কেবিচিৰ মঞ্চত অমিতাভ বচ্চনৰ বিৱৰণ শুনি অবাক হৈ ৰ’ল ছৈইফ আলী খান
‘কৰীণাই মোক কি বুলি মাতিব?’ KBC-ৰ মঞ্চত ছৈইফক ধেমেলীয়া প্ৰশ্ন অমিতাভ বচ্চনৰ!

By ETV Bharat Entertainment Team
Published : September 3, 2026 at 12:47 PM IST
হায়দৰাবাদ : ছৈইফ আলী খান বৰ্তমান তেওঁৰ আগন্তুক চিনেমা ‘হেইৱান’ ক লৈ চৰ্চাত আছে ৷ এই ক্ৰাইম থ্ৰীলাৰ ছবিখনত অক্ষয় কুমাৰো মুখ্য চৰিত্ৰ আছে ৷ দুয়োগৰাকী অভিনেতা ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত আছে ৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে দুই অভিনেতাই কেবিচিৰ আগন্তুক খণ্ডত উপস্থিত থাকিব ৷
অক্ষয় কুমাৰ আৰু ছৈইফ আলী খানক শীঘ্ৰেই কৌন বনেগা কডো়ৰপতিৰ মঞ্চত দেখিবলৈ পোৱা যাব ৷ শ্ব’টোত অমিতাভ বচ্চনে ছৈইফৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ এটা কথা খুলাচা কৰে, যিটো শুনি আচৰিত হেইৱান অভিনেতাগৰাকীও আচৰিত হৈ পৰে ৷ ছৈইফে কয়, ভাগ্যবশত এইটো খেলৰ প্ৰশ্ন নহয়!
আগন্তুক খণ্ডটোৰ প্ৰ’ম’ ইতিমধ্যে ওলাইছে ৷ প্ৰ’ম’ত দুয়ো অভিনেতাকে শ্ব’টোৰ পৰিচালনাকাৰী অমিতাভ বচ্চনৰ সৈতে ধেমালি কৰা দেখা গৈছে ৷ ধেমালীয়া মুহূৰ্ততে বিগ বিয়ে ছৈইফৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ এক ডাঙৰ কথা প্ৰকাশ কৰে ৷
কৌন বনেগা কড়োৰপতিৰ আগন্তুক খণ্ডৰ প্ৰ’ম’ত ছৈইফ আলী খান আৰু অক্ষয় কুমাৰক হট ছিটত বহি থকা দেখিবলৈ পোৱা গৈছে ৷ খেল আৰম্ভ হোৱাৰ পূৰ্বে অমিতাভে ছৈইফৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত এনে এটা কথা প্ৰকাশ কৰে, যিটো শুনি আচৰিত হৈ পৰে কৰীণা কাপুৰ খানৰ স্বামী ৷ ইয়াৰ পাছত তেওঁলোকৰ সম্পৰ্কক লৈ আৰু বহুতো কথা চলা শ্ব’টোত দেখিবলৈ পোৱা যায় ৷
কৰীণা কাপুৰে মোক কি বুলি মাতিব ?
অমিতাভে কয়, "ছাৰ বহু লোকে নাজানে যে, এওঁ আমাৰ সম্পৰ্কীয় হয় ৷ ৰাজ কাপুৰ জীৰ কন্যা ৰিতু জীৰ পুত্ৰ নিখিলৰ সৈতে মোৰ কন্যাৰ বিবাহ হৈছে ৷"
ইয়াৰ পাছত বিগ বিয়ে ধেমালিৰ চলেৰে ছৈইফৰ অভিনেত্ৰী-পত্নী কৰীণা কাপুৰ খানৰ কথা উল্লেখ কৰে, যি ৰাজ কাপুৰৰ নাতিনী হয় ৷ তেওঁ ছৈইফ আলীক সোধে, "গতিকে এতিয়া মই জানিব বিচাৰিছোঁ যে মই কৰীণাক কেনেকৈ সম্বোধন কৰিম ? কৰীণাই মোক কি বুলি মাতিব ?"
ধন্যবাদ যে এইটো খেলৰ প্ৰশ্ন নহয়
অমিতাভ বচ্চনৰ কথা শুনিয়েই ছৈইফ আলী খানৰ হাঁহি ওলাই যায় ৷ তেওঁ হাঁহিমুখে উত্তৰ দিয়ে, "ভাগ্য ভাল যে, এইটো খেলৰ প্ৰশ্ন নহয় ৷" ছৈইফৰ মুখত এই কথা শুনিয়েই সকলোৱে হাঁহিবলৈ লয় ৷ কাষতে বহি থকা অক্ষয় কুমাৰৰ মুখতো হাঁহি বিয়পি পৰে ৷
এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‘কৌন বনেগা কডো়ৰপতিৰ ১৮’ৰ এই প্ৰ’ম’টো । প্ৰ’ম’টোত ছৈফ আৰু অমিতাভৰ মাজত হোৱা মনোৰঞ্জনমূলক আদান-প্ৰদানে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে । অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে এই খণ্ডটোৰ সম্প্ৰচাৰৰ বাবে ।
'হেইৱান' সম্পৰ্কে
‘হেইৱান’ৰ কথা ক’বলৈ গ’লে, ২০২৬ চনৰ ১১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন । ছবিখনৰ পৰিচালক হৈছে প্ৰিয়দৰ্শন । বোমান ইৰাণী, শ্ৰিয়া পিলগাঁওকাৰ, ছাইয়ামী খেৰ, জিছু সেনগুপ্ত আদিয়েও ছবিখনত অভিনয় কৰিছে ।
লগতে পঢ়ক :
১৮ বছৰৰ পাছত অক্ষয়-ছেইফৰ পুনৰাবৰ্তন; 'হেইৱান'ক লৈ উৎসাহিত পৰিচালক প্ৰিয়দৰ্শন
'জেন জি' ভাষা বুজি বুজি ভাগৰি পৰিল ৮৩ বছৰীয়া অমিতাভ বচ্চন! কি ক’লে বিগ বিয়ে?

