ETV Bharat / entertainment

এখন নদীৰ নামেৰে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি 'ডিফলু'

অসমীয়া চুটি ছবিজগতৰ জনপ্ৰিয় প্ৰযোজনাগোষ্ঠী 'বৰলুইত প্ৰডাকশ্যনছ'ৰ বেনাৰত নিৰ্মাণ হোৱা ছবি 'ডিফলু' আগন্তুক ২১ আগষ্টত ছবিগৃহত মুক্তি পোৱাৰ কথা ৷

New Assamese film 'Dipholu' first full length feature film of borluit productions will be released on August 21
পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'ডিফলু' (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : February 25, 2026 at 5:40 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : এটা প্ৰডাকশ্যন হাউছৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি, য’ত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াময় কণ্ঠেৰে সজ্জিত হৈছে গীতসমূহ ৷ আমাৰ মাজৰ পৰা বিগত বৰ্ষতে আঁতৰি যোৱা আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে দ্বৈত গান আছে জুবিনৰ ৷

বৰলুইত প্ৰডাকশ্যনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ নতুন অসমীয়া ছবি 'ডিফলু', ২১ আগষ্টত মুক্তি পোৱাৰ কথা ৷ বৰলুইত প্ৰডাকশ্যনছ চুটি ছবি নিৰ্মাণৰ বাবেহে জনাজাত ৷ পূৰ্বে 'আকাশ বিচাৰি- ইনটু দ্য স্কাই' আৰু 'ৰং- দ্য কালাৰ'ৰ দৰে জনপ্ৰিয় চুটি ছবি নিৰ্মাণ কৰি প্ৰশংসা বুটলিছিল বৰলুইত প্ৰডাকশ্যনছে ।

চুটি ছবিৰ সফলতাৰ পিছত 'ডিফলু'ৰ জৰিয়তে এই প্ৰযোজনাগোষ্ঠীটোৱে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ ক্ষেত্ৰত খোজ পেলাইছে । চলিত বৰ্ষৰ ২১ আগষ্টত সমগ্ৰ অসমতে এই ছবিখনে মুক্তি লাভ কৰিব । তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰা সফল প্ৰযোজনাগোষ্ঠী 'বৰলুইত প্ৰডাকশ্যন'ৰ নতুন ছবি 'ডিফলু'ক লৈ দৰ্শকৰ মাজত ব্যাপক উছাহ দেখা গৈছে ।

গ্ৰাম্য পটভূমি আৰু সামাজিক বাৰ্তা

ছবিখন অসমৰ এখন গাঁৱৰ পটভূমিত নিৰ্মাণ কৰা হৈছে । ই এক সামাজিক আৰু বাস্তৱধৰ্মী কাহিনী । ছবিখনৰ পৰিচালনা নেকিবৰ আৰু প্ৰযোজনা কৰিছে জেকিভে । পৰিচালকৰ মতে, এই ছবিখনে সমাজলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই নিব ।

ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত পৰিচালক নেকিবে জনাই, “২০২৪ বৰ্ষতে এই ছবিখনৰ কাম আৰম্ভ কৰিছিলোঁ । অসমৰ এখন গাঁৱৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে । এখন সামাজিক আৰু বাস্তৱধর্মী ছবি । ছবিখনৰ পৰা এটা সামাজিক বাৰ্তা যাব ।” ইতিমধ্যে বঁটা বিজয়ী কেইবাখনো চুটি ছবি উপহাৰ দিয়া এই প্ৰডাকশ্যন হাউছটোৱে 'ডিফলু'ৰ জৰিয়তে দৰ্শকক এক নতুন সোৱাদ দিবলৈ সাজু হৈছে ।

'ডিফলু' ছবিখনৰ মূল কাহিনী

এই ছবিখন সম্পূৰ্ণৰূপে অসমৰ গাঁৱৰ সমাজ আৰু পৰিৱেশৰ ওপৰত আধাৰিত । ছবিখনৰ কাহিনী আগবাঢ়িছে 'কুঁহি' নামৰ এগৰাকী যুৱতীক কেন্দ্ৰ কৰি ৷ পৰিচালকে কয়, “কুঁহি নামৰ এগৰাকী যুৱতীৰ কাহিনী ছবিখনত দেখুওৱা হৈছে । চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয় । গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে সেই গাঁৱৰে এখন বিদ্যালয়ৰ নীল নামৰ এগৰাকী শিক্ষকৰ সৈতে তেওঁৰ চিনাকি হয় । পৰৱৰ্তী সময়ত দুয়োৰে প্ৰাৰম্ভিক চিনাকি লাহে লাহে ব্যক্তিগত বিকাশ আৰু সামুদায়িক প্ৰভাৱৰ এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে ।”

'ডিফলু'ৰ অৰ্থ আৰু দৃশ্যগ্ৰহণ

'ডিফলু' আচলতে এখন নদীৰ নাম, যিখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে । এই নদীখনৰ পাৰৰ এখন গাঁৱৰ পটভূমিতেই ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে ।

ছবিখনৰ প্ৰায় ৮০ শতাংশ শ্বুটিং সম্পন্ন হৈছে তিতাবৰৰ কাষৰীয়া অঞ্চলত । ইয়াৰ উপৰিও গোলাঘাট আৰু গুৱাহাটীৰ চানডুবিতো ছবিখনৰ কিছু দৃশ্যগ্ৰহণ কৰা হৈছে ।

বাজেট আৰু শিল্পীসকল

প্ৰায় ১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ছবিখনত অসমৰ বহুকেইগৰাকী নামী-দামী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷ মুখ্য আৰু সহযোগী চৰিত্ৰত আছে অমৃতা গগৈ, সুব্ৰত দেউৰী, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দুৱৰী, জ্যোতিষ্মান বৰা, কনিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, ড৹ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্য জ্যোতি বৰা । জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই ছবিখনত এটি বিশেষ অতিথি চৰিত্ৰত অভিনয় কৰিছে ।

ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ প্ৰস্তুত কৰিছে দেৱজিৎ বৰাই । ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, ৰাকেশ ৰিয়ান, ৰূপালী কাশ্যপ, গায়ত্ৰী হাজৰিকা আৰু মণ্টুমণি শইকীয়াই ।

জুবিন গাৰ্গৰ বিশেষ অৱদান

এই ছবিখনৰ সংগীতৰ এক বিশেষ আকৰ্ষণ হ’ল অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠ । ছবিখনত জুবিন গাৰ্গৰ দুটা বিৰল দ্বৈত গীত আছে । ইয়াৰে এটা ৰূপালী কাশ্যপৰ সৈতে আৰু আনটো বিগত বৰ্ষত ইহলীলা সম্বৰণ কৰা গায়ত্ৰী হাজৰিকাৰ সৈতে গোৱা । ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ইহলীলা সম্বৰণ কৰা শিল্পীগৰাকীৰ এই গীতকেইটা তেওঁৰ অন্তিম পৰ্যায়ৰ কিছু অমূল্য আৰু অপ্ৰকাশিত সৃষ্টিৰ অন্যতম ।

লগতে পঢ়ক : বিশেষভাৱে সক্ষমসকলৰ জীৱনলৈ পোহৰ কঢ়িওৱা এখন ব্যতিক্ৰমী নাট্য বিদ্যালয়