ETV Bharat / entertainment

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব শিল্পী সমৰ হাজৰিকাক

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰথিতযশা শিল্পী সমৰ হাজৰিকাৰ । সমৰ হাজৰিকালৈ মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব চৰকাৰে ।

Artist Samar Hazarika will be given a state-level farewell at Navagraha crematorium
পত্নীয়ে বিদায় দিলে সমৰ হাজৰিকাক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 13, 2026 at 5:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰথিতযশা শিল্পী সমৰ হাজৰিকাৰ । নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব । নিজৰাপাৰৰ বাসগৃহৰ পৰা আকাশবাণী, দীপক সংঘত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানলৈ যোৱা হ'ব । নিমোনিয়াত ভুগি থকা শিল্পীগৰাকীয়ে ৭৯ বছৰ বয়সত মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ।

মন্ত্ৰী বিমল বড়াই বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায় । তেওঁ সংবাদমাধ্যমৰ আগত কয়, "উৰুকাৰ পুৱাই এটা দুঃসংবাদে সকলোৰে মন ব্যথিত কৰিছে । সমৰ হাজৰিকা আমাৰ মাজৰ পৰা আঁতৰি গৈছে । সমৰ হাজৰিকাৰ কথা কোৱাৰ লগে লগে মনলৈ আহে ভূপেন হাজৰিকাৰ কথা । সুধাকণ্ঠৰ আঙুলিত ধৰি সাংস্কৃতিক ক্ষেত্ৰত কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই ভৰি দিছিল । যোৱা সাতটা দশক ধৰি জীৱন কালৰ অনবদ্য সাংস্কৃতিক সমলেৰে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি গৈছে ।"

ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব শিল্পী সমৰ হাজৰিকাক (ETV Bharat Assam)

মন্ত্ৰী বড়াই কয়, "তেওঁৰ এই মৃত্যু অপূৰণীয় । তেওঁৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো । চিৰশান্তি কামনা কৰিছো । নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব আকাশবাণী, দূৰদৰ্শন কেন্দ্ৰ আৰু দীপক সংঘত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব । গায়ন বায়নে শ্মশানলৈ লৈ যোৱা হ'ব শিল্পীগৰাকীৰ নশ্বৰদেহ ।"

ইয়াৰোপৰি আন এক সিদ্ধান্তৰ কথাও ৰাজহুৱা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "তেওঁক মৰণোত্তৰভাৱে শিল্পী সন্মান প্ৰদান কৰা হ'ব । অসম চৰকাৰৰ পৰা প্ৰতিবছৰে আগবঢ়োৱা 'শিল্পী সন্মান' শিল্পী দিৱসৰ দিনটোত প্ৰদান কৰা হয় । এইবাৰ আমি সমৰ হাজৰিকাক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো । কিন্তু দুখৰ বিষয় তেওঁ জীৱিতকালত আমি এই বঁটা তেওঁৰ হাতত তুলি দিব নোৱাৰিলো । মৰণোত্তৰভাৱে তেওঁক এই বঁটাৰে সন্মানিত কৰিম ।"

ইফালে শিল্পীগৰাকীৰ বাসগৃত উপস্থিত হৈ বিশিষ্ট শিল্পী তথা বৌয়েক মনীষা হাজৰিকাই আবেগিক হৈ কয়, "অসম তথা চিনেমা জগতৰ বাবে এটা দুখৰ খবৰ । ১৯৭৭ পৰা বহু গান গালে । এমাহ আগতে তেওঁ নিজে এক অনুষ্ঠানত গান গাইছে । আমাৰ ঘৰখন খালী হৈ গ'ল । আমি বন্ধুৰ নিচিনা আছিলো ।"

একেদৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাই বাল্য কালৰ স্মৃতি ৰোমন্থন কৰে । তেওঁ কয়, "আমি বাল্য বন্ধু আছিলো ।"

লগতে সুঁৱৰিলে আন বহু কথা । আনহাতে শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্ন দল-সংগঠনে শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক: আকাশৰ ৰংবোৰ হেঙুলীয়া হ'ল, দিনৰ সুৰুযটিও কেনি গুচি গ'ল... ! আকাশৰ তৰা হ'বলৈ গুচি গ'ল সমৰ হাজৰিকা

চাকৰি পায়ো কৰা নাছিল, এনে টান আছিল ওজাপালিৰ প্ৰতি