ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অভিনৱ ধৰণে সন্মান জনাবলৈ সাজু অসম চৰকাৰ
জুবিন গাৰ্গৰ জন্মদিনত ৰক্তদানৰ জৰিয়তে জুবিন গাৰ্গক সন্মান জনাব চৰকাৰে । শিল্পীগৰাকীৰ ৫৩ সংখ্যক ওপজা দিনত ৰাজ্যৰ ৫৩টা স্থানত অনুষ্ঠিত কৰা হ’ব ৰক্তদান শিবিৰ ।

By ETV Bharat Entertainment Team
Published : November 14, 2025 at 11:29 AM IST
|Updated : November 14, 2025 at 12:24 PM IST
গুৱাহাটী : ‘১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজন কৰা হ’ব ৰক্তদান শিবিৰ । ৫৩ সংখ্যক জন্মদিনত ৫৩ টা স্থানত অনুষ্ঠিত কৰা হ’ব ৰক্তদান শিবিৰ’- মুখ্যমন্ত্ৰীৰ সংবাদমেল ৷
সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জুবিন গাৰ্গৰ ওপজা দিনটোত বিজেপিৰ লগতে মিত্ৰজোঁটৰ সদস্যসকলক ৰাজ্যজুৰি ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে । আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই কামত চৰকাৰে সমৰ্থন কৰাৰ লগতে নিজৰ নিজৰ জিলাত মন্ত্ৰীসকল থাকিব আৰু এই ৰক্তদান শিবিৰ সফল কৰাত সহযোগ কৰিব । মইও এই শিবিৰত সহযোগিতা কৰিম । তেওঁৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ৫৩ টা স্থানত এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ’ব । এই ক্ষেত্ৰত স্বাস্থ্য বিভাগক দায়িত্ব দিয়া হৈছে ।”
আনহাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰিসৰতকৈ ডাঙৰ নহয় জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পৰিসৰ, এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “ভাৰত ৰত্নগৰাকীতকৈ যদি আমি ওপৰত যাওঁ পিছত সমাজে আমাক সমালোচনা কৰিব । ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দুয়োজনকে আমি সমানে ৰাখিব লাগিব, কোনো বেছি নহয়, কোনো কম নহয় । ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত ৬.৫ বিঘা মাটি দিয়া আছে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ১০ বিঘা মাটি প্ৰদান কৰিছোঁ । দুয়োগৰাকী আমাৰ হিয়াৰ আমঠু, দুয়োগৰাকীকে আমি এটা পৰ্যায়ত ৰাখিম । বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো । পৰিসৰ বৃদ্ধিৰ দাবীতো থাকিবই, কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব, এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব ।”
জুবিন ক্ষেত্ৰৰ সমীপত মন্ত্ৰী অশোক সিংহলৰ মাটি থকা প্ৰসংগত প্ৰশ্ন কৰাত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহলক লৈ আনিলে । অশোক সিংহলৰ মাটি আছে, অশোক সিংহলৰ ইচ্ছ্যু উলিয়াওক, তাত জুবিনৰ নামটো কিয় ব্যৱহাৰ কৰিছে । অশোক সিংহলৰ মাটি আছে যদি অশোক সিংহলৰ কথা ক'ব লাগে জুবিনক বিতৰ্কত আনিব নালাগে ।”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি তেজেৰে জুবিন গাৰ্গক সন্মান জনাব খুজিছোঁ । ১৮ তাৰিখে মইও ৰক্তদান কৰিম । জুবিনক সন্মান তেজেৰে আমি দিম । কংগ্ৰেছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যেনেকৈ বনাব লাগিছিল, তেনেকৈ নবনালে, জুবিনৰ সমাধি সুন্দৰকৈ হ’ব লাগে । এই ক্ষেত্ৰত মই সম্পূৰ্ণ স্বাধীনতা দিছোঁ, আপোনালোকে যি ধৰণে মোক ড্রইং কৰি দিয়ে মই সেই ধৰণে কৰি দিম । জুবিনে জাতিটোক যিমান দি থৈ গৈছে, আমি তেওঁক ঘূৰাই দিব নোৱাৰিম । গতিকে যি ধৰণে আমি পাৰো তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগিব । মাত্ৰ জুবিনক লৈ অশোক সিংহলৰ গাত কাঁড় মাৰিব নালাগে । জুবিন মোৰ আটাইতকৈ ভাল বন্ধু আছিল, জুবিনৰ লগত মোৰ সম্পর্ক আটাইতকৈ বেছি ভাল আছিল ।”
লগতে পঢ়ক : জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য: এটা ব্য়তিক্ৰমী অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত

