উত্তৰ-পূব – তেলেংগানাৰ সাংস্কৃতিক বান্ধোন সবলীকৰণেৰে হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন
অসম আৰু তেলেংগানা চৰকাৰে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক বান্ধোন শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ৷

By ETV Bharat Entertainment Team
Published : December 12, 2025 at 11:15 AM IST
গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চল আৰু তেলেংগানাৰ মাজত সাংস্কৃতিক সমন্বয় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে আগন্তুক বৰ্ষৰ ১০ আৰু ১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হ’ব । তেলেংগানাৰ ৰাজ্যপাল আৰু তেলেংগানাৰ সাংস্কৃতিক বিভাগৰ সহযোগত আয়োজিত হব এই মহোৎসৱ । মহোৎসৱত ৪০ খন কথাছবি, ৬৫খন চুটি ছবি, ৫৬খন শ্ব’ৰ্ট ফিল্ম আৰু ১৫খন তথ্যচিত্ৰকে ধৰি বিভিন্ন শিতানত আকৰ্ষণীয় ১৭৬খন ছবি অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত শীৰ্ষ ১৯ খন ছবি হায়দৰাবাদত চূড়ান্ত ৰাউণ্ডত প্ৰদৰ্শিত হ’ব ।
অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, কিংবদন্তি সংগীতজ্ঞ লু মাজাও, জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাস, বিশ্বজনীন অভিনেত্ৰী কাৰ্লিটা মৌহিনি, বিখ্যাত চাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম সন্মানীয় অতিথি হিচাপে এই মহোৎসৱত উপস্থিত থাকিব ।
উল্লেখ্য যে, তেলুগু চলচ্চিত্ৰ উদ্যোগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে জুৰীৰ সদস্য আৰু বিশেষ আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰিব । এই কথা মহোৎসৱৰ পৰিচালিকা ডঃ জোনমণি দেৱী খাউণ্ডে সংবাদমেল যোগে সদৰী কৰে ।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "এই অনুষ্ঠানটো কেৱল এটা উৎসৱ নহয়; ই হৈছে গল্প, সংস্কৃতি আৰু সংযোগৰ এটি আন্দোলন । হায়দৰাবাদত অনুষ্ঠিত এই উৎসৱে চিনেমাৰ জৰিয়তে উত্তৰ-পূব আৰু তেলেংগানাৰ সম্পৰ্কক অধিক গাঢ় কৰি তোলাৰ ক্ষেত্ৰত থকা আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে । মহামহিম ৰাজ্যপাল আৰু তেলেংগানা সাংস্কৃতিক বিভাগৰ উৎসাহপূৰ্ণ সমৰ্থনত আমি এনে এক স্থান সৃষ্টি কৰিবলৈ আশা কৰিছো, য'ত ছবি নিৰ্মাতা, দৰ্শক আৰু গল্পকাৰসকলে পৰস্পৰক সঁচা অৰ্থত আৱিষ্কাৰ কৰাৰ এটি পথ লাভ কৰিব । এই মহোৎসৱত বিশ্বখ্যাত শিল্পী কাৰ্লিটা মৌহিনী, কিংবদন্তি সংগীত শিল্পী লু মাজাও, মনীষা বৰদলৈয়ে অনুষ্ঠান পৰিবেশন কৰিব । লগতে, অনুষ্ঠানত অসমীয়া আৰু তেলেংগানাৰ লোক তথা পৰম্পৰাগত নৃত্য-সংগীতো প্ৰদৰ্শন কৰা হ’ব ।"
উল্লেখ্য যে, অল আছাম চিনে প্ৰডিউচাৰ্ছ এছ’চিয়েশ্যন আৰু বেচৰকাৰী সংস্থা ‘গামোচা’ই নিৰি৯ৰ এই উদ্যোগত সহযোগিতা আগবঢ়াইছে । তেলেংগানা চৰকাৰৰ লগতে অসম চৰকাৰেও এই অনুষ্ঠানলৈ সঁহাৰি জনাইছে ।
লগতে পঢ়ক : চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ লৈ বাট বুলিছে ভাইমন দাই

