১৭ বছৰ বয়সত গোবিন্দাৰ সৈতে নৃত্য কৰিবলৈ ভয় খাইছিল কৰিশ্মা কাপুৰে ! মনত পেলালে অতীতৰ স্মৃতি
কৰিশ্মা কাপুৰে মনত পেলালে গোবিন্দাৰ সৈতে 'হুষ্ণ হে সুহানা' গানৰ দৃশ্যগ্ৰহণৰ ভয় আৰু লাজৰ অভিজ্ঞতা ৷

By ETV Bharat Entertainment Team
Published : May 25, 2026 at 1:25 PM IST
হায়দৰাবাদ: বলীউডৰ তাৰকা অভিনেত্ৰী কৰিশ্মা কাপুৰে অতীতৰ দিনবোৰ ৰোমন্থন কৰি নিজৰ কৈশোৰ কালৰ এটা বিশেষ ঘটনা শ্বেয়াৰ কৰিছে । 'কুলি নম্বৰ ১' ছবিখনৰ অতি জনপ্ৰিয় গীত 'হুষ্ণ হে সুহানা'ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । সেই সময়ত বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ সৈতে নৃত্য কৰিবলগীয়া হোৱাত তেওঁ মনত যথেষ্ট ভয় আৰু সংকোচ অনুভৱ কৰিছিল বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
'ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ছিজন ৫'ৰ মঞ্চত অতীতৰ স্মৃতিত বিভোৰ কৰিশ্মা কাপুৰ
'ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ছিজন ৫' ৰ প্ৰথমটো খণ্ডত অংশিকা ধাৰা নামৰ এগৰাকী প্ৰতিযোগীয়ে এটা অতি জনপ্ৰিয় গীতত এক শক্তিশালী নৃত্য প্ৰদৰ্শন কৰে । এই প্ৰদৰ্শনটো চাই অভিনেত্ৰী কৰিশ্মা কাপুৰ অতীতৰ স্মৃতিত আৱেগিক হৈ পৰে । সেই জনপ্ৰিয় গীতটোৰ সৈতে জড়িত নিজৰ পুৰণি দিনৰ কথা শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে, প্ৰথমবাৰৰ বাবে ছুপাৰষ্টাৰ গোবিন্দাৰ সৈতে নৃত্য কৰোঁতে আৰু বিখ্যাত নৃত্য পৰিচালক গণেশ আচাৰ্যৰ অধীনত কাম কৰোঁতে তেওঁ প্ৰথম অৱস্থাত বহুত ভয় আৰু লাজ পাইছিল ।
প্ৰতিযোগীগৰাকীক উদ্দেশ্যি কৰিশ্মাই কয়, "তোমাৰ বয়স এতিয়া মাত্ৰ ১৬ বছৰ আৰু সেই সময়ত মোৰ বয়স আছিল প্ৰায় ১৭-১৮ বছৰ, যেতিয়া মই গোবিন্দা জীৰ সৈতে একেলগে ডান্স কৰিবলগীয়া হৈছিল ।"
গণেশ আচাৰ্য আৰু ‘চি-চি’ৰ সৈতে কাম কৰাৰ অভিজ্ঞতা
অভিনেত্ৰীগৰাকীয়ে পুনৰ কয়, “মোৰ বিশেষকৈ মনত আছে, সেই গীতটো ‘চি-চি’ (গোবিন্দাৰ ঘৰুৱা নাম) ৰ সৈতে মোৰ প্ৰথম বা দ্বিতীয়টো ডান্স নম্বৰ আছিল । মই বহুত বেছি চিন্তিত আছিলোঁ আৰু নৃত্য পৰিচালক গণেশ আচাৰ্যৰ সৈতেও এইটো মোৰ প্ৰথম গান আছিল, গতিকে তেওঁলোকৰ সৈতে সংযোগটো মোৰ বাবে একেবাৰে নতুন আছিল ।”
কৰিশ্মাই লগতে মনত পেলায় যে, কেনেকৈ ছবিখনৰ পৰিচালক ডেভিদ ধৱনে নিজেই ছেটত গৈ তেওঁক সান্ত্বনা দি সাহস বঢ়াইছিল । ইয়াৰ উপৰিও ডেভিদ ধৱনেই কৰিশ্মাক সেই সময়ৰ উদীয়মান নৃত্য পৰিচালক গণেশ আচাৰ্যৰ সৈতে চিনাকি কৰাই দিছিল ।
লাজুকীয়া পৰিৱেশত হৈছিল গণেশ আচাৰ্যৰ সৈতে চিনাকি
কৰিশ্মাই লগতে কয়, “মোৰ মনত আছে ডেভিদ ধৱনে মোৰ ওচৰলৈ আহি কৈছিল, ‘জানা, এখেত এজন বহুত ভাল নৃত্য পৰিচালক, এখেত নতুন গণেশ মাষ্টাৰ ।’ সেই সময়ত তেওঁৱো বহুত লাজ পাইছিল আৰু মইও সমানেই লাজ কৰিছিলোঁ ।” তেওঁ কথাখিনি আগবঢ়াই কয়, “তাৰ পিছত তেওঁলোকে তেওঁক বুজাব লগা হৈছিল আৰু মোকো ক’বলগীয়া হৈছিল যে চোৱা, তুমি গোবিন্দা জীৰ সৈতে ডান্স কৰিছা আৰু এইটো এটা আইটেম ছং ৷”
প্ৰতিযোগীৰ প্ৰশংসাত পঞ্চমুখ কৰিশ্মা
প্ৰতিযোগী অংশিকা ধাৰাৰ আধুনিক শৈলীৰ নৃত্য প্ৰদৰ্শনক প্ৰশংসা কৰি কৰিশ্মাই কয়, “এইটো যেন ‘গৰিয়া চুৰা না মেৰা জিয়া’ গানটোৰ এটা নতুন আৰু আধুনিক ৰূপ আছিল, গতিকে মোৰ আৰু বেছি ভাল লাগিল । সুন্দৰ নৃত্য পৰিচালনা আৰু অনবদ্য প্ৰদৰ্শন । তুমি বহুত কষ্ট কৰিছা আৰু সেইয়া তোমাৰ প্ৰদৰ্শনত স্পষ্টকৈ ফুটি উঠিছে ।”
উল্লেখ্য যে, ১৯৯৫ চনত মুক্তি লাভ কৰা ‘কুলি নম্বৰ ১’ ছবিখন পৰিচালনা কৰিছিল ডেভিদ ধৱনে আৰু পূজা এণ্টাৰটেইনমেণ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল বাছু ভাগনানীয়ে । এই কমেডী-ড্ৰামা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল গোবিন্দা আৰু কৰিশ্মা কাপুৰে । তেওঁলোকৰ উপৰিও ছবিখনত কাদেৰ খান, শক্তি কাপুৰ, সদাশিৱ অম্ৰাপুৰকাৰ, হৰিশ কুমাৰ আৰু কুলভূষণ খাৰবান্দাৰ দৰে কেইবাজনো প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।
লগতে পঢ়ক : কাঁৰ ৰেড কাৰ্পেটত জিলিকিল অসমৰ ওৰণি: ডিব্ৰুগড়ৰ উৰ্মিমালা-স্নিগ্ধাৰ বিশ্ব অভিলেখ

