ETV Bharat / entertainment

অস্কাৰ ২০২৬ : শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন লাভ ঋষভ শ্বেট্টী-অনুপম খেৰৰ ছবিৰ

ভাৰতীয় চিনেমা জগতৰ বাবে এক ডাঙৰ খবৰ । ঋষভ শ্বেট্টী আৰু অনুপম খেৰৰ ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব অস্কাৰ ২০২৬ত ৷

Oscars 2026 rishab shetty Kantara: Chapter 1 and Anupam Kher Tanvi The Great qualified for Best Picture category
ঋষভ শ্বেট্টী-অনুপম খেৰৰ ছবি (Photo : Film Posters)
author img

By ETV Bharat Entertainment Team

Published : January 9, 2026 at 12:30 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় চিনেমাই অস্কাৰ লাভ কৰাৰ ক্ষেত্ৰত লাহে লাহে অগ্ৰগতি লাভ কৰিছে । ৯৮ সংখ্যক একাডেমী বঁটাৰ কাউণ্টডাউন আৰম্ভ হৈছে । হোমবাউণ্ডৰ লগতে আৰু দুখন ভাৰতীয় ছবিয়ে অস্কাৰৰ দৌৰত প্ৰৱেশ কৰিছে । এফালে ঋষভ শ্বেট্টীৰ ছবি আৰু আনফালে অনুপম খেৰৰ প্ৰথম পৰিচালিত ছবি ।

কান্তাৰা: এ লিজেণ্ড-চেপ্টাৰ ১ এ ভাৰতীয় বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিলে । এই কাহিনীয়ে দৰ্শকক মুগ্ধ কৰিছিল । ছবিখনত ঋষভ শ্বেট্টীয়ে অভিনেতা আৰু পৰিচালক হিচাপে সকলোৰে অন্তৰ জিনে ।

আনহাতে, অভিনেতা অনুপম খেৰে দৰ্শকক উপহাৰ দিয়ে তনভী দ্য গ্ৰেট । পৰিচালক হিচাপে অভিনেতাগৰাকীৰ এয়া প্ৰথম খোজ আৰু প্ৰথমখন ছবিয়েই অস্কাৰৰ মনোনয়ন দৌৰত প্ৰৱেশ কৰিলে ।

এই দুখন ভাৰতীয় ছবিয়ে ৯৮ সংখ্যক অস্কাৰত ২০১ খন বৈশিষ্ট্যপূৰ্ণ ছবিৰ তালিকাত স্থান লাভ কৰিছে । ইয়াৰ পৰাই পৰৱৰ্তী ভোটদানৰ জৰিয়তে ক্ৰমান্বয়ে ছবিসমূহ মূল প্ৰতিযোগিতাৰ ওচৰ চাপিব । হোমবাউণ্ডৰ পিছত এই খবৰে অনুৰাগীসকলক সুখী কৰি তুলিছে ৷

খবৰ অনুসৰি, একাডেমী অফ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সে প্ৰকাশ কৰিছে ২০১ খন যোগ্য ছবিৰ তালিকা যিয়ে পোনপটীয়াকৈ সন্মানীয় শ্ৰেষ্ঠ ছবিৰ দৌৰত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰিছে । একাডেমীৰ তথ্য অনুসৰি এই দুখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বাবে সকলো চৰ্ত পূৰণ কৰিছে ।

প্ৰকাশ পাইছে যে ছবিসমূহে ২০২৫ চনত প্ৰাৰম্ভিক মুক্তিৰ ৪৫ দিনৰ ভিতৰত চাৰিটা একাডেমী অন্তৰ্ভুক্তি মাপকাঠীৰ ভিতৰত কমেও দুটা মাপকাঠী পূৰণ কৰিব লাগিব আৰু আমেৰিকাৰ শীৰ্ষ ৫০খন বজাৰৰ ভিতৰত ১০টা যোগ্য থিয়েটাৰত মুক্তি সম্পূৰ্ণ কৰিব লাগিব । সকলো চৰ্ত পূৰণ কৰি ‘কান্তাৰা’ৰ প্ৰিক্যুৱেল আৰু ‘তনভী দ্য গ্ৰেট’ দুয়োখন ছবিয়েই গোলকীয় মঞ্চত সম্ভাৱ্য প্ৰতিদ্বন্দ্বী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । ২২ জানুৱাৰীত ঘোষণা কৰা হ’ব চূড়ান্ত একাডেমী বঁটাৰ মনোনয়ন ।

হোম্বালে ফিল্মছৰ দ্বাৰা নিৰ্মিত ‘কান্তাৰা: চেপ্টাৰ ১’ তুলুনাডুৰ দৈৱ পূজাৰ উৎপত্তিৰ ওপৰত আধাৰিত, যাৰ শিপা চতুৰ্থ শতিকাৰ কদম্ব বংশৰ পৰাই আৰম্ভ হৈছে । ঋষভ শ্বেট্টীয়ে কান্তাৰা বনাঞ্চল আৰু ইয়াৰ জনজাতীয় সমাজৰ ৰক্ষক বৰমাৰ চৰিত্ৰত অভিনয় কৰিছে ।

আনহাতে অনুপম খেৰৰ পৰিচালনাত নিৰ্মিত ‘তনভী দ্য গ্ৰেট’ ছবিখনত শুভাংগীয়ে মুখ্য চৰিত্ৰ তনভী ৰাইনা হিচাপে অভিনয় কৰিছে । ছবিখনত মুখ্য বিষয়বস্তু হৈছে অটিজিম আৰু ভাৰতীয় সেনা ।

লগতে পঢ়ক : ভাৰতৰ অস্কাৰ এণ্ট্ৰি ‘হোমবাউণ্ড’ একাডেমী বঁটা ২০২৬ত পৰৱৰ্তী ভোটিং ৰাউণ্ডলৈ আগবাঢ়িছে