ETV Bharat / entertainment

ধুবুৰীত জিলা ভিত্তিক 'আবৃত্তি মহাৰণ': সফল প্ৰতিযোগীৰ লক্ষ্য এতিয়া গুৱাহাটীৰ ৰাজ্যিক মঞ্চ

ভূপেন্দ্ৰ বন্দনাৰে মুখৰিত ধুবুৰীৰ গৌৰীপুৰ ৷ আবৃত্তি মহাৰণত জিলিকি উঠিল জিলাখনৰ ১৫ গৰাকী প্ৰতিভা ৷

maharan of poem recitation District-level competition completed in Dhubri: Successful participants will go to Guwahati
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 15, 2026 at 5:30 PM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ধুবুৰী জিলাত এক জিলা ভিত্তিক 'আবৃত্তি মহাৰণ' প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হৈছে । অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এই প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছিল । ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহস্থিত ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানটি অনুষ্ঠিত হয় ।

নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ধুবুৰী জিলা সমিতিৰ উপদেষ্টা অহিদ খান পেৰিছে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । আমন্ত্ৰিত অতিথিসকলে আসন গ্ৰহণ কৰাৰ পিছতে অধ্যাপিকা মালা মজুমদাৰে আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানটি পৰিচালনা কৰে । বিশ্ববিদ্যালয়খনৰ কলাগুৰু ড° প্ৰমথেশ বায়নে এই প্ৰতিযোগিতাখন সঞ্চালনা কৰে । সমিতিৰ সম্পাদক ডঃ উমাকান্ত ৰায়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে আৰু সভাপতি ডঃ আব্দুল বাতেন মণ্ডলে আদৰণি ভাষণ প্ৰদান কৰে ।

ধুবুৰীত জিলা ভিত্তিক 'আবৃত্তি মহাৰণ' সম্পন্ন (ETV Bharat Assam)

অনুষ্ঠানত গৌৰীপুৰ শাখা সমিতিৰ সভাপতি ড° গীতা সৰকাৰ আৰু জিলা সমিতিৰ উপদেষ্টা অহিদ খান পেৰিছে বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায় । প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে ডঃ ৰজত শৰ্মা, তিলোত্তমা ৰাভা আৰু অধ্যাপিকা জুঁই দাস উপস্থিত থাকে । তেওঁলোকৰ তত্ত্বাৱধানত মুঠ পাঁচটা শাখাত আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়- গজালি, কিশলয়, জোনাকী, ৰামধেনু আৰু মুকলি শাখা ৷ প্ৰতিটো শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা মুঠ ১৫ গৰাকী প্ৰতিযোগীক বিজয়ী ঘোষণা কৰা হয় আৰু তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হয় ।

centenary of sudhakantha dr bhupen hazarika preparations for maharan of poem recitation
ধুবুৰীত জিলা ভিত্তিক 'আবৃত্তি মহাৰণ' সম্পন্ন (Photo : ETV Bharat Assam)
centenary of sudhakantha dr bhupen hazarika preparations for maharan of poem recitation
ধুবুৰী জিলাত এক জিলা ভিত্তিক 'আবৃত্তি মহাৰণ' প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হৈছে (Photo : ETV Bharat Assam)

নিৰ্বাচিত ১৫ গৰাকী প্ৰতিযোগী যাব ৰাজ্যিক পৰ্যায়লৈ:

আয়োজকবৃন্দই জানিবলৈ দিয়া মতে, আগন্তুক মাহত গুৱাহাটীত ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ সৌজন্যত ৰাজ্যিক পৰ্যায়ৰ আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ধুবুৰীৰ এই জিলা ভিত্তিক প্ৰতিযোগিতাত সফল হোৱা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উক্ত ৰাজ্যিক পৰ্যায়ৰ মূল প্ৰতিযোগিতাত ধুবুৰী জিলাক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব ।

centenary of sudhakantha dr bhupen hazarika preparations for maharan of poem recitation
ভূপেন্দ্ৰ বন্দনাৰে মুখৰিত ধুবুৰীৰ গৌৰীপুৰ (Photo : ETV Bharat Assam)

লগতে পঢ়ক : সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে জাজৰিত আবৃত্তিৰ জোৱাৰ !