আছে 'জোনবাই' ।
এইবাৰ জোনবাইক চিনেমাৰ ৰূপত সজাই তুলিব জনপ্ৰিয় সংগীত পৰিচালক মানস ৰবীনে । এই উদ্দেশ্যে খানাপাৰাত এক মাংগলিক পৰিৱেশৰ মাজত নতুন অসমীয়া ছবি 'জোনবাই'ৰ শুভ মহূৰত সম্পন্ন হৈ যায় । ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে মানস ৰবীনে । আনহাতে, ছবিখনৰ পৰিচালনাৰ দায়িত্বত থাকিব বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা ।
উল্লেখ্য যে, নতুন 'জোনবাই' ছবিখনত উদ্যোগটোৰ ভালেকেইগৰাকী পুৰণি তথা নতুন শিল্পীয়ে অভিনয় কৰিব । ইয়াৰ উপৰি পূৰ্বৰ ভি.চি.ডি. শৃংখলাটোত অভিনয় কৰা কেইবাগৰাকীও চিনাকি মুখক দৰ্শকে পুনৰ দেখিবলৈ পাব বুলি জানিব পৰা গৈছে । সামগ্ৰিকভাৱে, 'জোনবাই'ক ডাঙৰ পৰ্দালৈ আনিবলৈ পাই পৰিচালক, প্ৰযোজক তথা কলা-কুশলীসকল যথেষ্ট আশাবাদী ।
লগতে পঢ়ক : ছবিগৃহত 'হোমৱৰ্ক'ৰ সফল যাত্ৰা: মুক্তি পালে নতুন গীত ‘মাটিৰ মৰমে’

