প্ৰকৃতিয়েই দিয়ে জীৱন... বানত সৰ্বস্বান্ত অসমীয়াৰ দুখ বুজি নীলোৎপলৰ কণ্ঠৰে নিগৰিল এটি সুমধুৰ গীত
নীলোৎপল বৰাই শেহতীয়াকৈ তেওঁৰ এটা গানৰ জৰিয়তে এইবাৰৰ অসমৰ বানৰ কাহিনী বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে ৷

By ETV Bharat Entertainment Team
Published : August 19, 2026 at 11:55 AM IST
হায়দৰাবাদ : নীলোৎপল বৰাই সময়ে সময়ে ৰাজ্যখনৰ বিভিন্ন সমস্যাক লৈ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ স্পষ্ট স্থিতি প্ৰকাশ কৰি আহিছে ৷ শেহতীয়াকৈ তেওঁ এটা গানৰ জৰিয়তে এইবাৰৰ অসমৰ বানৰ কাহিনী বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে ৷
2026 বৰ্ষৰ বানৰ কথা ভাবিলেই কিবা সাধু কথা যেন অনুভৱ হয় ৷ এনে কিছু ঠাইত বানে ত্ৰাসৰ সৃষ্টি কৰিলে য’ত প্ৰজন্মৰ পিছত প্ৰজন্মই বান দেখা নাছিল ৷ 60 বছৰত প্ৰথমবাৰৰ বাবে এই বানৰ অভিজ্ঞতা হ’ল বহুতৰ ৷ একদম যেন নোহোৱা-নোপোজা কাণ্ড ৷
বলিয়া ঐ বানে থেকেচি মাৰে, উৰুঙা চৌদিশে ঐ, ঘৰৰে ঐ পদূলি, নিচিনি গোহালি, শেতেলি সাগৰ হয়- এইদৰে আৰম্ভ হোৱা গানটো শুনিলে চকুৰ আগত ভাঁহি উঠে বানৰ বিভীষিকা ৷ গানটোত মুখ্যতঃ দুটা বাক্যৰ অৰ্থ যথেষ্ট অৰ্থৱহ, য’ত গায়কে গাইছে এইদৰে, "প্ৰকৃতিয়েই দিয়ে জীৱন আৰু প্ৰকৃতিয়েই নিয়ে জীৱন ৷"
অৰ্থাৎ এই ধৰাই আমাক সুন্দৰভাৱে জীয়াই থকাৰ সুযোগ দিছে, পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক সম্পদ দিছে ৷ প্ৰকৃতি, জীৱ-জন্তু, চৰাই-চিৰিকতি আৰু মানুহ- সকলোৱে মিলি কেনেকৈ থাকিব পাৰি সেই চিন্তা কৰিব পৰাকৈ মানুহক মগজুও দিছে, কিন্তু হ’লেও আমি নিজৰ স্বাৰ্থত প্ৰকৃতি ধ্বংস কৰাৰ আগতে এবাৰো নাভাবো ৷ সেই প্ৰকৃতিয়েই কেতিয়াবা মানুহৰ চৰম উৎপাতত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু সময়ে সময়ে কৰিও আহিছে ৷
এনেধৰণৰ প্ৰাকৃতিক/অপ্ৰাকৃতিত দুৰ্যোগবোৰ আচলতে আমাৰ বাবে এক সংকেত সজাগ হোৱাৰ, প্ৰকৃতিৰ প্ৰতি চিন্তাশীল হোৱাৰ ৷ প্ৰকৃতিয়েই দিয়ে জীৱন শীৰ্ষক গানটোৰ পোষ্টাৰখনো যথেষ্ট মনোগ্ৰাহী ৰূপত উপস্থাপন কৰা হৈছে ৷ হাতত গীটাৰ লৈ নীলোৎপল গান গাবলৈ বহিছে আৰু তেওঁক আৱৰি ধৰিছে শিশুৰ পৰা বৃদ্ধজনলৈকে ৷ বানে তহিলং কৰা ঘৰ এখনৰ বহু বস্তু, আইতা এগৰাকী হাতত তামোল খুন্দা খুন্দনা, গছৰ ডালত আঁৰি থোৱা অসমীয়াৰ আৱেগৰ গামোচাখন, খোলটো কাষত থৈ দুখমনে বহি থকা গাঁৱৰ ডেকা, সকলোৱে ৰ লাগি চাই ৰৈছে গায়কজনলৈ ৷
এইবাৰৰ বানে যেনেকৈ দেখুৱালে অসমীয়াৰ একতা, ঠিকে তেনেকৈ দেখুৱালে অসমৰ সেই সহজ-সৰল গাঁওসমূহৰ মানুহৰ মানৱীয়তা ৷ ঘৰ এখনত একো নথকা অৱস্থাতো বান সাহায্য দিবলৈ যোৱাসকলক চাহ-বিস্কুট যাচি তেওঁলোকে বুজাই দিলে যে মানৱ ধৰ্মই পৰম ধৰ্ম ৷ চাহ একাপ খাই যাব, আপোনালোকে গোটেই দিনটো সাহায্য বিলাই ফুৰিছে- কিমানক যে আৱেগিক কৰিলে এইহেন বাক্য এশাৰীয়ে ৷
মুঠৰ ওপৰত অসমৰ এই বছৰৰ বানে সকলোকে জোকাৰি গ’ল ৷ সকলোৱে পাৰ্যমানে চৰকাৰক প্ৰশ্ন কৰিছে নতুবা অনুৰোধ কৰিছে ৷ নীলোৎপল বৰাৰ কণ্ঠত এই গানটোও আচলতে চৰকাৰলৈয়ে এটি অনুৰোধ অসমখনক বানমুক্ত কৰাৰ ৷
লগতে পঢ়ক : বানপীড়িতৰ কাষত পাপন: পত্নী শ্বেতা মিশ্ৰৰ সৈতে শিৱসাগৰত সাহায্য বিতৰণ

