অসমৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা, ৬ গৰাকী শিল্পীলৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ
অসমৰ পৰা কেবাগৰাকীও শিল্পীয়ে লাভ কৰিছে ২০২৪-২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ৷ চাওঁ আহক এইসকল শিল্পী কোন কোন ?

By ANI
Published : June 11, 2026 at 9:53 AM IST
গুৱাহাটী: ঘোষণা হ’ল ২০২৪-২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ৷ বুধবাৰে সংগীত নাটক অকাডেমীয়ে পৰিবেশন কলাৰ ক্ষেত্ৰৰ সাতগৰাকী বিশিষ্ট ব্যক্তিক একাডেমী ফেল’শ্বিপ (অকাডেমী ৰত্ন) হিচাপে নিৰ্বাচিত কৰে ৷ লগতে ২০২৪-২৫ বৰ্ষৰ সংগীত, নৃত্য আৰু অন্যান্য পৰিবেশন কলাৰ ক্ষেত্ৰৰ ১০৮ গৰাকী শিল্পীলৈ বঁটা ঘোষণা কৰে ।
সংগীত নাটক অকাডেমীৰ সাধাৰণ পৰিষদে ১০৬ গৰাকী যুৱ শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰিছে । এই বঁটাসমূহ সংগীত নাটক অকাডেমীৰ অধ্যক্ষই বিশেষ অনুষ্ঠানত প্ৰদান কৰিব । ১৯৫২ চনৰ পৰা সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয় ।
অসমৰ পৰাও এইবাৰ কেবাগৰাকীও শিল্পীয়ে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে ৷ সংগীত, নৃত্য, নাটক, পুতলা নাচকে ধৰি সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে এইসকল শিল্পীক সংগীত নাটক অকাডেমী বঁটাৰ বাবে বাচনি কৰা হৈছে ৷
অসমৰ অন্যতম পৰিচয় সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰেম ওজা বৰবায়নলৈ আগঢ়োৱা হৈছে 2024 বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ৷ একেদৰে কথক শিল্পী বিপুল চন্দ্ৰ দাসলৈও আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ।
প্ৰসিদ্ধ অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ৷ অসমৰ অভিনয় জগতৰ অন্যতম প্ৰবীণ অভিনেত্ৰী তথা হাঁহিৰ থুনপাক হিচাপে পৰিচিত চেতনা দাস ৷ মঞ্চ নাট, বোলছবি, ধাৰাবাহিক আদিত চেতনা দাসৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷
সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰা আন দুগৰাকী অসমীয়া শিল্পী হৈছে মল্লিকা কন্দলী আৰু ভাস্কৰজ্যোতি ওজা । দুয়োজনে ২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে ।
আনহাতে মিনাক্ষী মেধিলৈ সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । সুখ্যাতিসম্পন্ন বাঁহীবাদক দিলীপ হীৰালৈও আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ । একেদৰে টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে শিল্পী হীৰকজ্যোতি শৰ্মালৈ ২০২৫ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।
Assam’s young generation continues to make us proud with their extraordinary cultural talent.
— Bimal Borah (@BimalBorah119) June 11, 2026
Heartiest congratulations to the recipients of the Ustad Bismillah Khan Yuva Puraskar for 2024 and 2025 from Assam.
From the rich legacy of Sattriya to folk arts, music, dance and… pic.twitter.com/QXOiayu7Hz
সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে মাজুলীৰ নিৰঞ্জন শইকীয়া বৰবায়নলৈও ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । একেদৰে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি খোলবাদ্যৰ সাধনাৰ বাবে দেৱজিৎ শইকীয়ালৈ ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথে ৷
সংগীত নাটক অকাডেমী হৈছে সংগীত, নৃত্য আৰু নাটকৰ ক্ষেত্ৰত ভাৰতৰ পৰিবেশন কলাৰ শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা । ১৯৫৩ চনত স্থাপিত আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এই অকাডেমী ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে উৎসৰ্গিত ।
সংগীত নাটক অকাডেমী ফেল’শ্বিপৰ বাবে তিনি লাখ টকা আৰু সংগীত নাটক অকাডেমী বঁটাৰ বাবে এক লাখ টকা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও এখন তাম্ৰ-পত্ৰ আৰু অংগবস্ত্ৰও প্ৰদান কৰা হয় বঁটা প্ৰাপকসকলক । উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰা সকলে পঁচিশ হাজাৰ টকাৰ উপৰিও এখন তাম্ৰ-পত্ৰ আৰু এখন অংগবস্ত্ৰ লাভ কৰে । সংগীত নাটক অকাডেমীৰ ফেল’শ্বিপ আৰু বঁটা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ অনুষ্ঠানত প্ৰদান কৰিব ।
লগতে পঢ়ক: কনচাৰ্ট টুৰিজিম পলিচী মুখ্যমন্ত্ৰীৰ ভিজন : পদ্মপাণি বৰা

