ETV Bharat / entertainment

এই সপ্তাহান্তৰ নতুন OTT মুক্তি: ‘জন নায়গন’ৰ পৰা ‘ৱেলকাম টু দ্য জংগল’লৈকে, চাওক সম্পূৰ্ণ তালিকা

ঘৰতে বহি উপভোগ কৰক এক্সন, কমেডী আৰু ৰোমাঞ্চ! এই সপ্তাহান্তত OTT-ত ষ্ট্ৰীমিং হ’বলগীয়া প্ৰধান চিনেমা আৰু ছিৰিজসমূহ ৷

OTT Releases This Weekend: Jana Nayagan, Welcome To The Jungle & More to Stream
এই সপ্তাহান্তত OTT প্লেটফৰ্মত কি কি নতুন চিনেমা চাব পাৰিব? (Photo: Film Posters)
author img

By ETV Bharat Entertainment Team

Published : August 22, 2026 at 9:42 AM IST

7 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এই সপ্তাহান্তত মনোৰঞ্জনৰ এক সুন্দৰ মিশ্ৰণ লৈ অ’টিটি প্লেটফৰ্মসমূহ সাজু হৈ উঠিছে । এক্সন, ৰোমাঞ্চ, কমেডী আৰু ড্ৰামাপ্ৰেমী দৰ্শকৰ বাবে বহুকেইখন নতুন চিনেমা আৰু জনপ্ৰিয় শ্ব’ ষ্ট্ৰীমিং হ’বলৈ গৈ আছে । প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত আছে জনা নায়গন, ৱেলকাম টু দ্য জংগল, প্যাৰ প্ৰেমা কল্যাণম ইত্যাদি ৷ আপুনি ঘৰতে বহি নিজৰ প্ৰিয় প্লেটফৰ্মত এই সপ্তাহান্তত এই আটাইকেইখন চিনেমা আৰু ছিৰিজ উপভোগ কৰিব পাৰিব ।

ব্লাড ছেক্ৰিফাইচ

  • মুক্তিৰ তাৰিখ: ইতিমধ্যে ষ্ট্ৰীমিং হৈ আছে
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: নেটফ্লিক্স
  • অভিনয়ত: জেকব অফটেব্ৰ’, পিটাৰ এণ্ডাৰছন, ইলেক্ট্ৰা হলমেন, আলেকজেণ্ডাৰ আব্ডাল্লা, হেনৰিক নৰ্লেন

'ব্লাড ছেক্ৰিফাইচ ' নামৰ ক্ৰাইম থ্ৰীলাৰ ছিৰিজটো বৰ্তমান নেটফ্লিক্সত ষ্ট্ৰীমিং হৈ আছে । ষ্টকহোমৰ পটভূমিত নিৰ্মিত এই ছিৰিজটোত এজন ধাৰাবাহিক হত্যাকাৰীক ধৰিবলৈ এজন আৰক্ষী বিষয়া আৰু তেওঁৰ প্ৰাক্তন আৰক্ষী পিতৃয়ে একেলগে তদন্ত চলোৱাৰ কাহিনী দেখুওৱা হৈছে । ছুইডেনৰ ষ্টকহোম চহৰৰ কেতিয়াও শেষ নোহোৱা যেন লগা গৰমৰ দিনবোৰৰ পটভূমিত এই কাহিনীটো গঢ়ি উঠিছে । চহৰখনত এজন অতি নৃশংস ধাৰাবাহিক হত্যাকাৰীৰ আৱিৰ্ভাৱ হৈছে । এই হত্যাকাৰীজনে জৰুৰীকালীন সেৱালৈ ভুৱা ফোন কল কৰি আৰক্ষী বিষয়াসকলক ফান্দত পেলাই আৰু তেওঁলোকক হত্যা কৰে । এই ভয়ংকৰ হত্যাকাণ্ডসমূহৰ তদন্তৰ দায়িত্ব লাভ কৰে প্ৰধান তদন্তকাৰী বিষয়া থমাছ বাৰ্গে । কিন্তু হত্যাকাৰীক ধৰিবলৈ তেওঁ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হয় । তদন্তৰ স্বাৰ্থত থমাছে বাধ্য হৈ হাত মিলাবলগীয়া হয় তেওঁৰ পৰা আঁতৰি থকা, মদাপী আৰু প্ৰাক্তন আৰক্ষী বিষয়া পিতৃ আলফ্ৰেডৰ সৈতে ।

জন নায়গন

  • মুক্তিৰ তাৰিখ: ২১ আগষ্ট
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: ZEE5
  • অভিনয়ত: বিজয়, পূজা হেগড়ে, ববী দেওল, মমিতা বাইজু, প্ৰকাশ ৰাজ, প্ৰিয়মণি, গৌতম বাসুদেৱ মেনন

থালাপটি ভেট্ৰি কোন্দান (অভিনয়ত বিজয়) এজন নিৰ্ভীক প্ৰাক্তন আৰক্ষী বিষয়া । ভেট্ৰিয়ে তেওঁৰ প্ৰয়াত বন্ধুৰ গভীৰ মানসিক আঘাতত ভুগি থকা জীয়েক বিজয়লক্ষ্মী ওৰফে বিজিৰ (অভিনয়ত মমিতা বাইজু) লালন-পালনৰ সম্পূৰ্ণ দায়িত্ব লয় । তেওঁ বিজিক নিজৰ মনৰ ভয়বোৰ জয় কৰাত সহায় কৰে আৰু তাইক ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে । এই যাত্ৰাৰ মাজতে ভেট্ৰি এক ডাঙৰ বিপদৰ সন্মুখীন হয় । তেওঁ জন হিমলাৰ (অভিনয়ত ববী দেওলে) নামৰ এজন অতি নিষ্ঠুৰ আৰু দুৰ্নীতিপৰায়ণ খলনায়কৰ বিৰুদ্ধে এক বিশাল যুঁজত নামিবলগীয়া হয় । খলনায়ক জন হিমলাৰে দেশৰ নিৰাপত্তা আৰু ভাৰতীয় গণতন্ত্ৰৰ বাবে এক ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে, যাৰ বিৰুদ্ধে ভেট্ৰিয়ে যুঁজ দিব লাগিব । এই সমগ্ৰ যুঁজ আৰু ঘটনাক্ৰমৰ মাজত কায়ল (অভিনয়ত পূজা হেগড়ে) নামৰ এগৰাকী সাংবাদিক চৰিত্ৰকো গুৰুত্বপূৰ্ণ ৰূপত দেখুওৱা হৈছে ।

ৱেলকাম টু দ্য জংগল

  • মুক্তিৰ তাৰিখ: ২১ আগষ্ট
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: জিঅ’ হটষ্টাৰ
  • অভিনয়ত: অক্ষয় কুমাৰ, সুনীল শ্বেট্টী, পৰেশ ৰাৱাল, আৰ্শ্বাদ ৱাৰ্ছি, দিশা পাটানী, জেকলিন ফাৰ্ণাণ্ডেজ, ৰবীনা টণ্ডন, লাৰা দত্ত

সিনহা (জাকিৰ হুছেইন) নামৰ এজন চহকী ব্যৱসায়ী আৰু তেওঁৰ সহযোগী ডুবেই (জনী লিভাৰ) লগ হৈ নিজৰ অবৈধ ক’লা ধন লুকুৱাবলৈ এটা বুদ্ধি উলিয়ায় । তেওঁলোকে দেৱ (ৰাজপাল যাদৱ) আৰু দাস (পৰেশ ৰাৱাল) নামৰ দুজন পৰিচালকে নিৰ্মাণ কৰিবলগীয়া এখন একেবাৰে বেয়া আৰু ভুৱা ছবিত ধন বিনিয়োগ কৰে । এই ভুৱা ছবিখনত অভিনয় কৰে জনপ্ৰিয়তা কমি অহা ৰাজীৱ (অক্ষয় কুমাৰ) নামৰ এজন অভিনেতা, সিনহাৰ জীয়েক জেনী (জেকলিন ফাৰ্ণাণ্ডেজ), ৰাজীৱৰ প্ৰাক্তন প্ৰেমিকা নাদিয়া (দিশা পাটানী) আৰু ইয়েডা আন্না (সুনীল শেট্টী) আৰু ৰোমিঅ’ (আৰ্শ্বাদ ৱাৰ্ছী) নামৰ দুজন গুণ্ডাই । চিনেমাৰ শ্বুটিং কৰি থকাৰ মাজতে এই গোটেই দলটো ভুলবশতঃ জাতাৰা (জেকী শ্ৰফ) নামৰ এজন ভয়ংকৰ খলনায়কৰ শাসনত থকা এখন প্ৰকৃত আৰু বিপদজনক গাঁৱত গৈ উপস্থিত হয় । নিজৰ জীৱন বচাবলৈ আৰু গাঁওবাসীক ৰক্ষা কৰিবলৈ এতিয়া এই ভুৱা চিনেমাৰ দলটোৱেই সঁচা জীৱনৰ আচল নায়ক হৈ পৰিবলগীয়া হয় ।

প্যাৰ প্ৰেম কল্যাণম

  • মুক্তিৰ তাৰিখ: ২১ আগষ্ট
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: নেটফ্লিক্স
  • অভিনয়ত: এলান, ছানভে মেঘনা, ৰাধিকা সাৰথকুমাৰ, এম. ভাস্কৰ, যোগী বাবু, গীতা কৈলাশম

পৱী (সানভে মেঘনা) নামৰ এগৰাকী ছ’চিয়েল মিডিয়া ক্ৰিয়েটৰ আৰু ডুবাইৰ পৰা কাম এৰি অহা এলান নামৰ এজন যুৱকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু তেওঁলোকে বিবাহপাশত আৱদ্ধ হয় । সাধাৰণতে বিয়াৰ পিছত ছোৱালী দৰাৰ ঘৰলৈ যায় । কিন্তু ছবিখনত পৱীয়ে নিজৰ মাক-দেউতাক আৰু ককাকক এৰি থৈ যাবলৈ একেবাৰে অস্বীকাৰ কৰে । পত্নীৰ এই সিদ্ধান্তৰ পিছত, এলানে বাধ্য হৈ পৱীৰ মাকৰ (ৰাধিকা শৰৎকুমাৰ) পৰামৰ্শ মতে তেওঁলোকৰ ঘৰলৈকে থাকিবলৈ গুচি আহে । শহুৰেকৰ ঘৰত ভৰি দিয়াৰ পিছৰে পৰা এলানে পৰিয়ালটোৰ মাজত বিভিন্ন ধেমেলীয়া পৰিস্থিতি আৰু খেলিমেলিৰ সন্মুখীন হ’বলগীয়া হয় ।

চেন্নাই লৱ ষ্ট’ৰী

  • মুক্তিৰ তাৰিখ: ২১ আগষ্ট
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: SonyLIV
  • অভিনয়ত: কিৰণ আব্বৱৰাম, শ্ৰী গৌৰী প্ৰিয়া, থ্ৰিগুণ, শিৰিষা হনুমন্ত (শিৰি হনুমন্ত), নবীন নেনী

নিবেদিতা ওৰফে নিভি (শ্ৰী গৌৰী প্ৰিয়া) নামৰ যুৱতীগৰাকীৰ বিয়াৰ দিনাই তেওঁৰ বাগদত্তা অজয়ে (ত্ৰিগুণ) তেওঁক এৰি থৈ গুচি যায় । এই গভীৰ আঘাত সহিব নোৱাৰি নিভি চৰম মানসিক অৱসাদত ভোগে আৰু সুৰাপান কৰিবলৈ আৰম্ভ কৰে । নিজকে চম্ভালিবলৈ নিভি চেন্নাই চহৰলৈ গুচি আহে । তাত তেওঁ ষ্টিফেন শংকৰক (কিৰণ আব্বাভাৰম) লগ পায় । ষ্টিফেন এজন অনাথ আৰু এজন আশাপ্ৰদ চলচ্চিত্ৰ পৰিচালক । ষ্টিফেনে নিভিক মনৰ দুখবোৰ পাহৰি পুনৰ জীৱনত সুখী হ’বলৈ সহায় কৰে । লাহে লাহে নিভি আৰু ষ্টিফেন ইজনে সিজনৰ প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ সিদ্ধান্ত লয় । কিন্তু দুৰ্ভাগ্যবশতঃ বিয়াৰ পূৰ্বেই এক পথ দুৰ্ঘটনাত ষ্টিফেনৰ মৃত্যু হয় । এই ঘটনাই নিভিক পুনৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় । ঠিক তেনে সময়তে কাহিনীলৈ এক নতুন মোৰ আহে আৰু পূৰ্বৰ প্ৰেমিক অজয় পুনৰ নিভিৰ জীৱনলৈ ঘূৰি আহে । আনহাতে, ষ্টিফেনৰ আত্মাই নিভিক জীৱনত আগবাঢ়ি যাবলৈ আৰু পুনৰ সুখ বিচাৰি পাবলৈ অদৃশ্যভাৱে পথ প্ৰদৰ্শন কৰে ।

আউটাৰ বেংকছ ছিজন ৫

  • মুক্তিৰ তাৰিখ: ইতিমধ্যে ষ্ট্ৰীমিং হৈ আছে
  • ষ্ট্ৰীমিং প্লেটফৰ্ম: নেটফ্লিক্স
  • অভিনয়ত: চেজ ষ্ট’কছ, মেডেলিন ক্লাইন, মেডিচন বেইলী, জনাথন ডেভিছ, কাৰ্লাচিয়া গ্ৰাণ্ট, ড্ৰু ষ্টাৰকী

এই অন্তিমটো ছিজনত গভীৰ শোকত ম্ৰিয়মাণ হৈ থকা বন্ধুৰ দলটোৱে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৰু বিপদসংকুল অভিযানৰ সন্মুখীন হৈছে । নিজৰ এজন অতি প্ৰিয় বন্ধুৰ আকস্মিক মৃত্যুত ভাঙি পৰা জন বি (চেজ ষ্ট’কছ), ছাৰা (মেডেলিন ক্লাইন), কিয়াৰা (মেডিচন বেইলী), পোপ (জনাথন ডেভিছ) আৰু ক্লিঅ’ই (কাৰ্লাচিয়া গ্ৰাণ্ট) মিলি 'ব্লু ক্ৰাউন' নামৰ এক মূল্যৱান সম্পদৰ সন্ধানত নামে । ইয়াৰ সমান্তৰালকৈ তেওঁলোকে নিজৰ শত্ৰু চান্দলাৰ গ্ৰফৰ (Chandler Groff) ওপৰত প্ৰতিশোধ ল’বলৈও ব্যাকুল হৈ পৰে । অভিযান সফল কৰিবলৈ তেওঁলোকে অনিচ্ছা সত্ত্বেও ৰাফৰ (ড্ৰু ষ্টাৰকী) সৈতে এক কঠিন মিত্ৰতা স্থাপন কৰিবলগীয়া হয় । অৱশেষত সকলো বাধা-বিপত্তি নেওচি বন্ধুৰ দলটোৱে জীৱনত মানসিক শান্তি, প্ৰচুৰ সোণ আৰু নিজৰ হেৰাই যোৱা পৰিয়ালক বিচাৰি পাবলৈ সক্ষম হয় ।

লগতে পঢ়ক : মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬: ৰাষ্ট্ৰীয় মঞ্চত অসমৰ ঐতিহ্য দাঙি ধৰিলে অংশুলা আৰু পিংকীয়ে