প্ৰাণৰ শিল্পীক দুগ্ধস্নান, অগপই বুক কৰিলে এটা দৰ্শনীৰ সকলো টিকট
অসমীয়া যুৱ মঞ্চই জুবিনৰ প'ষ্টাৰত ঢালিলে গাখীৰ । মুক্তিৰ দিনাই অগপ দলৰ মন্ত্ৰী, বিধায়কে চাব ছবিখন । ছবিখন চাবলৈ অগপ দলৰ বুকিং ।

Published : October 30, 2025 at 9:40 PM IST
গুৱাহাটী: ৰাজেশ ভূঞাৰ পৰিচালনাৰে কাইলৈ অৰ্থাৎ শুকুৰবাৰে মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'ৰ ট্ৰেইলাৰ মুকলি কৰা পাছৰে পৰা ছবিগৃহত টিকট সংগ্ৰহ কৰিবলৈ ভিৰ কৰিছে দৰ্শকে । ছবিখনৰ অন্তিম দিনটোও নহ'ল ইয়াৰ ব্যতিক্ৰম । ইয়াৰ মাজতে বৃহস্পতিবাৰে অসমীয়া ছবিখনৰ শুভমুক্তি লাভৰ প্ৰাকক্ষণত অসমীয়া যুৱ মঞ্চৰ এক বিশেষ অনুষ্ঠান ।
গুৱাহাটীৰ নাৰেংগী এল জি টাৱাৰৰত থকা গ'ল্ড ছবিগৃহৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা প্ৰতিজনে জুবিনৰ প্ৰতিছব্বিৰ সন্মুখত প্ৰথমে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত জুবিনৰ প্ৰতিছব্বিত ঢালিলে গাখীৰ । ইয়াৰ পিছতে আঁঠুকাঢ়ি সেৱা জনাই, সকলোৱে একেলগে জুবিনৰ "মায়াবিনী ৰাতিৰ বুকুত " গীতটি গাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায় । অসমীয়া যুৱ মঞ্চৰ এই বিশেষ কাৰ্যসূচীত সহযোগ কৰিলে নাৰেংগীৰ স্থানীয় ৰাইজে ।
অনুষ্ঠানৰ শেষত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা আকাশ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়,"প্ৰথমে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ । ৰৈ ৰৈ বিনালে ছবিখনৰ টেক্স ফ্ৰী কৰি দিয়াৰ সিদ্ধান্তৰ বাবে । মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ যে অসমৰ সকলো দৰিদ্ৰ লোকে বোলছবি চাব পৰাকৈ পাঁচ লাখ টিকট ফ্ৰী কৰি দিয়ক, মুখ্যমন্ত্ৰী মহোদয়ালৈ এয়া আমাৰ আহ্বান । আজি জুবিনৰ প'ষ্টাৰত গাখীৰ ঢালিছোঁ, কিন্তু প'ষ্টাৰৰ পৰিৱৰ্তে সঁচাকৈয়ে তেওঁৰ গাত গাখীৰ ঢালিব পাৰিলোহেঁতেন তেন্তে ভাল লাগিল হয় । ঘটনাত জড়িত কালপ্ৰীত কেইজনক শাস্তি দিয়ক আৰু জুবিনদাই ন্যায় পাওঁক ।"

ইপিনে জুবিন গাৰ্গৰ অসমীয়া ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ প্ৰাকক্ষণত অসমৰ অইন ছবিগৃহৰ সমান্তৰালকৈ নাৰেংগীৰ গ'ল্ড ছবিগৃহত টিকট মুকলি কৰা দিনটোৰে পৰা হাজাৰ হাজাৰ দৰ্শকে অনলাইনঅফলাইন প্ৰক্ৰিয়াৰে টিকট সংগ্ৰহ কৰি মুক্তিৰ দিনটোলৈ অপেক্ষা কৰিছে । অহা ২০ দিনলৈকে নাৰেংগীৰ গ'ল্ড চিনেমা হলত টিকট পোৱা নাযাব বুলি উল্লেখ কৰে ছবিগৃহৰ দুই স্বত্বাধিকাৰী ললিত দাস আৰু গণেশ দাসে । কেইবাদিনলৈকে টিকট নোপোৱাত দৰ্শক এতিয়া নাৰেংগীৰ গ'ল্ড ছবিগৃহৰ পৰা উভতি যাবলগীয়া হৈছে ।

ইপিনে, 'ৰৈ ৰৈ বিনালে' ছবিখন চাবলৈ অগপ দলে নাৰেংগীৰ গ'ল্ড চিনেমা হলৰ দিনৰ ১০:৩০ বজাৰ দৰ্শনী সম্পূৰ্ণভাৱে বুক কৰি দিয়ে বুলি ছবিগৃহৰ দুই স্বত্বাধিকাৰী ললিত দাস আৰু গণেশ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । শুকুৰবাৰে দিনৰ ১০:৩০ বজাৰ দৰ্শনীত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, সাংসদ, বিধায়ককে ধৰি ২১৮ জন নেতা-কৰ্মীয়ে 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিব বুলি হলৰ কর্তৃপক্ষই জানিবলৈ দিয়ে । ৰৈ ৰৈ বিনালে ছবিখন শান্তিপূৰ্ণভাৱে উপভোগ কৰিবলৈ হলৰ কর্তৃপক্ষই দৰ্শকসকলক আহ্বান জনাইছে ।

