'প্ৰস্তাৱনা— The Preamble’- নৱপ্ৰজন্মই গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ হ’লে সদাসতৰ্ক হৈ থকাৰ বাহিৰে বিকল্প নাই
১৬ জানুৱাৰীত মুক্তি লাভ কৰে নতুন অসমীয়া ছবি 'প্ৰস্তাৱনা— The Preamble’ ৷ ৰাজ্যৰ প্ৰায় ১০ টা ছবিগৃহত চলি আছে ছবিখন ।

By ETV Bharat Entertainment Team
Published : January 19, 2026 at 11:02 AM IST
গুৱাহাটী : যোৱা ১৬ জানুৱাৰীত মুক্তি লাভ কৰে নতুন অসমীয়া ছবি 'প্ৰস্তাৱনা— The Preamble’ ৷ এক বাস্তৱধর্মী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখন শুকুৰবাৰে ৰাজ্যৰ প্ৰায় ১০ টা ছবিগৃহত মুক্তি লাভ কৰে । প্ৰথিতযশা ঔপন্যাসিক, গল্পকাৰ, নিবন্ধকাৰ আৰু স্তম্ভলেখক দিলীপ বৰাৰ বহুপঠিত জনপ্ৰিয় উপন্যাস 'যাত্ৰা'ৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা দিলীপ বৰাৰ । ছবিখন প্ৰযোজনা কৰাৰ লগতে পৰিচালনাও কৰিছে বৰাই ৷ তেওঁৰ লগতে পৰিচালনাৰ দায়িত্বত আছে নাট্যকাৰ তথা সুদক্ষ পৰিচালক মাণিক ৰয় ।
ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক মাণিক ৰয়ে ছবিখনৰ সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰে ।
ছবিখনৰ সন্দৰ্ভত পৰিচালক মাণিক ৰয়ৰ মন্তব্য
“ছবিখনে আজি তিনিদিনত ভৰি দিলে, বৰ্তমানলৈ যিখিনি দর্শকে চাইছে খুব ভাল পাইছে বুলি আমাক জনাইছে । ৰাজ্যজুৰি আমি ১০টা ছবিগৃহত আমি ছবিখন মুক্তি দিছোঁ । ইয়াৰে গুৱাহাটীৰ ৪ টা ছবিগৃহত বৰ্তমান ছবিখন চলি আছে । বৰ্তমানলৈ দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰিছো । দর্শকে কাহিনীৰ লগতে কাৰিকৰী দিশটো চাই খুব ভাল পাইছে বুলি আমাক জনাইছে ।”

ছবিখনৰ কাহিনীৰ আধাৰটো কি ?
ভাৰতৰ সাম্প্ৰতিক, সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে দেশৰ ছাত্ৰ সমাজক কিদৰে ৰাজনীতিৰ চক্ৰবেহুত বন্দী কৰাৰ এক সম্ভাৱনা কঢ়িয়াই আনিছে, তাৰেই এক প্ৰতিচ্ছবি প্ৰতিফলিত কৰা হৈছে প্ৰস্তাৱনা— The Preamble ত ।
এই সন্দৰ্ভত ৰয়ে কয়, “বিশ্ববিদ্যালয় এখনত ছাত্ৰ সংগঠন বা যি ছাত্র একতা সভা থাকে, তাত এটা বেলেগ ধৰণৰ লবী সোমাবলৈ চেষ্টা কৰে, যিটো বৰ্তমান প্ৰায়ে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত দেখি থাকো । এনেকুৱা এটা পটভূমিৰ লগতে আমাৰ অসমীয়া সমাজখনৰ যি ইতিহাস সেয়াও ইয়াতে সোমোৱা হৈছে । লগতে উজনি অসম আৰু নামনি অসম এই দুটা ভাগত থকা কিছু কথা ছবিখনত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে । বিশেষকৈ ছবিখনৰ যিটো মুখ্য চৰিত্ৰ- এজন অধ্যাপক, তেওঁ নামনি অসমৰ এখন ভিতৰুৱা গাঁৱৰ মুছলিম সম্প্ৰদায়ৰ এখন ঘৰৰ পৰা বিভিন্ন ঘটনা-পৰিঘটনা মাজেৰে আহি উজনি অসমৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপক হয় ৷ আনহাতে নাৰীৰ মুখ্য চৰিত্ৰত অভিনয় কৰা নায়িকাগৰাকীয়ে বিষয় এটাৰ গৱেষণা কৰিবলৈ নামনি অসমৰ চৰ অঞ্চলৰ এখন ভিতৰুৱা গাঁৱলৈ যায় । ঠিক এনেকুৱা কিছুমান কথাক লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

লগতে তেওঁ কয়, “আজিৰ সমাজখনত আমি কিছুমান কথা দেখি আছোঁ বা দেখো, হয়তো প্ৰকাশ কৰিবলৈ মন যায় কিন্তু নোৱাৰো । মনৰ ভিতৰত খুটখুটাই থকা কথাসমূহেই আমি ছবিখনত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ । প্ৰস্তাৱনা— The Preambleৰ মূল থীমটো ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ববোধ, আমাৰ সংবিধানৰ এই চাৰিটা মৌলিক নীতিক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে । আশা কৰিছোঁ দৰ্শকে ছবিখন ভাল পাব ।”
উল্লেখ্য যে, ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা দিলীপ বৰাৰ । সহকাৰী পৰিচালক হিচাপে আছে অনমোল ৰাজ শইকীয়া আৰু ভাস্কৰ দত্ত ।
আনহাতে ছবিখনত অভিনয় কৰিছে তপন দাস, পাৰ্ভী বৰুৱা, হিল্লোল কুমাৰ পাঠক, দেৱজিত মজুমদাৰ, অশ্বিনী ভূঞা, অবতোষ ভূঞা, কৌশিক নাথ, আৰকে, সীমান্ত ৰাজ শৰ্মা কন্দলী, অন্তৰা চৌধুৰী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
লগতে পঢ়ক : ভাৰতৰ নৱ-প্ৰজন্ম সজাগ হোৱাৰ সময় আহি পৰিছে, ‘প্ৰস্তাৱনা-The Preamble’ৰ বাৰ্তা

