ETV Bharat / entertainment

জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সামাজিক মাধ্যমত সৰ্ববৃহৎ ডিজিটেল প্ৰতিবাদ

সামাজিক মাধ্যমত চলা ডিজিটেল প্ৰতিবাদে স্পৰ্শ কৰিলে ১ নিযুত । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ১ নিযুত অসমীয়াই বিচাৰিলে প্ৰিয়শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায় ।

Zubeen
জুবিন গাৰ্গ (Photo : Roopkar Cine Enterprise)
author img

By ETV Bharat Entertainment Team

Published : October 15, 2025 at 7:03 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ সৰ্ববৃহৎ ডিজিটেল প্ৰতিবাদ । জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত চলা ডিজিটেল প্ৰতিবাদে স্পৰ্শ কৰিলে ১ নিযুত । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ১ নিযুত অসমীয়াই বিচাৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় ।

নিজৰ নিজৰ সামাজিক মাধ্যমত#JusticeForZubeenGarg লিখি শিল্পীগৰাকীৰ ন্যায় বিচৰাৰ লগতে ভাৰত প্ৰধানমন্ত্ৰী, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী আদিকে ধৰি বহু ৰাজনৈতিক নেতাৰ পোষ্টত কমেণ্ট কৰি বিচাৰিলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায় । অসমবাসীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে পৰিয়াল বৰ্গয়ো সামাজিক মাধ্যমত কৰিছে প্ৰতিবাদ ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাকৈ অসমীয়াই পাৰ কৰিলে ২৭ টা দিন । বিগত ২৭ দিনেই পোহৰলৈ নাহিল ছিংগাপুৰত শিল্পী জুবিন গাৰ্গে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ ৰহস্য ৷

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুক জুবিন গাৰ্গৰ পৰিয়াল, জুবিন অনুৰাগী কোনোৱে সহজভাৱে ল'ব পৰা নাই । আৰক্ষীয়ে ৰাইজৰ হেঁচাত পৰি কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাৰ ২৭ দিন হৈ যোৱাৰ পাছতো ঘটনাস্থলীলৈ যাব পৰা নাই তদন্তকাৰী আৰক্ষী ।

ইফালে আজি পুৱাৰ ভাগত আৰক্ষীৰ জিম্মাৰ অন্তত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক । উল্লেখ্য যে যোৱা 1 অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক এছ আই টিয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিছিল । দুয়োকে সেইদিনাই পুৱা কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰোৱা হয় । মুখ্য ন্যায়িক দণ্ডাধীশে মহন্ত আৰু শৰ্মাক 14 দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰ সমান্তৰালভাবে জুবিনৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক যোৱা 8 অক্টোবৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীৰ জিম্মাৰ অন্তত আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে 5 অভিযুক্তক ।

লগতে পঢ়ক : গাৰ নোম শিঁয়ৰি উঠা কথা, অসমত এটা নতুন জাতি-ধৰ্মৰ সৃষ্টি হৈছে