ETV Bharat / entertainment

অস্কাৰ ২০২৬: শ্ৰেষ্ঠ ছবি ‘ৱান বেটেল আফটাৰ এনাডাৰ’, মাইকেল বি. জৰ্ডানলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

'ৱান বেটেল আফটাৰ এনাডাৰ' শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হোৱাৰ লগতে মাইকেল বি. জৰ্ডানে শ্ৰেষ্ঠ অভিনেতা আৰু জেছি বাকলেইয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ।

Oscars 2026 Winners List  Best Picture 'One Battle After Another' Michael B. Jordan's historic win
অস্কাৰ ২০২৬-ৰ সম্পূৰ্ণ ফলাফল (Photo : Getty/Poster)
author img

By ETV Bharat Entertainment Team

Published : March 16, 2026 at 12:28 PM IST

|

Updated : March 16, 2026 at 1:02 PM IST

11 Min Read
Choose ETV Bharat

হায়দৰাবাদঃ ২০২৬ চনৰ ৯৮ সংখ্যক অস্কাৰ বঁটা (একাডেমী বঁটা) লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত হৈ যায় । এই প্ৰতিবেদনত পঢ়ক অস্কাৰত ভাৰতীয়ৰ সংযোগ আৰু আন সকলো ঐতিহাসিক মুহূৰ্তৰ বিষয়ে ।

মুখ্য বিজয়ীসকলঃ

শ্ৰেষ্ঠ ছবি: 'ৱান বেটেল আফটাৰ এনাডাৰ' (One Battle After Another)

শ্ৰেষ্ঠ অভিনেতা: মাইকেল বি. জৰ্ডান (Michael B. Jordan)

শ্ৰেষ্ঠ অভিনেত্ৰী: জেছী বাকলেই (Jessie Buckley)

ভাৰতৰ বাবে বিশেষ মুহূৰ্ত

এইবাৰ অস্কাৰৰ মঞ্চত বঁটা প্ৰদানকাৰী (ঘোষিকা) হিচাপে উপস্থিত থাকে ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ । ভাৰতীয় মূলৰ আমেৰিকান পৰিচালক গীতা গান্ধবীৰে এইবাৰ একেলগে দুটাকৈ বিভাগত (শ্ৰেষ্ঠ তথ্যচিত্ৰ আৰু শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ) মনোনয়ন লাভ কৰি অভিলেখ সৃষ্টি কৰে । অৱশ্যে দুয়োটা বিভাগতে তেওঁ বিজয়ী হ’বলৈ সক্ষম নহ’ল । বিশ্ব চিনেমাৰ এই আটাইতকৈ সন্মানীয় অনুষ্ঠানটোত হলীউডৰ তাৰকাসকলৰ লগতে ভাৰতীয় প্ৰতিভায়ো বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

পৰিচালক ৰায়ান কুগলাৰৰ ভেম্পায়াৰ ড্ৰামা 'চিনাৰ্ছ' (Sinners) সৰ্বাধিক ১৬ টা মনোনয়নেৰে দৌৰত আগবাঢ়ি আছিল । বিশেষকৈ 'ছেগ এৱাৰ্ডছ'ত (SAG Awards) শ্ৰেষ্ঠ ছবিৰ সন্মান পোৱাৰ পিছত এই ছবিখনৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পায় ।

শ্ৰেষ্ঠ অভিনেতাৰ যুঁজ

মাইকেল বি. জৰ্ডানে (Michael B. Jordan) 'চিনাৰ্ছ' ছবিত তেওঁৰ দ্বৈত চৰিত্ৰৰ (dual act) বাবে কেৰিয়াৰৰ প্ৰথমটো শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে । তেওঁ 'মাৰ্টী ছুপ্ৰীম' (Marty Supreme) ছবিৰ অভিনেতা টিমোথী চেলামেটক (Timothée Chalamet) পৰাস্ত কৰি এই খিতাপ দখল কৰে । এই বিভাগত আন যিসকল শক্তিশালী অভিনেতাৰ নাম আছিল, তেওঁলোক হ’ল: লিয়নাৰ্ডো ডিকাপ্ৰিঅ' (One Battle After Another), ইথান হক (Blue Moon) আৰু ৱাগ্নাৰ মৌৰা (The Secret Agent)।

মুঠৰ ওপৰত, এইবাৰৰ অস্কাৰত 'চিনাৰ্ছ' আৰু 'ৱান বেটেল আফটাৰ আনাডাৰ ' ছবি দুখনৰ মাজত তীব্ৰ যুঁজ দেখিবলৈ পোৱা গ'ল ।

২০২৬ চনৰ অস্কাৰ বঁটাত কেইবাটাও ঐতিহাসিক অভিলেখ পৰিলক্ষিত হয় । সেইসমূহৰ বিৱৰণ তলত দিয়া হ’ল:

ঐতিহাসিক সফলতা

অটাম ডুৰাল্ড আৰ্কাপাউ (Autumn Durald Arkapaw): তেওঁ 'চিনাৰ্ছ' (Sinners) ছবিখনৰ বাবে শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী (Best Cinematography) বঁটা লাভ কৰে । এই সন্মান লাভ কৰা তেওঁ হ’ল পৃথিৱীৰ প্ৰথমগৰাকী অশ্বেতাংগ মহিলা ।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতান

জেছী বাকলেই (Jessie Buckley): মেগী অ’ফেৰেলৰ উপন্যাসৰ আধাৰত নিৰ্মিত 'হেমনেট' (Hamnet) ছবিত শ্বেইক্সপীয়েৰৰ পত্নী 'এগনেছ'ৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে । এই সন্মান লাভ কৰা জেছি বাকলেই হ’ল প্ৰথমগৰাকী আইৰিছ (Irish) অভিনেত্ৰী।

তেওঁ এই দৌৰত এমা ষ্টোন (Bugonia), কেট হাডছন (Song Sung Blue), ৰোজ বাৰ্ন (If I Had Legs I’d Kick You) আৰু ৰেনেট ৰেইনছভেৰ (Sentimental Value) দৰে শক্তিশালী অভিনেত্ৰীক চেৰ পেলাই এই সফলতা অৰ্জন কৰে । অস্কাৰৰ ইতিহাসত এইবাৰ মহিলা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাৰ জয়জয়কাৰ দেখিবলৈ পোৱা গৈছে ।

২০২৬ চনৰ অস্কাৰ বঁটা অনুষ্ঠানৰ আন কিছুমান উল্লেখনীয় বিজয় আৰু অভিলেখৰ তালিকা তলত দিয়া হ’ল

'ৱান বেটেল আফটাৰ এনাডাৰ 'ৰ চমকপ্ৰদ সফলতা

সৰ্বাধিক মনোনয়ন (১৬ টা) 'চিনাৰ্ছ'ৰ হাতত আছিল যদিও, আটাইতকৈ বেছি বঁটা লাভ কৰিবলৈ সক্ষম হয় 'ৱান বেটেল আফটাৰ এনাডাৰ ' (One Battle After Another) ছবিখনে । ১৩ টা মনোনয়নৰ ভিতৰত এই ছবিখনে মুঠ ৬ টা বঁটা লাভ কৰি এইবৰ্ষৰ শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হয় । পাল থমাছ এণ্ডাৰচনে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

ছবিখনে লাভ কৰা আন বঁটাসমূহ হ’ল: শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ সহ-অভিনেতা (শ্বন পেন), শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ কাষ্টিং (Casting) ।

বিশেষভাৱে উল্লেখনীয় যে, অস্কাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা 'শ্ৰেষ্ঠ কাস্টিং' বঁটাটো লাভ কৰে কাছান্দ্ৰা কুলুকুন্দিছে ।

এমি মেডুগানৰ ঐতিহাসিক জয়

৭৫ বছৰীয়া অভিনেত্ৰী এমি মেডুগানে 'ৱেপনছ' (Weapons) নামৰ হৰৰ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে । প্ৰথম মনোনয়নৰ ৪০ বছৰৰ পাছত তেওঁ এই সফলতা অৰ্জন কৰে ।

প্ৰখ্যাত কমেডিয়ান কোনান অ’ব্ৰায়েনে একেলেথাৰিয়ে দ্বিতীয় বছৰৰ বাবে এই অনুষ্ঠানটো পৰিচালনা (Host) কৰে ।

অস্কাৰ ২০২৬ ৰ শীৰ্ষত থকা ছবি

ছবি বিজয়ীমনোনয়ন
ৱান বেটেল আফটাৰ এনাডাৰ১৩
ছিনাৰ্ছ১৬
ফ্ৰেংকেইষ্টেইন
কে-পপ ডেমন হাণ্টাৰ

শ্ৰেষ্ঠ ছবি

  • ৱান বেটেল আফটাৰ এনাডাৰ (WINNER)
  • বুগোনিয়া
  • মাৰ্টী ছুপ্ৰীম
  • চিনাৰ্ছ
  • এফ1 (F1)
  • ফ্ৰেংকেইষ্টেইন
  • ছেণ্টিমেণ্টেল ভেল্যু
  • হেমনেট
  • ট্ৰেইন ড্ৰীমছ
  • ছিক্ৰেট এজেণ্ট

সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী

  • জেছী বাকলেই - হেমনেট (বিজয়ী)
  • এম্মা ষ্টোন - বুগোনিয়া
  • ৰ'জ বাৰ্ণ - ইফ আই হেড লেগছ আই’ড কিক ইউ
  • ৰেনাটে ৰেইনছভে - ছেণ্টিমেণ্টেল ভেল্যু
  • কেট হাডছন - ছং ছাং ব্লু

সৰ্বশ্ৰেষ্ঠ অভিনেতা

  • মাইকেল বি. জৰ্ডান - ছিনাৰ্ছ (বিজয়ী)
  • ৱেগনাৰ মুৰা - দ্য ছিক্ৰেট এজেণ্ট
  • টিমোথী চালামে --মাৰ্টী ছুপ্ৰীম
  • ইথান হাউক - ব্লু মুন
  • লিয়নাৰ্ডো ডিকাপ্ৰিঅ' - ওৱান বেটেল আফটাৰ আনাডাৰ

শ্ৰেষ্ঠ পৰিচালক

  • ৱান বেটেল আফটাৰ এনাডাৰ - পল থ'মাছ এণ্ডাৰছন (জয়ী)
  • হেমনেট - ক্লোৱে জাও
  • ছেণ্টিমেণ্টেল ভেল্যু - জোৱাকিম ট্ৰিয়েৰ
  • চিনাৰ্ছ - ৰায়ান কুগলাৰ
  • মাৰ্টী ছুপ্ৰীম - জোশ ছাফডিয়ে

অৰিজিনেল গীত

  • গোল্ডেন - কেপপ ডিম'ন হাণ্টাৰ্ছ (বিজয়ী)
  • সুইট ড্ৰীম্ছ অফ জয় - ভিভা ভেৰ্ডি!
  • ডিয়াৰ মি - ডায়েন ৱাৰেন: ৰিলেণ্টলেছ
  • আই লাইড টু ইউ - চিনাৰ্ছ
  • ট্ৰেইন ড্ৰীমছ - ট্ৰেইন ড্ৰীমছ

আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্য চলচ্চিত্ৰ

  • ছেণ্টিমেণ্টেল ভেল্যু - নৰৱে
  • ছিৰাট - স্পেইন
  • দ্য ছিক্ৰেট এজেণ্ট - ব্ৰাজিল
  • দ্য ভয়েছ অফ হিন্দ ৰাজাব - তিউনিচি
  • ইট ৱাজ জাষ্ট এ্যন এক্সিডেণ্ট - ফ্ৰান্স

চিনেমাট’গ্ৰাফী

  • চিনাৰ্ছ - অটাম ডুৰল্ড আৰ্কাপাৱ (বিজেতা)
  • মাৰ্টী ছুপ্ৰীম - ডেৰিয়াছ খন্দজি
  • ফ্ৰাংকেনষ্টেইন - দান লাউষ্টেন
  • ট্ৰেইন ড্ৰীমছ - এডলফো ভেল'ছ'
  • ওৱান বেটেল আফটাৰ আনাডাৰ - মাইকেল বাউমেন

চলচিত্ৰ সম্পাদনা

  • ৱান বেটেল আফটাৰ এনাডাৰ - এণ্ডি জাৰ্গেন্সেন (বিজেতা)
  • চিনাৰ্ছ - মাইকেল পি. শ’ভাৰ
  • মাৰ্টী ছুপ্ৰীম - ৰনাল্ড ব্রনষ্টেইন আৰু জশ ছাফডিয়ে
  • এফ 1 - ষ্টিফেন মিৰিয়ন
  • ছেণ্টিমেণ্টেল ভেল্যু - অলিভিয়ে বুগে কৌত্টে

শব্দ

  • F1 (বিজয়ী)
  • ছিৰাট
  • ৱান বেটেল আফটাৰ এনাডাৰ
  • ফ্ৰেংকেইষ্টেইন
  • চিনাৰ্ছ

অৰিজিনেল স্ক'ৰ

  • চিনাৰ্ছ - লুডৱিগ গোৰানচন (বিজয়ী)
  • বুগোনিয়া - জাৰস্কিন ফেনড্ৰিক্স
  • ফ্ৰাংকেনষ্টেইন - আলেক্সাণ্ড্রে দেসপ্লাট
  • হেমনেট - মেক্স ৰিচাৰ্ড
  • ৱান বেটেল আফটাৰ আনাডাৰ - জোনি গ্ৰীনৱুড

ডকুমেণ্টাৰী ফিচাৰ ফিল্ম

  • মিষ্টাৰ নবডি এগেইনষ্ট পুটিন (বিজয়ী)
  • কাটিং থ্ৰু ৰকছ
  • দ্য আলাবামা ছলিউশ্বন
  • কাম চী মি ইন দ্য গুড লাইট
  • দ্য পাৰফেক্ট নেবাৰ

তথ্যচিত্ৰ চুটি ছবি

  • অল দ্য এম্প্টি ৰূমছ (নেটফ্লিক্স) জছুআ ছেফ্টেল আৰু কনল জোনছ (বিজয়ী)
  • পাৰফেক্টলি এ ষ্ট্ৰেঞ্জনেছ (দ্বিতীয় দৃষ্টিৰ ছবি) এলিছন মেকআলপাইন
  • চিলড্ৰেন ন' মৰ: ৱেৰ এণ্ড আৰ গ'ন (স্কাই) হিলা মেডালিয়া আৰু শ্বিলা নেভিন্স
  • আৰ্মড অনলি উইথ এ কেমেৰা: দ্য লাইফ এণ্ড ডেথ অফ ব্ৰেণ্ট ৰেন'ড (এইচ বি অ') ক্ৰেগ ৰেন'ড আৰু জুয়ান আৰেডণ্ডো
  • দ্য ডেভিল ইজ বিজি (এইচ বি অ’) ক্ৰীষ্টালিন হেম্পটন আৰু গীতা গাণ্ডভিৰ

শ্ৰেষ্ঠ দৃশ্যগত প্ৰভাৱ (Best Visual Effects)

  • অৱতাৰ: ফায়াৰ এণ্ড এচ- জো লেটেৰী, ৰিচাৰ্ড বেনেহাম, এৰিক চাইনডন আৰু ডেনিয়েল বেৰেট (বিজয়ী)
  • এফ ১ — ৰায়ান টাডহোপ, নিকোলাছ চেভালিয়াৰ, ৰবাৰ্ট হেৰিংটন আৰু কিথ ডাউচন
  • জুৰাচিক ৱৰ্ল্ড ৰিবাৰ্থ — ডেভিড ভিকৰী, ষ্টিফেন এপলিন, চাৰমেইন চান আৰু নীল কৰবোল্ড
  • দ্য লষ্ট বাছ — চাৰ্লি নোভেল, ডেভিদ জাৰেটি, ৰাছেল বভেন আৰু ব্ৰেণ্ডন কে. মেকলিন
  • চিনাৰ্ছ (Sinners) — মাইকেল ৰালা, এস্পেন নৰ্ডাল, গুইডো ৱল্টাৰ আৰু ডনি ডিন

শ্ৰেষ্ঠ প্ৰডাকশ্বন ডিজাইন

  • ফ্ৰাংকেনষ্টাইন — প্ৰডাকশ্বন ডিজাইন: টামাৰা ডিভেৰেল; ছেট ডেক’ৰেশ্বন: শ্বেন ভিয়াউ (বিজয়ী)
  • চিনাৰ্ছ — প্ৰডাকশ্বন ডিজাইন: হান্নাহ বিচলাৰ; ছেট ডেক’ৰেশ্বন: মনিক চেম্পেইন
  • মাৰ্টী ছুপ্ৰীম — প্ৰডাকশ্বন ডিজাইন: জেক ফিচ; ছেট ডেক’ৰেশ্বন: এডাম উইলিছ
  • হেমনেট — প্ৰডাকশ্বন ডিজাইন: ফিওনা ক্ৰম্বি; ছেট ডেক’ৰেশ্বন: এলিচ ফেল্টন
  • ওৱান বেটেল আফটাৰ আনাডাৰ — প্ৰডাকশ্বন ডিজাইন: ফ্লৰেন্সিয়া মাৰ্টিন; ছেট ডেক’ৰেশ্বন: এন্থনী কাৰ্লিনো

শ্ৰেষ্ঠ লাইভ-এক্সন চুটি ছবি

যুটীয়াভাৱে বিজয়ী

  • দ্য ছিংগাৰ্ছ
  • টু পিপল এক্সচেঞ্জিং ছেলাইভা

অন্যান্য মনোনীত চুটি ছবিসমূহ

  • বুচাৰ্ছ ষ্টেইন
  • এ ফ্ৰেণ্ড অফ ডৰোথী
  • জেন অষ্টিনছ পিৰিয়ড ড্ৰামা

শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য

  • চিনাৰ্ছ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ ; লেখক: ৰায়ান কুগলাৰ(বিজয়ী)
  • ব্লু মুন — ছনী পিকচাৰ্ছ ক্লাচিকছ; লেখক: ৰবাৰ্ট কাপলো
  • ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট — নিয়ন; লেখক: জাফৰ পানাহী; চিত্ৰনাট্য সহযোগী – নাদৰ চাইভাৰ, চাদমেহৰ ৰাস্তিন, মেহদী মাহমুডিয়ান
  • মাৰ্টী ছুপ্ৰীম — এ২৪ (A24); লেখক: ৰোনাল্ড ব্ৰনষ্টাইন আৰু জচ চাফডি
  • ছেণ্টিমেণ্টেল ভেল্যু — নিয়ন (Neon); লেখক: এস্কিল ভক্ট আৰু জোয়াচিম ট্ৰিয়াৰ

শ্ৰেষ্ঠ ৰূপান্তৰিত চিত্ৰনাট্য

  • ওৱান বেটেল আফটাৰ আনাডাৰ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ ; লেখক: পল থমাছ এণ্ডাৰছন (বিজয়ী)
  • বুগোনিয়া — ফকাচ ফীচাৰ্ছ ; লেখক: উইল ট্ৰেচি
  • ফ্ৰাংকেনষ্টাইন — নেটফ্লিক্স ; লেখক: গুইলাৰমো ডেল ট'ৰো
  • হেমনেট — ফকাচ ফীচাৰ্ছ; লেখক: ক্ল’ই ঝাও আৰু মেগী অ’ফেৰেল
  • ট্ৰেইন ড্ৰীমছ — নেটফ্লিক্স ; লেখক: ক্লিণ্ট বেণ্টলী আৰু গ্ৰেগ কুইডাৰ

শ্ৰেষ্ঠ সহযোগী অভিনেতা

  • শ্বন পেন (Sean Penn) — ছবি: ওৱান বেটেল আফটাৰ আনাডাৰ (বিজয়ী)
  • বেনিচিঅ' ডেল ট'ৰো — ছবি: ওৱান বেটেল আফটাৰ আনাডাৰ
  • জেকব এলৰ্ডি — ছবি: ফ্ৰাংকেনষ্টাইন
  • ডেলৰয় লিণ্ডো — ছবি: চিনাৰ্ছ
  • ষ্টেলান স্কাৰ্ছগাৰ্ড — ছবি: ছেণ্টিমেণ্টেল ভেল্যু

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং

  • ফ্ৰাংকেনষ্টেইন — নেটফ্লিক্স ; মেকআপ আৰু কেশসজ্জা: মাইক হিল, জৰ্ডান চিমুৱেল আৰু ক্লিওনা ফুৰী (বিজয়ী)
  • কোকুহো — জি-কিডছ; মেকআপ আৰু কেশসজ্জা: কিয়োকো টয়োকাৱা, নাওমি হিবিনো আৰু টাডাচি নিচিমাত্ছু
  • চিনাৰ্ছ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ; মেকআপ আৰু কেশসজ্জা: কেন ডিয়াজ, মাইক ফণ্টেইন আৰু শুনিকা টেৰী
  • দ্য স্মেচিং মেচিন — এ২৪ (A24); মেকআপ আৰু কেশসজ্জা: কাজু হিৰো, গ্লেন গ্ৰিফিন আৰু বিজৰ্ণ ৰহবেইন
  • দ্য আগলী ষ্টেপচিষ্টাৰ — ইণ্ডিপেণ্ডেণ্ট ফিল্ম কোম্পানী/শ্বাডাৰ; মেকআপ আৰু কেশসজ্জা: থমাছ ফ’ল্ডবাৰ্গ আৰু এন কেথৰিন চাউৰবাৰ্গ

শ্ৰেষ্ঠ কাষ্টিং

  • ৱান বেটেল আফটাৰ এনাডাৰ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ; কাষ্টিং ডাইৰেক্টৰ: কাছান্দ্ৰা কুলুকুন্দিছ ( বিজয়ী:)
  • হেমনেট — ফকাচ ফীচাৰ্ছ; কাষ্টিং ডাইৰেক্টৰ: নিনা গল্ড
  • মাৰ্টী ছুপ্ৰীম — এ২৪ (A24); কাষ্টিং ডাইৰেক্টৰ: জেনিফাৰ ভেনডিটি
  • দ্য ছিক্ৰেট এজেণ্ট — নিয়ন; কাষ্টিং ডাইৰেক্টৰ: গেব্ৰিয়েল ডমিংগুৱেছ
  • চিনাৰ্ছ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ; কাষ্টিং ডাইৰেক্টৰ: ফ্ৰান্সিছ মেইছলাৰ

শ্ৰেষ্ঠ পোছাক সজ্জা

  • ফ্ৰাংকেনষ্টেইন— নেটফ্লিক্স; ডিজাইনাৰ: কেট হউলী (বিজয়ী)
  • অৱতাৰ: ফায়াৰ এণ্ড এছ — ৱাল্ট ডিজনি; ডিজাইনাৰ: ডেবোৰাহ এল. স্কট
  • হেমনেট — ফকাচ ফীচাৰ্ছ; ডিজাইনাৰ: মালগোচিয়া টুৰ্জান্স্কা
  • মাৰ্টী ছুপ্ৰীম— এ-২৪ (A24); ডিজাইনাৰ: মিয়াকো বেলিজি
  • চিনাৰ্ছ — ৱাৰ্নাৰ ব্ৰাডাৰ্ছ ; ডিজাইনাৰ: ৰুথ ই. কাৰ্টাৰ

শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি

  • দ্য গাৰ্ল হু ক্ৰাইড পাৰ্লছ — নেশ্যনেল ফিল্ম ব’ৰ্ড অফ কানাডা; খ্ৰীষ্ট ফাৰ লেভিছ আৰু মেচিয়েক স্ছেৰবস্কি (বিজয়ী)
  • বাটাৰফ্লাই — চেক্ৰেবলু প্ৰডাকশ্বন; ফ্লৰেন্স মিয়াইহে আৰু ৰন ডাইনছ
  • ফৰএভাৰগ্ৰীন — নাথান এঞ্জেলহাৰ্ড আৰু জেৰেমী স্পিয়াৰ্ছ
  • ৰিটায়াৰমেণ্ট প্লেন — জন কেলী আৰু এণ্ড্ৰিউ ফ্ৰীডমেন
  • দ্য থ্ৰী চিষ্টাৰ্ছ — পলিডণ্ট ফিল্মছ/ৰাইমানকো ভেঞ্চাৰ্ছ; কনষ্টাণ্টিন ব্ৰঞ্জিট

শ্ৰেষ্ঠ এনিমেটেড কাহিনী চিত্ৰ

  • কে-পপ ডিমন হাণ্টাৰ্ছ— নেটফ্লিক্স; নিৰ্মাতা: মেগী কাং, ক্ৰিছ এপেলহান্স আৰু মিচেল এল.এম. ৱাং(বিজয়ী)
  • আৰ্ক’ — নিয়ন; নিৰ্মাতা: উগো বিয়েনভেনু, ফেলিক্স ডি গিভ্ৰী, ছফি মাছ আৰু নাটালি পৰ্টমেন
  • এলিঅ’ — ৱাল্ট ডিজনি; নিৰ্মাতা: মেডেলিন শ্বাৰাফিয়ান, ডমি শ্বি, এড্ৰিয়ান মলিনা আৰু মেৰী এলিচ ড্ৰাম
  • লিটল এমেলী অৰ দ্য কেৰেক্টাৰ অফ ৰেইন — জি-কিডছ; নিৰ্মাতা: মাইলিছ ভেলেড, লিয়ান-চো হান, নিডিয়া চেণ্টিয়াগো আৰু হেনৰী মেগালন
  • জুটোপিয়া ২ — ৱাল্ট ডিজনি ; নিৰ্মাতা: জেৰেড বুছ, বাইৰন হাৱাৰ্ড আৰু ইভেট মেৰিনো

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী

  • এমি মেডিগান — ছবি: ৱেপনছ (বিজয়ী)
  • এল ফেনিঙ — ছবি: ছেণ্টিমেণ্টেল ভেল্যু
  • ইংগা ইবছডটাৰ লিলেয়াছ — ছবি: ছেণ্টিমেণ্টেল ভেল্যু
  • ৱুনমি মোচাকু — ছবি: চিনাৰ্ছ
  • টেয়ানা টেলৰ — ছবি: ওৱান বেটেল আফটাৰ আনাডাৰ

লগতে পঢ়ক : অস্কাৰ ২০২৬ ৰ কাউণ্ট ডাউন আৰম্ভ: ক’ত কেনেকৈ চাব পাৰিব অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান, জানি লওক সবিশেষ

Last Updated : March 16, 2026 at 1:02 PM IST