অস্কাৰ ২০২৬: দৌৰত পিছ পৰি ৰ’ল হোমবাউণ্ড
চূড়ান্ত মনোনয়ন লাভত ব্যৰ্থ হ'ল বহু প্ৰত্যাশিত ছবিখন ৷

By ETV Bharat Entertainment Team
Published : January 22, 2026 at 7:28 PM IST
হায়দৰাবাদ : ২২ জানুৱাৰী বৃহস্পতিবাৰে ৯৮ সংখ্যক একাডেমী বঁটাৰ চূড়ান্ত মনোনয়ন ঘোষণা কৰা হয় ৷ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে ই এক উত্তেজনাময় পৰিৱেশ । অৱশ্যে ভাৰতৰ বাবে এই ঘোষণা মনোৰঞ্জনদায়ক নহ’ল ৷ হতাশ আজি হোমবাউণ্ডৰ টীমৰ লগতে ভাৰতবাসী । অস্কাৰ ২০২৬ৰ বাবে ভাৰতৰ পৰা আনুষ্ঠানিক প্ৰৱেশ লাভ কৰা হোমবাউণ্ড ছবিখনে চূড়ান্ত মনোনয়ন তালিকাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ।
নীৰজ ঘায়ৱানৰ পৰিচালনা আৰু কৰণ জোহৰৰ প্ৰযোজনাৰে হোমবাউণ্ডে ভাৰতৰ অফিচিয়েল এণ্ট্ৰি লাভ কৰা ছবি হিচাপে নিৰ্বাচিত হৈছিল আৰু শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল । বহু ভাৰতীয় দৰ্শকে ছবিখনে ফাইনেল ফাইভত স্থান লাভ কৰিব বুলি আশা কৰিছিল যদিও এই যাত্ৰাৰ অন্ত পৰিল শ্বৰ্টলিষ্ট পৰ্যায়ত ।

আকৌ এবাৰ দেশবাসীৰ সপোন ভাঙি গ’ল । ৯৮ সংখ্যক অস্কাৰত শীৰ্ষ ৫ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ‘হোমবাউণ্ড’ এ । চিনেমাপ্ৰেমীসকলে আশা পুহি ৰাখিছিল নীৰজ ঘায়ৱানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক লৈ । আশা কৰা হৈছিল যে ভাৰতীয় চিনেমাই প্ৰতিটো মঞ্চৰ মাজেৰে পাৰ হৈ অস্কাৰত এইবাৰ বিজয়ী যাত্ৰা পূৰ্ণ কৰিব । কিন্তু সেই আশা পূৰণ নহ’ল । আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত ‘হোমবাউণ্ড’ এ শীৰ্ষ ৫ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে ।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ অস্কাৰৰ বাবে মনোনয়ন তালিকাত আছিল ‘লাপাতা লেডীজ’ আৰু ‘সন্তোষ’ । কিন্তু কিৰণ ৰাওৰ ছবিখন প্রথম ৰাউণ্ডৰ ভোটদানত প্রতিযোগিতাৰ পৰা বাহিৰ হয় ৷
আন্তৰ্জাতিক বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত কোনখন পাঁচখন ছবিয়ে স্থান লাভ কৰিছিল চাওঁ আহক-
- দ্য ছিক্ৰেট এজেণ্ট (ব্ৰাজিল)
- ইট ওৱাজ জাষ্ট এন এক্সিডেণ্ট (ফ্ৰান্স)
- ছেণ্টিমেণ্টেল ভেল্যু (নৰ্ৱে)
- ছিৰাট (স্পেইন)
- দ্য ভইচ অফ হিন্দ ৰাজাব (টিউনিছিয়া)
অস্কাৰত ভাৰতীয় চিনেমাৰ দীৰ্ঘ ইতিহাস :
গান্ধী (১৯৮২): সাজ-পোচাকৰ ডিজাইনৰ বাবে অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় ভানু আথাইয়া।
লগান (২০০১): শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে মনোনীত । ‘মাদাৰ ইণ্ডিয়া’ আৰু ‘ছালাম বম্বে’ৰ পাছত অস্কাৰৰ বাবে মনোনীত হোৱা এইখন তৃতীয়খন ভাৰতীয় ছবি ।
শ্লামডগ মিলিয়নাৰ (২০০৮): যদিও ই এখন ব্ৰিটিছ ছবি, ভাৰতীয় চিনেমাৰ ইতিহাসত ভাৰতীয় শিল্পী আৰু ইয়াৰ লগত জড়িত পটভূমিৰ বাবে ই এক বৃহৎ কৃতিত্ব, একাধিক অস্কাৰ বঁটা লাভ কৰে ।
'জয় হো' ২০০৯: গীতিকাৰ গুলজাৰে এ.আৰ.ৰহমানৰ সৈতে 'জয় হো' গীতটিৰ গীতিকাৰ হিচাপে যৌথভাৱে বঁটা লাভ কৰে ।
২০২৩ চনত ‘নাটু নাটু’ গীতটিয়ে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ বঁটা লাভ কৰে ।
২০২৩ চনতে দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ (The Elephant Whisperers) এ শ্ৰেষ্ঠ চুটি তথ্যচিত্র শাখাত বঁটা লাভ কৰে ।
Going global with this year's nominees for International Feature Film. #Oscars pic.twitter.com/NaKlw64YgR
— The Academy (@TheAcademy) January 22, 2026
ভাৰতীয় চিনেমা পুনৰবাৰ অস্কাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল । এই সন্দৰ্ভত ই টিভি ভাৰতে ভাৰতীয় ফিল্ম ফেডাৰেশ্যনৰ সভাপতি ফিৰদৌচুল হাছানৰ সৈতে যোগাযোগ কৰে । তেওঁ কয়, "আমাৰ জুৰীৰ সদস্যসকলে 'হোমবাউণ্ড' পঠিয়াইছিল । তেওঁলোকে অনুভৱ কৰিছিল যে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ এইখনেই শ্ৰেষ্ঠ ছবি । তাত থকা জুৰীয়েও একে সিদ্ধান্ত লৈছে । ভাৰতীয় ছবি এখন আগবাঢ়ি যোৱা হ'লে ভাল আছিল ।"
তেওঁ আৰু কয়, "মই যিটো উদ্যোগৰ অন্তৰ্গত, মোৰ দেশক প্ৰতিনিধিত্ব কৰা ছবিখন বাছনি কৰা হ'লে ভাল আছিল । কিন্তু, কিয় নাপালে, কি ত্ৰুটি আছিল সেয়া কোৱাটো অতি কঠিন । ইয়াৰ উপৰিও হয়তো আমাক অতিক্ৰম কৰা ছবিসমূহ হোমবাউণ্ডতকৈ ভাল । সেইসমূহ নিশ্চিতভাৱে ভাল । সেইবাবেই জুৰীয়ে সেইসমূহ মনোনীত কৰে । আমি জুৰীৰ সিদ্ধান্তক সন্মান কৰা উচিত । এখন ছবিৰ বাবে কোনো পেৰামিটাৰ নাই । ইয়াৰ কোনো মাপকাঠী নাই আমি চেষ্টা কৰিলোঁ কিন্তু বিফল হ'লোঁ ।”
‘হোমবাউণ্ড’ চিনেমাখনৰ কাহিনীটো দুজন বন্ধুৰ যাত্ৰাক কেন্দ্ৰ কৰি ঘূৰি থাকে । শ্বোৱেইব (ঈশান খট্টৰ) আৰু চন্দনে (বিশাল জেথৱা) দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ আৰক্ষী বিষয়া হোৱাৰ সপোন দেখে । কিন্তু তেওঁলোকৰ বন্ধুত্বৰ পৰীক্ষা পদে পদে ৷ জাতি, ধৰ্ম আৰু জীয়াই থকাৰ অদম্য যুঁজখন খেলি থাকে দুয়োৱে । ক’ভিড মহামাৰীৰ সময়ৰ উত্তৰ ভাৰতৰ এখন গাঁৱৰ এই দুই বন্ধুৰ কাহিনীয়ে ইতিমধ্যে বহুতে প্ৰশংসা বুটলিছে । এই চিনেমাখনত জাহ্নৱীয়ে সুধা ভাৰতীৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁৰ নিজৰ সংগ্ৰাম আছে । সামাজিক অন্যায় আৰু বৈষম্যৰ কাহিনী এই চিনেমাখনৰ প্ৰতিটো স্তৰতে লুকাই আছে । হোমবাউণ্ড প্ৰযোজনা কৰিছে কৰণ জোহৰ, আদাৰ পুনাৱাল্লা আৰু অপূৰ্ব মেহতাই ।
লগতে পঢ়ক : ব্ৰিটিছ কাৰাগাৰত ঢোল বজোৱা প্ৰতিভা দেখি বৃটিছ বিষয়াই মুক্তি দিছিল এগৰাকী ওজাক

