অসমৰ বাবে সাহায্য বিচাৰি অক্সফৰ্ড ষ্ট্ৰীট-পিকাডিলী চাৰ্কাছৰ ৰাজপথত মেঘৰঞ্জনীৰ নৃত্য
লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।

By ETV Bharat Entertainment Team
Published : August 5, 2026 at 12:47 PM IST
গুৱাহাটী : লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায় বিচাৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে ।
সামাজিক মাধ্যম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনালে অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীয়ে । অভিনেত্ৰীগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে তেওঁৰ স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে ।
এই অনুষ্ঠানৰ পূৰ্বে এক ভিডিঅ’ বাৰ্তাযোগে অভিনেত্ৰীগৰাকীয়ে কয়, “কামৰ বাবে মই জুলাই মাহৰ প্ৰথম সপ্তাহত লণ্ডনলৈ আহিছিলোঁ, মোৰ নৃত্য অনুষ্ঠান আৰু কৰ্মশালা আছিল । মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে সামৰ্থ অনুসৰি ইতিমধ্যে সাহায্য আগবঢ়াইছোঁ । কথক নৃত্য যিহেতু মোৰ পেছা, সেয়ে অসমলৈ উভতি যোৱাৰ পূৰ্বে লণ্ডনৰ দুটা বিখ্যাত ঠাই অক্সফৰ্ড ষ্ট্ৰীট আৰু পিকাডিলী চাৰ্কাছত মই ৰোড শ্ব' কৰিবলৈ ওলাইছো । ইয়াত মোক সংগ দিব মোৰ স্বামী নীল আৰু ছাত্ৰী ইন্দ্ৰানীয়ে । আমি তিনিওজনে এটা সৰু প্ৰচেষ্টা হাতত লৈছোঁ । এই অনুষ্ঠানৰ পৰা আমি যিখিনি ধন সংগ্ৰহ কৰিব পাৰো, সেইখিনি আমি অসমলৈ লৈ যাম ।”

লগতে তেওঁ কয়, “অসমলৈ উভতি যোৱাৰ পাছত মোৰ NGO সুৰসংগমৰ জৰিয়তে আমি সকলোকে সহায় কৰাৰ বহু পৰিকল্পনা হাতত লৈছোঁ । ইয়াত বহু দেশৰ লোক থাকে আৰু মোৰ কৰ্মশালাত বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছিল আৰু তেওঁলোকে ইতিমধ্যে সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে । আমি ইতিমধ্যে কিছু সাহায্য সংগ্ৰহ কৰিছোঁ । লগতে পেছাগতভাৱে এই কৰ্মশালাৰ জৰিয়তে মই যিখিনি ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো, সেইখিনি মই বানাক্ৰান্তক আগবঢ়াম ।”
লগতে পঢ়ক : কৰ্তব্যপথেৰে সীমান্ত শেখৰ আগবাঢ়িছে বানাক্ৰান্তৰ কাষলৈ

