দাদাৰ গাত যাতে বৰষুণৰ পানী নপৰে : জুবিন ক্ষেত্ৰৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল মানস ৰবীন
জুবিন ক্ষেত্ৰত কেৱল চালি নিৰ্মাণেই নহয়, অনুৰাগীৰ বাবে শৌচাগাৰ আৰু বিশুদ্ধ খোৱাপানীৰো ব্যৱস্থা কৰিব মানস ৰবীনে ৷

By ETV Bharat Entertainment Team
Published : March 16, 2026 at 5:22 PM IST
সোণাপুৰ : অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ মৰম আৰু সন্মান প্ৰদৰ্শনেৰে নিৰ্মাণ কৰা 'জুবিন ক্ষেত্ৰ'ৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিশিষ্ট শিল্পী মানস ৰবীনে । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিভিন্ন আলোকচিত্ৰ আৰু অনুৰাগীসকলে দিয়া উপহাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জনপ্ৰিয় শিল্পী মানস ৰবীনে । জুবিন ক্ষেত্ৰত থকা এই অমূল্য সামগ্ৰীবোৰৰ সুৰক্ষাৰ বাবে বৰ্তমানৰ ত্ৰিপালসমূহ আঁতৰাই তাৰ ঠাইত টিনপাত লগোৱাৰ ব্যৱস্থা কৰা হৈছে ।
আজিৰ পৰা যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই টিনপাতৰ চালি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে যাতে জুবিন গাৰ্গৰ স্মৃতিচিহ্নসমূহ সযতনে সংৰক্ষিত হৈ থাকে । নিৰ্মাণাধীন জুবিন ক্ষেত্ৰ আৰু তাত থকা জুবিন গাৰ্গৰ স্মৃতিচিহ্নসমূহ সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিছে জনপ্ৰিয় শিল্পী মানস ৰবীন ।
জুবিন ক্ষেত্ৰৰ সুৰক্ষাৰ বাবে মানস ৰবীনৰ বিশেষ পদক্ষেপ
জুবিন ক্ষেত্ৰখন স্থায়ীভাৱে নিৰ্মাণ নোহোৱা পৰ্যন্ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আলোকচিত্ৰ আৰু অনুৰাগীসকলে দিয়া উপহাৰসমূহ বতাহ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ শিল্পী মানস ৰবীনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

গুৱাহাটীত উপস্থিত হৈ আজি ক্ষেত্ৰখন পৰিদৰ্শন কৰাৰ সময়ত তেওঁ লক্ষ্য কৰে যে বতাহত পূৰ্বৰ ত্ৰিপালসমূহ উৰি যোৱাৰ উপক্ৰম হৈছে । ইয়াৰ ফলত মৰমৰ সামগ্ৰীসমূহ নষ্ট হোৱাৰ সম্ভাৱনা আছে ।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে কয়, "আজি আহি দেখিলো যে বতাহত ত্ৰিপালবোৰ ফুলি উঠিছে, বেছি বতাহ দিলে সেইবোৰ উৰি যাব পাৰে । জুবিন দাৰ গাত যাতে বৰষুণৰ পানী নপৰে, তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ । জুবিন ক্ষেত্ৰ স্থায়ী ৰূপত নিৰ্মাণ নোহোৱা পৰ্যন্ত ৰাইজে মৰমতে দিয়া সামগ্ৰীসমূহ যাতে নষ্ট নহয়, তাৰ বাবে অহা তিনিদিনৰ ভিতৰত টিনপাত লগোৱাৰ কাম সম্পূৰ্ণ কৰা হ’ব ।"

শিল্পীগৰাকীৰ এই প্ৰচেষ্টাত স্থানীয় ৰাইজেও সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে ।
জুবিন ক্ষেত্ৰত ভক্ত আৰু অনুৰাগীৰ বাবে অতিৰিক্ত সা-সুবিধা
কেৱল চালি নিৰ্মাণ কৰাই নহয়, জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীসকলৰ সুবিধাৰ বাবে শিল্পী মানস ৰবীনে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে-
অস্থায়ী চালি: চাকি জ্বলোৱা স্থানটো সুৰক্ষিত কৰিবলৈ এটা সুকীয়া অস্থায়ী চালি নিৰ্মাণ কৰা হ’ব ।
শৌচাগাৰৰ সুবিধা: দূৰ-দূৰণিৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ সু-ব্যৱস্থা কৰা হ’ব ।
বিশুদ্ধ খোৱাপানী: ক্ষেত্ৰখনলৈ অহা লোকসকলৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰো প্ৰচেষ্টা চলাইছে শিল্পীগৰাকীয়ে ।

মানস ৰবীনৰ এই পদক্ষেপে জুবিন অনুৰাগীসকলক যথেষ্ট আশ্বস্ত কৰিছে । সকলোৰে সহযোগিতাৰে জুবিন ক্ষেত্ৰখনক এটা মৰ্যাদাপূৰ্ণ ৰূপ দিয়াই তেওঁৰ মূল লক্ষ্য।
লগতে পঢ়ক : জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত অনুৰাগীৰ মাজত কুঁহিয়াৰ বিলালে মানস ৰবীনে

