ETV Bharat / entertainment

সমিতিয়ে দিয়া প্ৰতিবেদন অনুসৰি বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ: বিমল বড়া

জুবিনক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিখনে দিয়া প্ৰতিবেদন অনুসৰি বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ । জুবিন ক্ষেত্ৰক লৈ গৰিমা গাৰ্গৰ আক্ষেপৰ পাছতেই প্ৰতিক্ৰিয়া সাংস্কৃতিক মন্ত্ৰীৰ ।

Minister Bimal Borah reacts regarding the construction of Zubeen Garg Samadhi Kshetra
সমিতিয়ে দিয়া প্ৰতিবেদন মতে বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 12:46 PM IST

|

Updated : February 28, 2026 at 4:12 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: প্ৰাণৰ শিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী ।‌ প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই লাখ লাখ অনুৰাগী । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী কৰি শিল্পীজনৰ মৃত্যুৰ ৰহস্য ফাদিল কৰা আৰু দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপিত কৰিছে সকলোৱে । ইয়াৰ সামান্তৰালভাৱে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ শিল্পীগৰাকীৰ পৰিয়ালৰ লগতে সচেতন ৰাইজে দাবী জনাই আহিছে ।

জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰে প্ৰথম অৱস্থাত সমিতি গঠন কৰিছিল । কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত জুবিন ক্ষেত্ৰক লৈ চৰকাৰে কেনে পৰিকল্পনা কৰিছে সেই কথা জানিব পৰা হোৱা নাই বা চৰকাৰে ৰাজহুৱা কৰা নাই । শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান আঁতৰ কৰি পৰিস্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল । কিন্তু জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা কাম চৰকাৰে কেতিয়াৰ পৰা হাতত ল'ব সেই কথা জানিবলৈ দিয়া নাছিল ।

সমিতিয়ে দিয়া প্ৰতিবেদন মতে বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ (ETV Bharat Assam)

ফলত শুকুৰবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা ক্ষেত্ৰত তৎপৰ নোহোৱাক লৈ আক্ষেপ প্ৰকাশ কৰি কৈছিল,"বাৰিষাৰ পূৰ্বে জুবিনক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব লাগে । জুবিনক্ষেত্ৰক সুন্দৰকৈ ৰখাটো আমাৰ সকলোৰে দায়িত্ব । বাৰিষাৰ পূৰ্বে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ঠাইখিনি বেয়া হৈ পৰিব । গৰিমা গাৰ্গৰ এই মন্তব্যৰ পাছতেই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

জুবিনক্ষেত্ৰ আজিলৈকে নিৰ্মাণ নোহোৱা সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই কয়, "জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছে । সমিতিখনে গোটেই বিষয় বস্তুবোৰ অধ্যয়ন কৰি আছে । তেওঁলোকে কৰা পৰিকল্পনা চৰকাৰৰ হাতত জমা দিব । জুবিনক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিখনে দিয়া প্ৰতিবেদন মতে বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ । সমিতিখনে প্ৰতিবেদন দাখিল কৰা পাছতে চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব জুবিন ক্ষেত্ৰৰ ।"

লগতে পঢ়ক: দৌল উৎসৱৰ পিছতে ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা; নলবাৰীত মন্তব্য সভাপতি দিলীপ শইকীয়াৰ

মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী

Last Updated : February 28, 2026 at 4:12 PM IST