দে দে প্যাৰ দে ২, আখণ্ডা ২, হনিমুন ছে হত্যা - এই উইকেণ্ডত অ’টিটিত কি চাব
এই সপ্তাহৰ শেষৰ ফালে OTT প্লেটফৰ্মত দে দে প্যাৰ দে ২, আখণ্ডা ২, হনিমুন ছে হত্যা আৰু অন্যান্য বহু মনোৰঞ্জনৰ খোৰাক আছে ।

By ETV Bharat Entertainment Team
Published : January 9, 2026 at 5:42 PM IST
হায়দৰাবাদ: উইকেণ্ড আহি পালেহি ৷ ইতিমধ্যে সকলো নিজৰ নিজৰ প্লেন লৈ সাজু হৈছে ৷ উইকেণ্ডৰ লগে লগে আহিছে শীৰ্ষ অ’টিটি প্লেটফৰ্মসমূহত নতুন নতুন ধাৰাবাহিক আৰু চিনেমাৰ জুটি ।
শেহতীয়া মুক্তিৰ তথ্য জানিবলৈ এই লেখাটো পঢ়ক ৷ আগ্ৰহী দৰ্শকৰ বাবে ভিন্ন ধাৰাৰ বহুত পছন্দৰ বিকল্প আছে - ৰোমাণ্টিক কমেডীৰ পৰা বাস্তৱ জীৱনৰ অপৰাধলৈকে সকলোবোৰ চাব পাৰিব ।
এই সপ্তাহৰ মুক্তিৰ ছবিসমূহৰ ভিতৰত আছে দে দে প্যাৰ দে ২, আখণ্ডা ২: থাণ্ডাৱম, দ্য পিট ছিজন ২ আৰু বহুতো । ইয়াত Netflix, Prime Video, SonyLIV আৰু ZEE5 ত উপলব্ধ এই সপ্তাহৰ শেহতীয়া মুক্তিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ।
De De Pyaar De 2
উপলব্ধ: নেটফ্লিক্স
মুক্তিৰ তাৰিখ: ৯ জানুৱাৰী
অভিনয়: অজয় দেৱগণ, আৰ মাধৱন, ৰকুল প্ৰীত সিং, গৌতমী কাপুৰ
অংশুল শৰ্মাৰ পৰিচালনাত নিৰ্মিত দে দে প্যাৰ দে ২ এখন ৰোমাণ্টিক কমেডী ছবি ৷ ৫১ বছৰীয়া আশীষ নামৰ এজন ব্যক্তিয়ে প্ৰেমিকা আইশা, যি তেওঁতকৈ বহু সৰু, তেওঁৰ পৰিয়ালৰ পৰা অনুমোদন ল’বলৈ চেষ্টা কৰে ৷ তাতেই বহু ঘটনা ঘটে ৷
বিপদ তেতিয়া আৰম্ভ হয় যেতিয়া আইশাৰ মাক-দেউতাকে আশীষৰ প্ৰকৃত বয়স আবিষ্কাৰ কৰে আৰু সম্পৰ্কটোৰ তীব্ৰ বিৰোধিতা কৰে । বিচ্ছেদ ঘটাবলৈ আইশাৰ দেউতাকে গোপনে তাইৰ শৈশৱৰ বন্ধু আদিত্যৰ সহায় লয় ।
Akhanda 2: Thaandavam
উপলব্ধ: নেটফ্লিক্স
মুক্তিৰ তাৰিখ: ৯ জানুৱাৰী
অভিনয়: নন্দমুৰি বালকৃষ্ণ, সম্যক মেনন, আধি পিনিছেট্টী, হৰ্ষালী মালহোত্ৰা
আখণ্ডা ২: থান্দৱম ২০২৫ চনৰ ভাৰতীয় তেলুগু ভাষাৰ ফেণ্টাচি একশ্যন থ্ৰীলাৰ ছবি, য’ত আখণ্ডা উভতি অহাৰ দৃশ্য দেখুওৱা হৈছে যেতিয়া ভাৰত নতুন বিপদৰ সন্মুখীন হয় । ভাৰতীয় সেনাৰ হাতত পৰাস্ত হোৱাৰ পিছত শত্ৰুপক্ষই মহা কুম্ভ মেলাৰ সময়ত মাৰাত্মক ভাইৰাছ ব্যৱহাৰ কৰি ভাৰতত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে ।
জননী নামৰ এগৰাকী বিজ্ঞানীয়ে জীৱন ৰক্ষাকাৰী ভেকচিন তৈয়াৰ কৰে, কিন্তু এজন দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীয়ে তাৰ অপব্যৱহাৰ কৰি তেওঁৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে । আখণ্ডাই জননীক ৰক্ষা কৰিবলৈ দেখা দিয়ে আৰু অশুভ শক্তিক পৰাস্ত কৰি, আক্ৰমণ বন্ধ কৰে । মানৱ শত্ৰু আৰু অন্ধকাৰ শক্তি দুয়োটাৰে বিৰুদ্ধে যুঁজি তেওঁ জাতিটোক ৰক্ষা কৰে আৰু শক্তি, বিশ্বাস আৰু ঐক্যৰ জৰিয়তে শান্তি পুনৰুদ্ধাৰ কৰে ।
বয়াপতি শ্ৰীণুৰ ৰচনা আৰু পৰিচালনা এই ছবিখনত নন্দমুৰি বালকৃষ্ণই দ্বৈত চৰিত্ৰত অভিনয় কৰিছে আৰু ই ২০২১ চনৰ আখণ্ডা ছবিৰ ছিকুৱেল ।
Honeymoon Se Hatya
উপলব্ধ: ZEE5
মুক্তিৰ তাৰিখ: ৯ জানুৱাৰী
অভিনয়: অনুৰেখা ভগত, সুস্মিতা
ক্ৰাইম ডকু-ছিৰিজ, হনিমুন ছে হত্যাই বাস্তৱ জীৱনৰ গোচৰসমূহৰ ওপৰত গভীৰ দৃষ্টি নিক্ষেপ কৰিছে, য’ত পত্নীসকলে নিজৰ স্বামীক হত্যা কৰিছিল । চাঞ্চল্যকৰ শিৰোনামৰ উৰ্ধত ই বৃহত্তৰ প্ৰশ্নটো অন্বেষণ কৰে, "মহিলাই কিয় হত্যা কৰে?"
এই ডকু-ছিৰিজত মেঘালয়ৰ সোণম ৰাজা ৰঘুবংশী গোচৰ, মীৰুটৰ ব্লু ড্ৰাম গোচৰ, ভীৱানী ইনফ্লুয়েন্সাৰ গোচৰ, নলাসোপাৰা টাইল (মুম্বাই টাইল) গোচৰ, দিল্লী ইলেক্ট্ৰিক শ্বক গোচৰকে ধৰি কেইবাটাও আচৰিত গোচৰ পুনৰ বিবেচনা কৰা হৈছে ।
Mask
উপলব্ধ: ZEE5
মুক্তিৰ তাৰিখ: ৯ জানুৱাৰী
অভিনয়: কেভিন, আন্দ্ৰেয়া জেৰমিয়া, অৰ্চনা চান্দোকে, চাৰ্ল, নেলছন দিলীপকুমাৰ
অভিষেক ঘটোৱা বিকৰ্ণন অশোকৰ দ্বাৰা লিখিত আৰু পৰিচালিত মাস্ক হৈছে তামিল ভাষাৰ একশ্যন থ্ৰীলাৰ ছবি, য’ত ভেলু নামৰ এজন লোভী ব্যক্তিগত গুপ্তচৰে নিজৰ ক্লায়েণ্টক প্ৰতাৰণা কৰে । আনহাতে ভূমি, যিয়ে শিশুৰ বাবে এন জি অ’ চলাই, কিন্তু গোপনে অবৈধ কাম কৰে ।
যেতিয়া এজন দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদে নিজৰ ক’লা ধন ভূমিৰ লগত লুকুৱাই ৰাখে আৰু সেয়া এটা মুখা পিন্ধা গেঙে চুৰি কৰে, তেতিয়া তাই ভেলুক সেই ধন উদ্ধাৰ কৰিবলৈ বাধ্য কৰে । ভেলুৱে গেংটোক লৈ অভিযান আৰম্ভ কৰাৰ লগে লগে তেওঁলোকৰ উদ্দেশ্য আৰু ভূমিৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আচৰিত ধৰণৰ সত্যবোৰ প্ৰকাশ পায়, যিয়ে সকলো সলনি কৰি দিয়ে । দ্য শ্ব’ মাষ্ট গ’ অন আৰু ব্লেক মাদ্ৰাজ ফিল্মছৰ যৌথ প্ৰযোজনা এই ছবিখন ।
The Pitt Season 2
উপলব্ধ: এইচ বি অ' মেক্স
মুক্তিৰ তাৰিখ: বৰ্তমান উপলব্ধ হৈ আছে
অভিনয়: নোয়া ৱাইল, কেথেৰিন লানাছা, শ্বাউন হাট’ছি, পেট্ৰিক বল, চেপিডেহ মোৱাফি, লেটিচিয়া হ’লাৰ্ড
দ্য পিট হৈছে আৰ স্কট গেমিলৰ দ্বাৰা নিৰ্মিত আৰু জন ওৱেলছ আৰু নোয়া ৱাইলে কাৰ্যবাহী প্ৰযোজনা কৰা এখন আমেৰিকান মেডিকেল প্ৰচিডিউৰেল ড্ৰামা ছিৰিজ । ছিজন ১ৰ দহ মাহৰ পিছত নিৰ্মিত দ্য পিট ছিজন ২ত পিটচবাৰ্গ ট্ৰমা মেডিকেল চেণ্টাৰৰ চিকিৎসক আৰু নাৰ্ছসকলক অনুসৰণ কৰা হয় ।
ডাঃ মাইকেল "ৰবি" ৰবিনাভিচৰ নেতৃত্বত, জুলাই মাহৰ চতুৰ্থ সপ্তাহৰ ব্যস্ততাপূৰ্ণ সপ্তাহৰ শেষৰ ফালে দলটোৱে কঠিন চিকিৎসাজনিত গোচৰ আৰু ব্যক্তিগত সংগ্ৰামৰ সৈতে মোকাবিলা কৰে ।
Freedom At Midnight Season 2
উপলব্ধ: SonyLIV
মুক্তিৰ তাৰিখ: ৯ জানুৱাৰী
অভিনয়: চিৰাগ ভোহৰা, সিদ্ধান্ত গুপ্তা, ৰাজেন্দ্ৰ চাওলা, লুক মেকগিবনী
নিখিল আদৱানীয়ে সৃষ্টি কৰা ফ্ৰিডম এট মিডনাইট ছিজন ২ ত ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছৰ কঠিন সময়ছোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । বিভাজনৰ যন্ত্ৰণা, শৰণাৰ্থী সংকট আৰু নতুন জাতি গঢ়ি তোলাৰ সময়ত সন্মুখীন হোৱা কঠিন প্ৰত্যাহ্বানসমূহ এই ধাৰাবাহিকখনে দেখুৱাইছে ।
ইয়াৰ উপৰিও নেহৰু আৰু গান্ধীৰ দৰে নেতাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰক উজ্জ্বল কৰি তোলা হৈছে, তেওঁলোকৰ ব্যক্তিগত সংগ্ৰাম আৰু ৰাজনৈতিক সিদ্ধান্তই দেশখনক কেনেদৰে গঢ় দিছিল তাক দেখুওৱা হৈছে ।
The Night Manager Season 2
উপলব্ধ: আমাজন প্ৰাইম ভিডিঅ'
মুক্তিৰ তাৰিখ: ১১ জানুৱাৰী
অভিনয়: টম হিডলষ্টন, অলিভিয়া কলমেন, এলিষ্টাৰ পেট্ৰি, মাইকেল নাৰ্ডন
ডেভিড ফাৰে সৃষ্টি কৰা দ্য নাইট মেনেজাৰ ছিজন ২ ত কায়ৰোৰ এখন হোটেলত নাইট মেনেজাৰ হিচাপে ঘূৰি আহিছে জনাথন পাইন । এখন দেশৰ ক্ষতি কৰিব পৰা পৰিকল্পনা বন্ধ কৰাৰ বাবে তেওঁক টানি অনা হয় এক বিপজ্জনক অভিযানত আৰু গোপনে অবৈধ অস্ত্ৰ ব্যৱসায়ত প্ৰৱেশ কৰোৱা হয় । নতুন ছিজনে বহুতো একশ্যন, ছাচপেন্স আৰু অপ্ৰত্যাশিত টুইষ্টৰ প্ৰতিশ্ৰুতি দিছে যিয়ে দৰ্শকক আকৰ্ষিত কৰি ৰাখিব ।
লগতে পঢ়ক : অস্কাৰ ২০২৬ : শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন লাভ ঋষভ শ্বেট্টী-অনুপম খেৰৰ ছবিৰ

