২০২৬-২৭ নাট্যবৰ্ষৰ বাবে কেনেদৰে সাজু হৈছে কহিনুৰ থিয়েটাৰ ?
এইবাৰৰ নাট্যবৰ্ষৰত কহিনুৰৰ মঞ্চত মঞ্চস্থ হ'ব প্ৰণৱ বৰুৱা, চম্পক শৰ্মা আৰু ভাস্কৰজ্যোতি শৰ্মাৰ তিনিখনকৈ চমকপ্ৰদ নাটক ।

Published : June 5, 2026 at 4:50 PM IST
গুৱাহাটী: ৰাজ্যত বৰ্তমান প্ৰতিটো ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ব্যস্ত হৈ আছে ২০২৬-২৭ নাট্যবর্ষৰ প্ৰস্তুতিত ৷ ৰাজ্যৰ অন্যান্য নাট্যগোষ্ঠীসমূহৰ সমান্তৰালকৈ নতুন নাট্যবৰ্ষৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে কহিনুৰ থিয়েটাৰেও ।
তিনিখন চমকপ্ৰদ নাটেৰে ৫১ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে কহিনুৰ গোষ্ঠী । ২০২৬-২৭ নাট্যবৰ্ষৰত কহিনুৰৰ মঞ্চত মঞ্চস্থ হ'ব প্ৰণৱ বৰুৱাৰ 'বীভৎস', চম্পক শৰ্মাৰ 'আপোন যদি পৰ হয়' আৰু ভাস্কৰজ্যোতি শৰ্মাৰ 'ডাইন'চৰৰ আতংক ২'। এই তিনিওখন নাটকৰে পৰিচালনা কৰিব তপন লহকৰে ।

নতুন নাট্যবৰ্ষৰ সন্দৰ্ভত হোৱা এক টেলিফোনিক বাৰ্তালাপত কাহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে কয়, "নতুন নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । এটা সুন্দৰ বিষয়ৰ উপৰত ভিত্তি কৰি প্ৰণৱ বৰুৱাৰ 'বীভৎস' নাটকখন লোৱা হৈছে । লগতে চম্পক শৰ্মাৰ এখন মৌলিক তথা বাস্তৱধর্মী নাট 'আপোন যদি পৰ হয়' মঞ্চস্থ হ'ব । কাৰিকৰী কৌশল হিচাপে কহিনুৰ থিয়েটাৰ যিহেতু অন্যধৰণৰ পদক্ষেপ আছে । সেই অনুসৰি আমাৰ এখন পুৰণি নাট 'ডাইন'চৰৰ আতংক' পুনৰ এবাৰ নতুন ৰূপত এইবাৰ 'ডাইন'চৰৰ আতংক ০২' হিচাপে অসমবাসী ৰাইজৰ মাজলৈ আগবঢ়াম । তিনিখন নাটকৰে কাহিনী বাস্তৱধৰ্মী । আশা কৰো দর্শকে ভাল পাব ।"

আনহাতে এইবাৰ কহিনুৰৰ মঞ্চত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি জনাই ৰখা হ'ব জুবিন গাৰ্গে কণ্ঠদান কৰা কহিনুৰৰ মঞ্চৰ এটা জনপ্ৰিয় গীত 'দুচকুতে কাজলতে' । এই সন্দৰ্ভত লহকৰে কয়,"জুবিনদা আমাৰ মাজত নাই । ভ্ৰাম্যমাণ থিয়েটাৰত জুবিন গাৰ্গৰ গানেৰে যি এটা পৰিৱেশ সৃষ্টি হৈছিল, সেই পৰিৱেশটো আমি এতিয়া নাপাম । কহিনুৰ থিয়েটাৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এটা পুৰণি গীত আমি সংযোজন কৰিব । অৱশ্যে কোনখন নাটকত সেই গীতটো ৰখা হব এতিয়াও ঠিক কৰা হোৱা নাই । গীতটো কৰিব অজয় ফুকনে ।"

এইবাৰ কহিনুৰৰ মঞ্চত থাকিব অৰূপ বৈশ্য, অংকিতা শইকীয়া, ৰাজ ভৈৰৱ, কৃষ্ণমণি নাথ, গিৰিজা মহন্তকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰী । আৱহ সংগীত কৰিব অহিৰ ভৈৰবে । সংগীত কৰিব অজয় ফুকন, সত্যৰঞ্জন, পলাশজ্যোতি গগৈয়ে ।

