ETV Bharat / entertainment

পূৰ্ণগতি চলিছে বাৰুদ-২ৰ দৃশ্যগ্ৰহণ, সাজ-সজ্জাৰ দায়িত্বত গৰিমা শইকীয়া গাৰ্গ

নতুন ৰূপত অসমীয়া ছবি বাৰুদ-২ । যোৰহাটত চলি আছে দৃশ্যগ্ৰহণ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিয়ে স্থান পাব এই বিশেষ ছবিখনত ।

New Assamese film 'Barood-2' is being shot in Jorhat
পূৰ্ণগতি চলিছে বাৰুদ-২ৰ দৃশ্যগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2026 at 8:32 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাটত পূৰ্ণ গতিত চলিছে নতুন অসমীয়া ছবি বাৰুদ-২ ৰ দৃশ্যগ্ৰহণ । বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক প্ৰয়াত মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱা পৰিচালনাত নিৰ্মাণ হ'ব লগা এই ছবিখনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক বিশেষ সৃষ্টিয়ে স্থান লাভ কৰিছে । ছবিখনৰ দৃশ্যগ্ৰহণ যোৰহাটত চলি থকা সময়ত এই কথা সদৰী কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ছবিখনৰ পৰিচালক মানস বৰুৱাই ।

যোৰহাটত দহ দিন ধৰি চলিব ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । জুবিন গাৰ্গ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল আৰু গৰিমা শইকীয়া গাৰ্গে নিজেই সাজ-সজ্জাৰ দায়িত্ব লৈছিল বুলি কৈ পুনৰ আবেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ ।

পূৰ্ণগতি চলিছে বাৰুদ-২ৰ দৃশ্যগ্ৰহণ (ETV Bharat Assam)

ছবিখনৰ সাজ-সজ্জাৰ দায়িত্বত থকা গৰিমা শইকীয়া গাৰ্গে কয়, "বাৰুদ-২ ছবিখনৰ ১০ দিন শ্বুটিং হৈ গ'ল গুৱাহাটীত । জুবিনে এই ছবিখনত মিউজিক কৰাৰ কথা আছিল । ভাইমানদাৰ বাৰুদ ছবিখনতো জুবিনে মিউজিক কৰিছিল । ভাইমান দাৰ অধিকাংশ ছবিতেই জুবিনে মিউজিক কৰিছিল, কণ্ঠ নিগৰাইছিল আৰু গানো লিখিছিল । বাৰুদ-২ খনতো সংগীতৰ দায়িত্বত জুবিনেই আছিল । এই সংক্ৰান্তত ১২ ছেপ্টেম্বৰলকৈ আমি আলোচনাত বহিছিলোঁ ।"

গৰিমা শইকীয়া গাৰ্গে পুনৰ কয়, "ভাইমানদাৰ পুত্ৰ মানস বৰুৱাৰ পৰিচালনাত এই ছবিখন নিৰ্মাণ কৰি থকা হৈছে আৰু ছবিখনৰ সংগীত কেনেকুৱা হ'ব, কিদৰে গীতবোৰ সজোৱা হ'ব ছেপ্টেম্বৰ ১২ তাৰিখলকৈ আলোচনা চলিয়েই আছিল । নৱেম্বৰ মাহৰ পৰা ছবিখনত সম্পূৰ্ণৰূপে নিয়োজিত হোৱা কথা আছিল জুবিন গাৰ্গ । আমাৰে দুৰ্ভাগ্য আমি একেলগে কাম কৰিব নোৱাৰিলোঁ । মই আবেগিক হৈ যাওঁ ৷ তেওঁৰ সপোন, পৰিকল্পনা, তেওঁ বিচৰা কাম আদি আগুৱাই লৈ যাব লাগিব । ইয়াত মোৰ বহুত দায়িত্ব আছে, কিবা এটা শূন্যতাই অনবৰতে আৱৰি থাকে, সেয়েহে কেতিয়াবা নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা হয় ।"

আনহাতে ছবিখনৰ পৰিচালক মানস বৰুৱাই কয়, "আগৰ আমাৰ ইতিহাস আছে আৰু এইবাৰো দহ দিনৰ কাৰণে আহিছোঁ । বাৰুদ-২ খনৰ ১০ দিনৰ কাম গুৱাহাটীত হৈ গ'ল আৰু যোৰহাটত আমি ১০ দিন কাম কৰিম । পুনৰ আকৌ আমি গুৱাহাটীত কাম আৰম্ভ কৰিম । প্ৰধানকৈ বাৰুদ-২ ছবিখনত যতীন বৰা, ৰবি শৰ্মা থাকিব । ছবিখনত কেইবাটাও নতুন চৰিত্ৰ সৃষ্টি কৰা হৈছে, যাতে আগৰ কাহিনী ভাগ আগুৱাই লৈ যাব পাৰোঁ । অহা বছৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ছবিখন মুক্তি দিবলৈ চেষ্টা কৰিম ।"

লগতে পঢ়ক: লাহে লাহে সাজু হৈছে এটা 'লোকেল ভূত', কেতিয়ালৈ আহিব ভূতটো ?

পৌৰাণিক আখ্যানৰ পৰা সামাজিক ব্যংগলৈ: দৰঙী খুলীয়া ভাউৰীয়াৰ এক আলোকপাত