'ধুনু-মুনু' লৈ আহি আছে বেঙেনা পাৰ্টী, প্ৰেমত প্ৰতাৰিতসকলৰ বাবেও বিশেষ আঁচনি
২৪ জুলাইত ছবিগৃহলৈ আহি আছে এখন নতুন ৰাজনৈতিক কমেডী ছবি 'XYZ' ৷ গুৱাহাটীৰ নেহৰু পার্কৰ সন্মুখত ব্যতিক্ৰমী প্ৰচাৰ অনুষ্ঠান ।

By ETV Bharat Entertainment Team
Published : July 1, 2026 at 6:10 PM IST
গুৱাহাটী: ২৪ জুলাইত অনুষ্ঠিত হ'ব নিৰ্বাচন । বুধবাৰে গুৱাহাটীৰ নেহৰু পার্কৰ সন্মুখত ব্যতিক্ৰমী প্ৰচাৰ চলাই বেঙেনা পাৰ্টীয়ে । এতিয়া আপুনি ভাবিছে এয়া আকৌ কিহৰ নিৰ্বাচন ?
দৰাচলতে আগন্তুক ২৪ জুলাইত ছবিগৃহলৈ আহি আছে এখন নতুন ৰাজনৈতিক কমেডী ছবি 'XYZ', যাৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে এই ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা হয় ৷ শীঘ্ৰেই মুক্তি পাবলগীয়া ছবিখন পৰিচালনা কৰিছে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসে ।
জানিব পৰা অনুসৰি, ছবিখনৰ জৰিয়তে নিৰ্বাচনৰ সময়ৰ পৰিৱেশ ৰূপালী পৰ্দাত তুলি ধৰাৰ প্ৰয়াস কৰিছে নিৰ্মাতাই ৷ নির্বাচন বহুতে খেলে, তাৰ মাজতে কোনোবা জিকে, কোনোবা হাৰে । সেই নিৰ্বাচনত অংশ লোৱা নেতাসকলৰ পিছে পিছে যিসকলে ঘূৰে, নিৰ্বাচন শেষ হৈ যোৱাৰ পাছত তেওঁলোকৰ কি অৱস্থা হয়, তাকেই দৰ্শকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে হিমাংশু প্ৰসাদ দাসে ৷
উল্লেখ্য যে, এই ছবিখনত কেৱল দুটা পাৰ্টীৰ মাজতেই অনুষ্ঠিত হ'ব নিৰ্বাচন । পাৰ্টী দুটা হৈছে বাঁহ পাৰ্টী আৰু বেঙেনা পাৰ্টী । আমাৰ অসমীয়া সমাজত এই শব্দ দুটা কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, সেয়া সকলোৰে অৱগত ৷ হিমাংশু প্ৰসাদ দাসৰ নিৰ্মাণশৈলীত সদায়ে শ্ৰোতা-দৰ্শকে থলুৱা সোৱাদ বিচাৰি পায় ৷ এইখন ছবিৰ ক্ষেত্ৰতো নিশ্চয় তাৰ ব্যতিক্ৰম নহ'ব ৷ সেয়া পিছে সময়েহে ক’ব ৷
ছবিখনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বুধবাৰে গুৱাহাটীৰ নেহৰু পার্কৰ সন্মুখত নিজৰ পাৰ্টীৰ বাবে ভোট বিচাৰিলে সিদ্ধাৰ্থ শৰ্মাই । অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কয়, "২৪ জুলাই তাৰিখে মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাস পৰিচালিত ছবি ‘এক্স ৱাই জেড’ ৷ ছবিখনত মই বেঙেনা পাৰ্টীৰ পৰা নিৰ্বাচন খেলিম । আশা কৰো ছবিখন চাই সকলোৱে ভাল পাব । আমি বেঙেনা পাৰ্টীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ ওচৰ চাপিম । ভিন্ন আঁচনিৰ লগতে বৰলা আৰু প্ৰেমত প্ৰতাৰিতসকলৰ বাবেও আছে বিশেষ আঁচনি । তেওঁলোকৰ বিয়াত ১০৮ বিধ বেঙেনাৰ ব্যঞ্জন আমি খুৱাম ।"
ইফালে ছবিখনৰ সন্দৰ্ভত পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়, "বেঙেনা পাৰ্টীত আছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, ঠিক তেনেদৰে বাঁহ পাৰ্টীত আছে জনপ্ৰিয় অভিনেতা ভবেশ বৰুৱা । ছবিখনত বাঁহ আৰু বেঙেনা পাৰ্টীৰ মাজত যুজঁ হ’ব আৰু এই যুঁজৰ ফলাফল জানিবলৈ আপোনালোক ২৪ জুলাইত ছবিগৃহলৈ আহিব লাগিব ।"
লগতে পঢ়ক : গৰু, বুলু, হিৰো, জয় হনুমেনৰ পাছত এইবাৰ হিমাংশুৰ নতুন অসমীয়া ছবি 'এক্স ৱাই জেড'

