ETV Bharat / entertainment

নলবাৰীতো এটা মাত্ৰ চিনেমা হল, পাঁচটাকৈ দৰ্শনী

এদিনত পাঁচটাকৈ দৰ্শনীৰে নলবাৰীৰ একমাত্ৰ চিনেমা হলে নলবাৰীবাসীৰ আশা পূৰণ কৰিব । কিউ গ্ৰীণ হোটেলৰ ২০২ নং কোঠা জুবিন গাৰ্গৰ নামত উচৰ্গা কৰ্তৃপক্ষৰ ।

Nalbari Chotu Maharaj Cinema Hall to have five shows for roi roi binale
জুবিন গাৰ্গ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : October 29, 2025 at 6:56 PM IST

4 Min Read
Choose ETV Bharat

নলবাৰী : সমূহ অসমবাসী অধীৰ অপেক্ষাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেপাঁহৰ ছবি "ৰৈ ৰৈ বিনালে" চাবলৈ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰটো সৃষ্টি "ৰৈ ৰৈ বিনালে"ৰ মুক্তিৰ বাবে মাজত আৰু কেইটামান ঘণ্টা বাকী । সকলো অপেক্ষাত প্ৰাণৰ শিল্পীগৰাকীৰ বিৰল সৃষ্টি উপভোগ কৰিবলৈ । ইতিমধ্যে সকলো ছবি গৃহতে আগতীয়া টিকট বুকিং সম্পূৰ্ণ হৈ উঠিছে । নলবাৰীতো ৭ দিনলৈ সকলো দৰ্শনীৰে টিকট বুকিং হৈছে বুলি নলবাৰীৰ একমাত্ৰ ছবিগৃহ চোটু মহাৰাজ কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে ।

কেৱল সপ্তমটো দিনৰ নিশাৰ ১০ বজাৰ দৰ্শনীৰহে কেইটামান টিকট খালী আছে বুলিও আমাক জনায় কৰ্তৃপক্ষই । ছবিগৃহ কৰ্তপক্ষই জানিবলৈ দিয়ে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চোটু মহাৰাজ আৰু হোটেল কিউ গ্ৰীণৰে আছিল এক কালজয়ী সম্পৰ্ক । সেয়েহে এদিনতে পুৱা ১০ বজাৰ পৰা নিশালৈ দৈনিক ৫ টাকৈ দৰ্শনীৰ আয়োজন কৰিছে কৰ্তৃপক্ষই । অফলাইন টিকট বিচাৰি গ্ৰাহক যদিও ছবি গৃহলৈ অহা নাই, শতকৰা হিচাপত ৯৫ শতাংশ টিকট এতিয়ালৈ বিক্ৰী হৈ গৈছে । যেতিয়ালৈকে নলবাৰীবাসী বা অসমবাসীয়ে ছবিখন চাবলৈ বিচাৰিব তেতিয়ালৈ অন্য ছবি চোটু মহাৰাজত প্ৰদৰ্শন কৰা নহয় বুলিও কৰ্তৃপক্ষই জনায় ।

একমাত্ৰ চিনেমা হল চোটু মহাৰাজ আৰু কিউ গ্ৰীণ হোটেলৰ কৰ্মচাৰীৰ ভাষ্য (ETV Bharat Assam)

এটা ছবিগৃহই নলবাৰীবাসীৰ আশা কিদৰে কৰিব পূৰণ

এই সন্দৰ্ভত কৰ্তৃপক্ষই জনাই, "আসনৰ ব্যৱস্থা আমাৰ ছবিগৃহত পৰ্যাপ্ত পৰিমাণৰ আছে । গতিকে আমি দৈনিক পাঁচটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছো । যাতে নলবাৰীবাসীয়ে অন্য ঠাই বা বাহিৰলৈ যাবলগীয়া নহয় । আসন পৰ্যাপ্ত আছে চোটু মহাৰাজ চিনেমা হলত ।"

কৰ্তৃপক্ষই লগতে আৰু কয়, "স্বত্বাধিকাৰী আচিফ ইজাজৰ পৰামৰ্শত যেতিয়ালৈকে নলবাৰীবাসী, অসমবাসীয়ে চিনেমাখন চাই শেষ নহয়, তেতিয়ালৈ ৰৈ ৰৈ বিনালে নলবাৰীৰ চোটু মহাৰাজত প্ৰদৰ্শিত হৈ থাকিব । অন্য কোনো ছবি প্ৰদৰ্শিত নহয় ।"

তেওঁলোকৰ ছবি গৃহত এটি দৰ্শনীত ১৫০ খন আসন আছে । কোনো ধৰণৰ টিকট মূল্য বৃদ্ধি নোহোৱাকৈ পূৰ্বৰ আসন মূল্যৰেই "ৰৈ ৰৈ বিনালে" ছবিখন প্ৰদৰ্শিত হ’ব বুলিও অৱগত কৰে কৰ্তৃপক্ষই ৷ নলবাৰীবাসীক প্ৰাণৰ শিল্পীগৰাকীৰ হেঁপাহৰ ছবিখন চাই থাকিবলৈ বিচৰালৈকে দেখুৱাব বুলি জানিবলৈ দিয়ে তেওঁলোকে ।

হোটেল কিউ গ্ৰীণৰ ২০২ নং কোঠা জুবিন গাৰ্গৰ নামত উৎসর্গিত কৰিছে কৰ্তৃপক্ষই :

"নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰাস্থিত হোটেল কিউ গ্ৰীণ প্ৰথমে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবি গাৰ্গয়েই শুভ উদ্বোধন কৰিছিল । জুবিন দাই যেতিয়া নামনি অসমৰ ফালে গৈছিল অনুষ্ঠানৰ বাবে, তেতিয়া এবাৰ হ’লেও হোটেল কিউ গ্ৰীণত সোমাই গৈছিল । আজি দাদা হঠাৎ হেৰাই গ'ল ! আমি আজিও হতচকিত”, এই ভাষ্য হোটেলৰ কৰ্তৃপক্ষই ৷

জুবিন গাৰ্গ নামনি অসমৰ ফালে গ’লেই নলবাৰীৰ এইখন হোটেল কিউ গ্ৰীণৰ ২০২ নং কোঠাতেই জিৰণি লৈছিল । গ্ৰহণ কৰিছিল আহাৰ । কথাও পাতিছিল গান আৰু ছবি জগতৰ । এক মধুৰ কালজয়ী স্মৃতি থাকি গ'ল হোটেল গ্ৰীণত ।

তেওঁলোকে লগতে আৰু কয়, "জুবিন দা শেষবাৰৰ বাবে গোৱালপাৰালৈ গৈ থকা পথত ২৯ আগষ্ট তাৰিখে হোটেলখনত উপস্থিত হৈছিল । তাত ছবি সম্পৰ্কেও কথা বতৰা পাতিছিল হোটেলখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলৰ সৈতে । সেইদিনাও জুবিন দাই ৰৈ ৰৈ বিনালে ছবিখনৰ কথা পাতিছিল । একেলগে সংলগ্ন চোটু মহাৰাজ চিনেমা হলটোও পৰিদৰ্শন কৰিছিল ।"

Nalbari Chotu Maharaj Cinema Hall to have five shows for roi roi binale
কিউ গ্ৰীণ হোটেলৰ ২০২ নং কোঠা জুবিন গাৰ্গৰ নামত উছৰ্গা কৰ্তৃপক্ষৰ (Photo : ETV Bharat Assam)

"জুবিন দাৰ স্মৃতি জীয়াই ৰখাৰ বাবে স্বত্বাধিকাৰী আচিফ ইজাজৰ নেতৃত্বত হোটেলখনৰ ২০২ নং কোঠাটো জুবিন দাৰ নামত উচৰ্গা কৰা হৈছে । তাৰ পৰা যিমান উপাৰ্জন হ’ব, সেয়া সকলো আশ্ৰম, দৰিদ্ৰ লোকসকলকৰ মাজত বিতৰণ কৰা হ’ব", এই ভাষ্য কৰ্মচাৰীৰ ৷

হোটেল কিউ গ্ৰীণত কি খাই ভাল পাইছিল জুবিন গাৰ্গে :

"জুবিন দাৰ লগত সকলো হোটেল আৰু ছবিগৃহ কৰ্তৃপক্ষৰে আছিল মধুৰ সম্পৰ্ক । জুবিন দাই অতি সাধাৰণভাৱেই চলন ফুৰণ কৰে, ব্ৰেকফাষ্ট কৰিছিল হোটেলখনত । ওচৰৰ পৰা পাইও দাদাক ভয়তে মাতিব নোৱাৰিলো ! সেয়া দুখ থাকি গ'ল”, বুলি এগৰাকী কৰ্মচাৰীয়ে মনৰ ভাৱ প্ৰকাশ কৰে ৷

“দাদা আকৌ আহিব, সেইবাৰ নিশ্চয় মাতিম । কিন্তু সেয়া আৰু হৈ নুঠিল ! দাদাই আমাৰ ৰেস্তোৰাঁত আমিষ আহাৰ গ্ৰহণ কৰি ভাল পাইছিল । নামনি অসমৰ যিকোনো ঠাইলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে গ’লে আমাৰ ৰেস্তোৰাঁত বেষ্ট আমিষ আহাৰেই গ্ৰহণ কৰি ২০২ নং কোঠাত জিৰণি লৈছিল ।" এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক ওচৰত পাইও মনত ৰৈ যোৱা দুখ ব্যক্ত কৰে হোটেলখনৰ কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক : ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব