ETV Bharat / entertainment

তেলুগু ফিচাৰ ফিল্ম 'বা বা ব্লেক শ্বীপ' ৰ শ্বুটিং সম্পন্ন মেঘালয়ত

মেঘালয় চলচ্চিত্ৰ পৰ্যটন নীতিৰ অধীনত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ফিচাৰ ফিল্মৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ ৷ তেলুগু ফিচাৰ ফিল্ম Baa Baa Black Sheep ৰ শ্বুটিং সম্পূৰ্ণ মেঘালয়ত ৷

meghalaya-film-tourism-policy-first-full-length-telugu-feature-film-baa-baa-black-sheep-shoot-complete-in-the-state
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ছবিখনৰ প্ৰযোজক ৱেণু দোণেপুড়ি (photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 22, 2025 at 4:34 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মেঘালয় চলচ্চিত্ৰ পৰ্যটন নীতি ২০২৫ ৰ অধীনত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ফিচাৰ ফিল্মৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । গুণি মানচিকান্তি ( Guni Manchikanti)ৰ পৰিচালনাত আৰু চিত্ৰালয়ম ষ্টুডিঅ’ (Chitralayan Studios)ৰ প্ৰযোজনাত তেলুগু ফিচাৰ ফিল্ম 'বা বা ব্লেক শ্বীপ' (Baa Baa Black Sheep)’ ৰ শ্বুটিং মেঘালয়ত সম্পন্ন কৰা হৈছে ।

মেঘালয়ৰ বিশেষকৈ চহৰা (চেৰাপুঞ্জী) ৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দর্যৰ মাজত ছবিখনৰ প্ৰতিটো দৃশ্য বন্দী কৰা হৈছে । মাত্ৰ ২৫ দিনত ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰি তোলা হৈছে ।

baa baa black sheep
মেঘালয়ত 'বা বা ব্লেক শ্বীপ' ৰ শ্বুটিঙৰ মুহূৰ্ত (ETV Bharat Assam)

ছবিখনত প্ৰায় ২০০০ স্থানীয় যুৱক–যুৱতীক বিভিন্ন বিভাগত নিযুক্ত কৰা হৈছিল । এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, “মেঘালয় চলচ্চিত্ৰ নীতিৰ অধীনত প্ৰথমখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । এইখন তেলুগু ছবি, কেৱল ২৫ দিনৰ ভিতৰত শ্বুটিং কৰা হৈছে আৰু ছবিখনৰ ১০০% দৃশ্য মেঘালয় মূলতঃ চহৰাত দৃশ্যগ্ৰহণ কৰা হৈছে । এই ছবিখনত প্ৰায় ২০০০ জন স্থানীয় যুৱক–যুৱতীয়ে শ্বুটিঙত কাম কৰিছিল । মই অত্যন্ত আনন্দিত হৈছো আৰু আশা কৰোঁ আগলৈও বহু নিৰ্মাতা চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ বাবে আহিব আৰু মেঘালয় এখন জনপ্রিয় চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ স্থান হৈ পৰিব ।”

baa baa black sheep
মেঘালয়ত 'বা বা ব্লেক শ্বীপ' ৰ শ্বুটিঙৰ মুহূৰ্ত (ETV Bharat Assam)

ছবিখনৰ প্ৰযোজক ৱেণু দোণেপুড়িয়ে( Venu Donepudi) মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই কয়, “মেঘালয়ত ছবিৰ শ্বুটিং কৰাটো অত্যন্ত মনোমোহা অভিজ্ঞতা । মুখ্যমন্ত্ৰীৰ নেতৃত্ব আৰু মেঘালয়বাসীৰ সহযোগত আমি ৩০ দিনতো নহয়—মাত্ৰ ২৫ দিনৰ ভিতৰত এখন ছবি সম্পূৰ্ণ কৰিব পাৰিলো, যি নিজেই এক ৰেকৰ্ড ৷”

ছবিখন খাছী ভাষাতো মুক্তি পাব বুলি তেওঁ মন্তব্য কৰে । ছবিখনৰ প্ৰযোজকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক প্ৰিমিয়াৰ শ্ব’লৈ আমন্ত্ৰণ জনায় । Baa Baa Black Sheep এখন উত্তেজনামূলক ক্রাইম–ক’মেডী ছবি ।

baa baa black sheep
মেঘালয়ত 'বা বা ব্লেক শ্বীপ' ৰ শ্বুটিঙৰ মুহূৰ্ত (ETV Bharat Assam)

উল্লেখ্য যে, মেঘালয়ৰ চলচ্চিত্ৰ নীতি অনুসৰি এখন চলচ্চিত্ৰৰ কমেও ৭৫% দৃশ্য মেঘালয়ৰ ভিতৰতে শ্বুটিং হ'ব লাগিব । তেতিয়া চলচ্চিত্ৰ নীতিৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাতাক এক কোটি টকা পৰ্যন্ত চৰকাৰে আৰ্থিক সহায় প্ৰদান কৰিব ।

তদুপৰি মেঘালয়ৰ স্থানীয় শিল্পীসকলক চলচ্চিত্ৰত স্থান দিলে অতিৰিক্তভাৱে ৫০ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব ।‌ মুঠতে মেঘালয়ত দৃশ্যগ্ৰহণ কৰিবলৈ যোৱা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজকক ডেৰ কোটি টকাৰ সহায় কৰিব চৰকাৰে ।

baa baa black sheep
মেঘালয়ত 'বা বা ব্লেক শ্বীপ' ৰ শ্বুটিঙৰ মুহূৰ্ত (ETV Bharat Assam)

এই চলচ্চিত্ৰ নীতি কেৱল বলীউড নহয়, সকলো ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ বাবে প্ৰযোজ্য । প্ৰাথমিক পৰ্যায়ত ৮-১০খন চলচ্চিত্ৰৰ বাবে পুঁজিৰ যোগান ধৰা হ'ব । এই নীতি সফল হ'লে পৰৱৰ্তী পৰ্যায়ত সম্প্ৰসাৰণ কৰা হ'ব ।

লগতে পঢ়ক : মেঘালয়ত ছবিৰ শ্বুটিং কৰিব বিচাৰে নেকি ?