ETV Bharat / entertainment

অসমীয়া শিপিনীৰ তাঁ‌তশালত এইবাৰ জুবিন গাৰ্গৰ গীত

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত খোৱাঙৰ শিপিনীৰ চমক ৷ গামোচাত বৈ উলিয়ালে জুবিন গাৰ্গৰ ৯ টাকৈ গীত ৷

National Handloom Day: Khowang lady weaves nine songs of Zubeen Garg on 25-foot gamucha
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত ডালিমী লাহন গগৈৰ অনন্য সৃষ্টি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 7, 2026 at 11:49 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : আজি ৭ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হৈছে । অসমৰ লগতে দেশৰ অৰ্থনীতি, সংস্কৃতি আৰু ঐতিহ্যলৈ বোৱা-কটা শিল্পৰ অৱদানক সন্মান জনাবলৈ এই বিশেষ দিনটো উদযাপন কৰা হয় ।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোতে জানো আহক এগৰাকী বিশেষ মহিলাৰ বিষয়ে, যিয়ে তাঁতশালত গামোচা লগাই বৈ উলিয়াইছে জুবিনৰ গীত ৷

হস্ততাঁত দিৱসত চৰ্চালৈ খোৱাঙৰ শিপিনী (ETV Bharat Assam)

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে আজিও কন্দুৱাই ৰাজ্যবাসীক ।‌ প্ৰিয় শিল্পীগৰাকীক হেৰুওৱাৰ বেদনা প্ৰতিজন অসমীয়াৰ বুকুত সদায়ে থাকিব ৷ আজিও অসমৰ ৰাইজৰ জীৱন স্বাভাৱিক হ'ব পৰা নাই । প্ৰতিদিনেই অসমৰ ৰাইজে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই সামাজিক মাধ্যমত লিখি আহিছে #জাষ্টিছফৰজুবিনগাৰ্গ ।

প্ৰাণৰ শিল্পীজনৰ অবৰ্তমানত আজিও সেমেকি উঠে অসমবাসীৰ চকুলো । কিন্তু কেৱল মনত পেলাই দুখ মনেৰে বহি থাকিলেইতো নহ’ব ৷ জুবিনৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ বিভিন্নজনে বিভিন্ন ধৰণেৰে চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এগৰাকী মহিলা চৰ্চালৈ আহিছে ৷

National Handloom Day: Khowang lady weaves nine songs of Zubeen Garg on 25-foot gamucha
তাঁতশালত জুবিন গাৰ্গৰ গীত ! (Photo : ETV Bharat Assam)

মহিলাগৰাকীয়ে তাঁতশালত বোৱা গামোচাত জিলিকি উঠিছে জুবিন গাৰ্গৰ ৯ টাকৈ জনপ্ৰিয় গীত । খোৱাং কটকীপুখুৰী আহোম গাঁৱৰ ডালিমী লাহন গগৈ নামৰ মহিলাগৰাকীয়ে তাঁতশালত বৈ উলিয়াইছে জুবিন গাৰ্গৰ ৯ টাকৈ গীতৰ লগতে তেখেতৰে ৯ টাকৈ মহৎ বাণী ।

প্ৰায় ২৫ ফুটৰো অধিক দৈৰ্ঘৰ গামোচাখন তাঁতশালত ডালিমী লাহন গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছতে আৰম্ভ কৰিছিল । ৫ মাহৰ অন্তত সম্পূৰ্ণ ৰূপ পোৱা গামোচাখনত শিল্পীজনৰ ৯টা গীত আৰু বাণী ফুলৰ ৰূপত জিলিকি উঠিছে ।

National Handloom Day: Khowang lady weaves nine songs of Zubeen Garg on 25-foot gamucha
গামোচাত খোদিত হ’ল জুবিন গাৰ্গৰ কালজয়ী গীত (Photo : ETV Bharat Assam)

এই গীতসমূহৰ ভিতৰত মায়াবিনী, মমৰ চাকিটি জ্বলে, দিয়া ঘূৰাই দিয়া, সপোন ৰঙৰ জীৱন তুমি, ৰৈ ৰৈ বিনালে, অন্ধ আকাশ আদি অন্যতম । চৰ্চালৈ অহাৰ পিছতে খোৱাঙৰ এই মহিলাগৰাকীৰ কৰ্মৰাজিক শলাগ লৈছে বিভিন্নজনে ।

উদ্যমী মহিলাগৰাকীয়ে কয়, "জুবিন গাৰ্গ হঠাৎ নোহোৱা হোৱাত ইমান বেছি দুখ লাগিছিল, ম'বাইলত তেওঁৰ ফটো দেখিলেই চকুপানী ওলাই আহে । তেওঁৰ গানসমূহ বুজিবলৈ চেষ্টা কৰিছিলোঁ । সেয়ে গামোচাত তেওঁৰ গান লিখিবলৈ চেষ্টা কৰিছিলোঁ ।‌ প্ৰথমে মায়াবিনী লিখিছিলোঁ তাৰ পাছত আৰু লিখিবলৈ মন গ'ল, তেনেকৈ ৯ টা সম্পূৰ্ণ কৰিলোঁ । আৰু লিখিম বুলি ভাবিছিলোঁ, কিন্তু অসুবিধা হোৱা বাবে সামৰি থ’বলগীয়া হ'ল ।"

National Handloom Day: Khowang lady weaves nine songs of Zubeen Garg on 25-foot gamucha
অসমীয়া শিপিনীৰ অপূৰ্ব সৃষ্টি (Photo : ETV Bharat Assam)

তেওঁ আৰু কয়, "গামোচাত ৯ টা জুবিন দাৰ মহৎ বাণী আছে । পদ্মিনী ঊল সূতাৰে এইখন গামোচা বোৱা হৈছে । জুবিন দাই ব্যৱহাৰ কৰা শব্দবোৰ বহু অৰ্থৱহ, গামোচাত জুবিন গাৰ্গৰ গীত লিখোঁতে বহুত ভুল হ'ব পাৰে, সেয়ে জুবিন গাৰ্গৰ পিতৃ আৰু গৰিমা শইকীয়া গাৰ্গৰ ওচৰত ক্ষমা বিচাৰিছোঁ ।"

লগতে পঢ়ক : বলীউড ছবি ‘Ohh My Dog’ত স্কুটী চলাই ঘূৰি-ফুৰিছে অসম কন্যা সুলক্ষণা বৰুৱা