ETV Bharat / entertainment

কৰ্কট আৰোগ্য ৱাৰ্ডৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ জ্যোতিৰ্ময়ীৰ যাত্ৰা

ইণ্ডিয়ান আইডলৰ শীৰ্ষ ১৬ত স্থান লাভ কৰ্কট ৰোগীৰ মিউজিক থেৰাপিষ্ট জ্যোতিৰ্ময়ী নায়কৰ ।

Jyotirmayee Nayak
কৰ্কট আৰোগ্য ৱাৰ্ডৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ জ্যোতিৰ্ময়ীৰ যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 2:53 PM IST

6 Min Read
Choose ETV Bharat

ভুৱনেশ্বৰ : সংগীতৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলৰ অডিচনত উজলিছে এগৰাকী বিশেষ প্ৰতিযোগী । তেওঁ হৈছে ওড়িশাৰ জ্যোতিৰ্ময়ী নায়ক । জ্যোতিৰ্ময়ী আজি দেশজুৰি চৰ্চিত এক নাম । কাৰণ তেওঁ কেৱল কণ্ঠশিল্পীয়ে নহয় কৰ্কট ৰোগীৰ মুখৰ হাঁহি আনোতা । স্থানীয় স্বাস্থ্য কেন্দ্ৰৰ কেন্সাৰ আৰোগ্য ৱাৰ্ডত কৰ্কট ৰোগীসকলৰ চিকিৎসা কৰে জ্যোতিৰ্ময়ী নায়কে । আচলতে ২৪ বছৰীয়া জ্যোতিৰ্ময়ী এগৰাকী মিউজিক থেৰাপিষ্ট । তেওঁৰ গীত শুনিয়ে বহু কৰ্কট ৰোগীয়ে দুখ, কষ্ট পাহৰি প্ৰাণ খুলি হাঁহে । তেওঁৰ কণ্ঠত ৰোগীয়ে জীয়াই থকাৰ শক্তি পায় ।

বৰ্তমান মুম্বাইত অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলৰ অডিচনত অংশগ্ৰহণ কৰি তেওঁ কয়, "মই কৰ্কট ৰোগীৰ বাবে সাহসৰ উৎস হ'ব বিচাৰো । মোৰ কণ্ঠই কেৱল শান্ত কৰাই নহয়, সুস্থ কৰিও লাগিব । মোৰ বাবে সংগীত কেৱল এটা কলা নহয়, ই এনে এক সেৱা যিয়ে মানুহক পুনৰ হাঁহিবলৈ বাধ্য কৰাব পৰা ক্ষমতা আছে ।" ইতিমধ্যে শীৰ্ষ ১৬ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান দখল কৰিছে জ্যোতিৰ্ময়ী নায়কে ।

প্ৰথম ৰাউণ্ডৰ অডিচনৰ সময়তে জ্যোতিৰ্ময়ীয়ে তেওঁৰ পেছাদাৰী দায়িত্বৰ কথা কয় আৰু সেই কথা শুনি বিচাৰক ক্ৰমে বিশাল, শ্ৰেয়া ঘোষাল আৰু বাদশ্বাহ আৱেগিক হৈ পৰে ।

Jyotirmayee Nayak
ওড়িশাৰ জ্যোতিৰ্ময়ী নায়ক (ETV Bharat)

যদিও বৰ্তমান সময়ত ওডিশাত শ্ৰোতাৰ মাজত চিনাকি নাম, জ্যোতিৰ্ময়ীয়ে সৰ্বাধিক সন্তুষ্টি লাভ কৰে চিকিৎসালয়ৰ ৱাৰ্ডত । যেতিয়া তেওঁৰ ভজন বা ছবিৰ জনপ্ৰিয় গীতৰ বাবে একাংশ ৰোগী অপেক্ষা কৰি থাকে । ভক্তিমূলক গীত, ওড়িশা সংগীত জগতৰ বাবে গীত আজি ৰেকৰ্ডিং কৰিছে যদিও ৰোগীৰ পছন্দ অনুসৰি চিকিৎসালয়ত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে ।

তেওঁ কয়, "যেতিয়া মই ৰোগীৰ হাতত ধৰি তেওঁলোকৰ বাবে গান গাওঁ, তেতিয়া তেওঁলোকৰ আৱেগ অনুভৱ কৰো । মই এইটোও অনুভৱ কৰো যে গীত শুনি তেওঁলোকৰ বিষ কমি যায়, কাৰণ তেওঁলোকে হাঁহি উঠে আৰু কিছুমানে আনন্দতে কান্দি উঠে । কাৰণ তেওঁলোকৰ শৰীৰৰ পৰা ড'পামিন আৰু চেৰ'টনিনৰ দৰে হৰম'ন নিৰ্গত হয় । সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ উপলব্ধি আৰু পাৰিতোষিক । ই মোকো সাহস দিয়ে ।"

মিউজিক থেৰাপীৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ তেওঁ কিমান আগ্ৰহী আছিল সেই কথাও প্ৰকাশ কৰে । জ্যোতিৰ্ময়ীয়ে কৈছে, "মিউজিক থেৰাপী শব্দটোৱে মোক আকৰ্ষিত কৰিছিল আৰু মই চেন্নাই স্কুল অৱ মিউজিক থেৰাপীত নামভৰ্তি কৰিছিলো, ২০২৩ চনত পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিছিলোঁ । মই এখন ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ইন্টাৰনিং হিচাপে কাম কৰিছিলো য'ত মোৰ কাম আছিল মিউজিক থেৰাপীৰ জৰিয়তে প্ৰশমনমূলক চিকিৎসা দিয়া । ই সঁচাকৈয়ে ভাল কাম আছিল আৰু ৰোগীসকলক সুস্থ হোৱা দেখি মোক অপৰিসীম সুখ দিছিল ।"

Jyotirmayee Nayak
মিউজিক থেৰাপিষ্ট জ্যোতিৰ্ময়ীৰ সংগীত যাত্ৰা (ETV Bharat)

যিসকলক শান্তিৰ অধিক প্ৰয়োজন তেওঁলোকৰ বাবে শান্তি আনিবলৈ সংকল্পবদ্ধ হৈ জ্যোতিৰ্ময়ীয়ে কষ্ট আৰু হতাশাৰ মাজেৰে পাৰ হৈ যোৱা বহুতকে সান্ত্বনা দিবলৈ আৰম্ভ কৰিলে । তেওঁৰ সংগীতে তেওঁলোকক সেইখিনি দিছিল যিটো ঔষধে কৰিব নোৱাৰে । যাক আৱেগিক নিৰাময় বুলি কোৱা হয় ।

জ্যোতিৰ্ময়ীয়ে কয়, "কৰ্কট ৰোগীয়ে গীত শুনিলে তেওঁলোকৰ মন শান্ত হৈ পৰে । তেওঁলোকৰ হৃদস্পন্দন লেহেমীয়া হয়, সহজে উশাহ-নিশাহ ল'ব পাৰে । ই তেওঁলোকক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ।

তেওঁৰ এগৰাকী ৰোগীয়ে কয়, "তেওঁৰ সংগীতক শ্ৰেষ্ঠ ঔষধ যেন লাগে । মোৰ মনটোক শান্ত কৰে আৰু আশাৰে ভৰাই তোলে । প্ৰতিটো অধিৱেশনৰ পিছত মই অনুভৱ কৰোঁ যে মই চিকিৎসাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে যুঁজিব পাৰিম ।"

জ্যোতিৰ্ময়ীৰ এই চিকিৎসাৰ পদ্ধতিক বিজ্ঞানেও সমৰ্থন কৰে । মিউজিক থেৰাপীয়ে সঁচাকৈয়ে আচৰিত কাম কৰে । ই মনৰ উদ্বেগ হ্ৰাস কৰিব পাৰে, বিষ কম কৰিব পাৰে, ৰোগীৰ সামগ্ৰিক সুস্থতা উন্নত কৰিব পাৰে । গীতৰ জৰিয়তে তেওঁ গভীৰভাৱে মানৱীয় স্তৰত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে, আশা আগবঢ়ায় য'ত সাধাৰণতে হতাশাই একমাত্ৰ আৱেগ ।

চক্ৰধৰ আৰু গৌৰী নায়কৰ কন্যা জ্যোতিৰ্ময়ীয়ে ভুৱনেশ্বৰৰ পলাছুনী অঞ্চলত ডাঙৰ-দীঘল হৈছিল । সংগীতৰ প্ৰতি তেওঁৰ আকৰ্ষণ শিক্ষাৰ আৰম্ভণিতে দেখা গৈছিল । চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁ সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল । হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল । তেওঁৰ পিতৃ-মাতৃয়েও সমৰ্থন কৰিছিল ।

ইয়াৰ পূৰ্বে জ্যোতিৰ্ময়ীয়ে দুবাৰকৈ ইণ্ডিয়ান আইডলত অডিচন দিছিল । এবাৰ সপ্তম আৰু পুনৰ দশম শ্ৰেণীত । দুয়োবাৰেই তেওঁ বিফল হৈছিল যদিও সেইটোৱে তেওঁৰ সংগীতৰ প্ৰতি মনোভাৱ হ্ৰাস কৰা নাছিল । এইবাৰ সেই অধ্যৱসায়ৰ ফল লাভ কৰিছে, কিয়নো তেওঁ ৰিয়েলিটি শ্ব'টোত চৰ্চিত হৈছে আৰু ৰাষ্ট্ৰীয় মঞ্চত ওড়িশাক প্ৰতিনিধিত্ব কৰে ।

ইতিমধ্যে জ্যোতিৰ্ময়ীয়ে কেইবাখনো ওডিয়া ছবি আৰু ভক্তিমূলক এলবাম যেনে চৰাইধম ভিতৰু গতি ধাম, পাগলা ভাই, আমা গাওঁ ঝিয়া খাঁটি গুৱা ঘিয়া আদিত কণ্ঠদান কৰিছে । তেওঁ কয়, "মই বলীউডত নাম উজলাব বিচাৰো আৰু এই ৰাষ্ট্ৰীয় মঞ্চটোৱেই হৈছে লক্ষ্য আৰু সৰ্বোত্তম পথ । মই প্ৰতিযোগিতাখনৰ শীৰ্ষ ১৬ৰ ভিতৰত নিৰ্বাচিত হৈছো । মই সকলোৰে সমৰ্থনত ফাইনেললৈ যাব বিচাৰিম । প্ৰতিযোগিতাৰ বিভিন্ন পৰ্যায় আছে আৰু মই মোৰ ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ আশা কৰিছো ।"

এই সফলতাৰ অৰ্থ কি বুলি সোধাত তেওঁ কয়, "সংগীত প্ৰেমী আৰু মোৰ ৰোগীৰ বাবে গান গোৱা ।"

তেওঁ বাছি লোৱা এই পথটোৰ বাবে গৌৰৱান্বিত হৈ তেওঁৰ কাষত দৃঢ়ভাৱে থিয় দিয়া পৰিয়াল, বন্ধু-বান্ধৱী আৰু গুৰুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি জ্যোতিৰ্ময়ীয়ে কয়, "আজি মই যিয়েই নহও কিয়, মোৰ পিতৃ-মাতৃ, মোৰ গুৰু আৰু ভগৱান জগন্নাথৰ আশীৰ্বাদৰ বাবেই । মই নিশ্চিত যে এইবোৰে মোক হিন্দী চলচ্চিত্ৰ জগতত নাম উজলাই তোলাত সহায় কৰিব । মই মিউজিক থেৰাপীৰ প্ৰচাৰো কৰিব বিচাৰো ।"

জ্যোতিৰ্ময়ীৰ মতে সংগীত হৈছে যন্ত্ৰণা আৰু শান্তিৰ মাজৰ এখন সেতু । তেওঁ লগতে কয়, "মোৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি শ্ব'টোত মই মোৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিম । কিন্তু মোৰ বাবে অপেক্ষা কৰা ৰোগীসকলৰ বাবে মোৰ গায়কী কেতিয়াও বন্ধ নহ'ব ।"

লগতে পঢ়ক :ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব