ETV Bharat / entertainment

জুবিন গাৰ্গৰ নামত উৎসর্গিত মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা

জুবিন গাৰ্গৰ নামত উচৰ্গিত হ’ব মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা....দৰ্শনী পত্ৰবিহীনভাৱে মুকলিকৈ প্ৰদৰ্শিত হ’ব তিনিদিনীয়া ৰাসলীলা....মাজুলীত ৰাস উপভোগ কৰিবলৈ মন আছিল জুবিনৰ ৷

Majuli Youth Coordination Cultural Association dedicates Raaslila in the name of Zubeen Garg
জুবিন গাৰ্গৰ নামত উচৰ্গিত হ’ব মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 20, 2025 at 1:54 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাথো কেইটামান দিন । ৰাস আৰু মাজুলীৰ আছে এৰাব নোৱৰা সম্পৰ্ক । ৰাস বুলিলেই পোন প্ৰথমে সত্ৰনগৰী মাজুলীৰ কথাই মনলৈ আহে । ৰাস মহোৎসৱক লৈ এতিয়াৰ পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলীত । খোল-তাল, বাঁহীৰ সুৰ, কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী মাজুলীৰ আকাশ-বতাহ ।

মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চ সাজু হৈ উঠিছে এই ৰাস মহোৎসৱভাগী উদযাপনৰ বাবে । ৰাসৰ এই সময়ছোৱাত সত্ৰনগৰী মাজুলী পৰ্যবসিত হ’ব দ্বিতীয় বৃন্দাবনলৈ । এইবাৰ জুবিন গাৰ্গ বিহীন মাজুলীৰ প্ৰথম ৰাস । অসমীয়াৰ স্বাভিমান হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত এইবাৰ উচৰ্গিত হ’ব যুৱ সমন্বয় কৃষ্টিসংঘৰ ৰাসলীলা ৷

জুবিন গাৰ্গৰ নামত উচৰ্গিত হ’ব মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা (ETV Bharat Assam)

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ২০০২ চনত দৰিয়াডুবিৰ পাৰত মাজুলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠানত গীত পৰিবেশন কৰিছিল ৷ উক্ত স্থানতে যোৱা ছটা বছৰত যুৱ সমন্বয় কৃষ্টি সংঘই অস্থায়ী মঞ্চত ৰাসলীলা উদযাপন কৰি আহিছিল ৷ দৰিয়াডুবিক লৈ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে....শীৰ্ষক গীতেৰে মাজুলীক বিশ্বমানচিত্ৰত তুলি ধৰিছিল জুবিনে ৷ জুবিন গাৰ্গৰ অকাল বিয়োগে কোটি কোটি জনতাৰ বুকু উদং কৰি তুলিছে ৷ এনে শোকাকুল পৰিৱেশ আৰু শিল্পীজনাৰ অৱদানৰ প্ৰতি সন্মান জনাই যুৱ সমন্বয় কৃষ্টিসংঘই এইবাৰৰ ৪ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ তিনিদিনীয়া শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ৰাসলীলা দৰ্শনীপত্ৰৰ অবিহনে ৰাইজক মুকলিভাবে প্ৰদৰ্শন কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

আয়োজকে কয়, "দৰিয়াডুবিত জুবিনে প্ৰথম অনুষ্ঠান কৰিছিল ৷ শেহতীয়াকৈ উক্ত স্থানতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত হাজাৰ হাজাৰ জনতাই চকুলো টুকে ৷ এইবছৰ ৰাস জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ নামত উছৰ্গা কৰিবলৈ আগবাঢ়িছোঁ ৷"

zubeenMajuli Youth Coordination Cultural Association dedicates Raaslila in the name of Zubeen Garg
জুবিন গাৰ্গৰ নামত উচৰ্গিত হ’ব মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ ৰাসলীলা (Photo : ETV Bharat Assam)

আধ্যাত্মিক পৰম্পৰা অটুট ৰাখি সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিছে আয়োজকসকলে । এখনি মানবিশিষ্ট ৰাসলীলা দৰ্শক ৰাইজৰ সন্মুখত তুলি দিব পাৰিলেহে প্ৰাণৰ শিল্পীজনাৰ নামত উচৰ্গিত কৰাৰ সাফল্য লাভ কৰিব পৰা যাব বুলি ব্যক্ত কৰে আয়োজকসকলে ৷

জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তিনিদিনীয়াকৈ মুকলিকৈ ৰাস অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে আয়োজকসকলে । সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক : মন সাগৰত জোৱাৰ তুলি, প্ৰাণৰ শিল্পীগৰাকী গুচি যোৱা এমাহ হ'ল