ETV Bharat / entertainment

বিৰতিৰ প্ৰয়োজন বুলি ষ্ট’ৰী দি ডিলিট কৰিলে নেহাই, আঁৰৰ কাৰণ ভাবি পাৰ পোৱা নাই নেটিজেনে

নেহা কক্কৰে বিৰতি ল’ব লাগে বুলি ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰি ডিলিট কৰি অনুৰাগীসকলক চিন্তিত কৰি তুলিছে ।

Neha Kakkar Shares And Deletes Cryptic Instagram Stories
নেহা কক্কৰ (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : January 19, 2026 at 5:03 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বলীউডৰ গায়িকা নেহা কক্কৰে দুটা ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰি ডিলিট কৰে । ডিলিট হোৱা ষ্ট’ৰীবোৰত নেহাই উল্লেখ কৰিছিল যে তেওঁ দায়িত্ব আৰু সম্পৰ্কৰ পৰা বিৰতি ল'ব বিচাৰিছে । তেওঁৰ শেহতীয়া গীত কেণ্ডি শ্বপক লৈ অনলাইনত তীব্ৰ সমালোচনাৰ চলাৰ মাজতে এই ঘটনা ঘটিছে ৷

প্ৰথম ষ্ট’ৰীত নেহাই লিখিছিল: "দায়িত্ব, সম্পৰ্ক, কাম আৰু এতিয়া মোৰ মনলৈ অহা সকলোবোৰৰ পৰা অৱকাশ লোৱাৰ সময় । মই উভতি আহিম নে নাই নিশ্চিত নহয় । ধন্যবাদ ।" বাৰ্তাটোৱে লগে লগে দৃষ্টি আকৰ্ষণ কৰিলে ৷ আৱেগিক ক্লান্তি আৰু অনিশ্চয়তা প্ৰকাশ পাই ষ্ট’ৰীটোত । ইয়াৰ অলপ সময়ৰ পিছতেই নেহাই জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ পৰা গোপনীয়তাৰ অনুৰোধ কৰি দ্বিতীয়টো ষ্ট’ৰী পোষ্ট কৰে ।

Neha Kakkar Shares And Deletes Cryptic Instagram Stories
নেহা কক্কৰৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

তেওঁ লিখে: "আৰু মই পাপাৰাজ্জী আৰু অনুৰাগীসকলক অনুৰোধ কৰিছো যে মোৰ একেবাৰেই ফটো-ভিডিঅ’ নুতুলিব । আশাকৰোঁ আপোনালোকে মোৰ গোপনীয়তাক সন্মান কৰিব আৰু মোক এই পৃথিৱীত মুক্তভাৱে জীয়াই থাকিবলৈ দিব । ন' কেমেৰা প্লিজ ! মই অনুৰোধ কৰিছো ! এইটো মোৰ শান্তিৰ বাবে আপোনালোক সকলোৱে মোক দিব পৰা আটাইতকৈ ন্যূনতম ।"

এই ষ্ট’ৰীবোৰ পোষ্ট কৰাৰ কিছু সময়ৰ ভিতৰতে নেহাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা ডিলিট কৰি দিয়ে । বৰ্তমানলৈকে গায়িকাগৰাকীয়ে ৰাজহুৱাভাৱে একো কথা প্ৰকাশ কৰা নাই ৷ অনুৰাগীসকলে বহুত কিবাকিবি অনুমান কৰিবলৈ বাধ্য হৈছে ৷ কিহৰ বাবে হঠাৎ এই সিদ্ধান্ত লোৱাৰ কথা ভাবিলে, তাৰেই জল্পনা-কল্পনা চলিছে ।

২০২৬ চনৰ ডিচেম্বৰ মাহত ভাতৃ টনী কক্কৰৰ সৈতে সহযোগিতা কৰা নেহাৰ গান কেণ্ডি শ্বপে মুক্তি লাভ কৰে । যদিও প্ৰথম অৱস্থাত কেণ্ডি শ্বপক সাধাৰণভাৱেই গ্ৰহণ কৰা হৈছিল, পিছলৈ ই বহু বিতৰ্কৰ সন্মুখীন হয় । বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে গীতটোৰ কথা আৰু নৃত্যৰ ভংগীমাক সমালোচনা কৰি ইয়াক সস্তীয়া, অশ্লীল বুলি অভিহিত কৰে ।

Neha Kakkar Shares And Deletes Cryptic Instagram Stories
নেহা কক্কৰৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

কেইবাজনো ব্যৱহাৰকাৰীয়ে নেহাৰ বিৰুদ্ধে কে-পপ আৰু আন্তঃৰাষ্ট্ৰীয় পপ তাৰকাক অনুকৰণ কৰিবলৈ অত্যধিক চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে । গীতটোৱে সকলো ডাঙৰ ডাঙৰ প্লেটফৰ্মতে যথেষ্ট প্ৰতিক্ৰিয়া লাভ কৰিছিল আৰু কৌতূকৰ বিষয়বস্তু হৈ পৰিছিল ।

এতিয়া নেহাৰ এই ৰহস্যময় ইনষ্টাগ্ৰাম ষ্ট’ৰীবোৰে সকলোকে অনুমান কৰিবলৈ বাধ্য কৰাইছে যে কেণ্ডি শ্বপক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নেতিবাচকতাৰ বাবেই কিছু সময় বিৰতি লোৱাৰ কথা মনলৈ আহিল নেকি নেহাৰ ? আন কিছুমানে আকৌ অনুমান কৰিছে যে ষ্ট’ৰীটো তেওঁৰ ব্যক্তিগত "সম্পৰ্ক"ৰ সৈতেও জড়িত হ'ব পাৰে ।

বৰ্তমানলৈকে নেহাই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । এই বিৰতিৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ অনুৰাগীসকল কৌতূহলী হৈ পৰিছে ।

লগতে পঢ়ক : ২০১৬ চনৰ ফটো কিয় পোষ্ট কৰিছে চেলেব্ৰিটীসকলে ?