ETV Bharat / entertainment

অজয় দেৱগণক 'বিগ ব্ৰেক' দিয়া পৰিচালক কুকু কোহলীৰ দেহাৱসান

কুকু কোহলীৰ প্ৰয়াণ: 'ফুল ঔৰ কান্তে'ৰ পৰিচালক তথা অৰুণা ইৰানীৰ স্বামীৰ শেষ নিশ্বাস ত্যাগ ৷

Phool Aur Kaante Director Kuku Kohli Dies At 77
পৰিচালক কুকু কোহলী আৰু নাই (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : August 26, 2026 at 7:34 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চলচ্চিত্ৰ জগতৰ পৰা আহিছে এটি দুখৰ খবৰ । চলচ্চিত্ৰ নিৰ্মাতা কুকু কোহলীৰ মৃত্যু ঘটিছে ৷ ৭৭ বছৰ বয়সত হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় পৰিচালকজনৰ । তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ তাতেই হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে তেওঁ ৷

উল্লেখ্য যে, ‘ফুল ঔৰ কান্তে’ ছবিখনৰ জৰিয়তে অজয় ​​দেৱগণক ডাঙৰ ব্ৰেক দিছিল কুকু কোহলীয়ে ।

কুকু কোহলীৰ পত্নী অৰুণা ইৰাণীৰ ভাতৃ বলৰাজ ইৰাণীয়ে তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে । তেওঁ উল্লেখ কৰে যে, কুকু কোহলী কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসা পৰীক্ষাত তেওঁৰ হৃদ যন্ত্ৰত ব্লক দেখা গৈছিল আৰু মঙলবাৰে তেওঁৰ ষ্টেণ্ট অস্ত্ৰোপচাৰ কৰা হৈছিল ।

বৃহস্পতিবাৰে কৰা হ’ব শেষকৃত্য

বলৰাজ ইৰাণীয়ে কয় যে, ষ্টেণ্ট অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছত কুকু কোহলীৰ অৱস্থা ভাললৈ অহা যেন অনুভৱ হৈছিল । অৱশ্যে বুধবাৰে সন্ধিয়া হঠাতে তেওঁৰ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে । তেওঁ উল্লেখ কৰে যে, কুকুৱে সেই সময়ত পৰিয়ালৰ সৈতে কথা পাতি আছিল আৰু তেওঁ হঠাতে ঢলি পৰিছিল । সমগ্ৰ পৰিয়ালটোৰ বাবে আকস্মিকভাৱে অহা এই ক্ষতি বৰ্ণনাতীত ৷

বৃহস্পতিবাৰে মুম্বাইৰ অশিৱাৰা শ্মশানত কুকু কোহলীৰ অন্তিম সংস্কাৰ কৰা হ’ব । তেওঁৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে ৷

কুকু কোহলীৰ বিবাহ হৈছিল প্ৰবীণ অভিনেত্ৰী অৰুণা ইৰাণীৰ সৈতে । অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ কোনো সন্তান নাই; কিন্তু তেওঁৰ পূৰ্বৰ বিবাহৰ পৰা দুগৰাকী কন্যা আছে, নাম পূজা আৰু কৰিশ্মা কোহলী । তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল ৰীতা কোহলী । ব্যক্তিগত জীৱনটোক ব্যক্তিগতভাৱে ৰাখিবলৈ পছন্দ কৰা কুকুৱে মূলতঃ ছবি নিৰ্মাণৰ জৰিয়তেই নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল ।

অজয় দেৱগণক দিছিল বিগ ব্ৰেক

হিন্দী চিনেমা জগতত কুকু কোহলীৰ নাম অজয় ​​দেৱগণৰ কেৰিয়াৰৰ সৈতে বিশেষভাৱে জড়িত । ১৯৯১ চনত তেওঁ ‘ফুল ঔৰ কান্তে’ ছবিখন পৰিচালনা কৰে । এই ছবিখনৰ জৰিয়তেই অজয় ​​দেৱগণে বলীউডত আত্মপ্ৰকাশ কৰে আৰু দৰ্শকৰ মাজত দ্ৰুতগতিত পৰিচিত হৈ পৰে ।

কুকু কোহলীয়ে তেওঁৰ দীৰ্ঘদিনীয়া কেৰিয়াৰত কেইবাখনো উল্লেখনীয় ছবি পৰিচালনা কৰিছিল । ইয়াৰ ভিতৰত ফুল ঔৰ কান্তে, সুহাগ, হাকীকাত, জুলমি, অনাড়ী নং ১ আৰু য়ে দিল আশীকানাৰ কথা উল্লেখ কৰিব পাৰি ।

তেওঁৰ পৰিচালনা কৰা অন্তিমখন ছবি আছিল ‘ৱোহ তেৰা নাম থা’ । প্ৰায় তিনি দশকজোৰা তেওঁৰ চিনেমা যাত্ৰাত কুকু কোহলীয়ে হিন্দী চিনেমাক বহুতো স্মৰণীয় ছবি উপহাৰ দিছিল । তেওঁৰ মৃত্যুৰ লগে লগে উদ্যোগটোৱে এনে এজন চলচ্চিত্ৰ নিৰ্মাতাক হেৰুৱালে, যিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল—বিশেষকৈ নব্বৈৰ দশকৰ চিনেমা আৰু অসংখ্য শিল্পীৰ কেৰিয়াৰ গঢ় দিয়াত ।

লগতে পঢ়ক : ভাৰতৰ প্ৰথম মহিলা মিমিক্ৰী শিল্পী আশা সিং জয়ছোৱাল আৰু নাই