ETV Bharat / entertainment

গুৰুতৰভাৱে অসুস্থ বিশিষ্ট সংগীতশিল্পী সমৰ হাজৰিকা

শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে অসুস্থ হৈ পৰিছিল সংগীতশিল্পী সমৰ হাজৰিকা ৷ বৰ্তমান চিকিৎসা চলি আছে হায়াত হাস্পতালত ৷

Renowned musician Samar Hazarika has been suffering from breathing difficulties
অসুস্থ বিশিষ্ট সংগীতশিল্পী সমৰ হাজৰিকা (Photo : Samar Hazarika Facebook)
author img

By ETV Bharat Entertainment Team

Published : December 10, 2025 at 4:51 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিশিষ্ট সংগীতশিল্পী সমৰ হাজৰিকা । কিছুদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ কষ্টত ভুগি আছিল শিল্পীগৰাকী । প্ৰথিতযশা জ্যেষ্ঠ শিল্পী সমৰ হাজৰিকাক বিগত ৮ ডিচেম্বৰত হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয় ।

প্ৰাথমিক পৰীক্ষাৰ পিছতে সমৰ হাজৰিকাক চিকিৎসকৰ পৰামৰ্শমৰ্মে আই চি ইউত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে, হায়াত হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপাংকৰ দাসৰ অধীনত চিকিৎসাধীন শিল্পীগৰাকী হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত হৈছে । দীৰ্ঘদিনৰ পৰা হৃদৰোগতো আক্ৰান্ত সমৰ হাজৰিকাৰ বৰ্তমান হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসাত প্ৰাথমিক গুৰুত্ব দিয়া হৈছে ।

ডাঃ দীপাংকৰ দাসে প্ৰকাশ কৰা অনুসৰি, ভৰ্তিৰ সময়ত তেওঁৰ দেহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছিল আৰু সেয়া স্বাভাৱিক কৰাৰ উদ্দেশ্যে চিকিৎসা প্ৰদান কৰি থকা হৈছে । আনহাতে তেওঁৰ ৰক্তচাপ কিছু পৰিমাণে কমিছিল যদিও বৰ্তমান স্বাভাৱিক স্তৰতে আছে । এটা বিশেষজ্ঞ চিকিৎসক দলৰ তত্বাৱধানত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যাকে আদি কৰি সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে আনুষংগিক চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ যদিও তেওঁক আই চি ইউতে ৰখা হৈছে । কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ স্বাভাৱিক হʼলেই তেওঁক আই চি ইউৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হʼব বুলি জানিবলৈ দিছে চিকিৎসকে ।

লগতে পঢ়ক : মাঘত আহি আছে জাহ্নু বৰুৱাৰ নতুন ছবি 'হেৰোৱা ছন্দ'; এক বিশেষ সাক্ষাৎকাৰ