জুনিয়ৰ এনটিআৰৰ ঘৰত শোকৰ ছাঁ: মৰমৰ পোহনীয়া কুকুৰৰ মৃত্যুত ভাঙি পৰিছে অভিনেতা
পোহনীয়া কুকুৰ 'বাঘীৰা'ৰ মৃত্যুত মৰ্মাহত জুনিয়ৰ এনটিআৰ;ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৱেগিক প'ষ্ট ৷

By ETV Bharat Entertainment Team
Published : August 19, 2026 at 12:53 PM IST
হায়দৰাবাদ : দক্ষিণৰ তাৰকা অভিনেতা জুনিয়ৰ এনটিআৰৰ অতি মৰমৰ পোহনীয়া কুকুৰ 'বাঘীৰা'ৰ মৃত্যু হৈছে ৷ এই কুকুৰটো বিগত ৪ বছৰ ধৰি অভিনেতাগৰাকীৰ সৈতে আছিল আৰু তেওঁৰ অতি ঘনিষ্ঠ আছিল ৷ ছ’চিয়েল মিডিয়াত বাঘীৰাৰ সৈতে অতি আৱেগিক কিছুমান ফটো শ্বেয়াৰ কৰি অভিনেতাজনে নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে ৷ ফটোবোৰত অভিনেতাগৰাকীক অতি মৰ্মাহত ৰূপত দেখা গৈছে ৷
জুনিয়ৰ এনটিআৰক ইমান বেছি দুখী অৱস্থাত দেখি তেওঁৰ অনুৰাগীসকলৰ মাজতো গভীৰ শোক আৰু নীৰৱতাই বিৰাজ কৰিছে ৷ বহু অনুৰাগীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিনেতাজনক সমবেদনা জ্ঞাপন কৰি ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছে ৷
মৰমৰ বাঘীৰাৰ বাবে জুনিয়ৰ এনটিআৰৰ হৃদয়স্পৰ্শী টোকা
বিগত ৪ বছৰ ধৰি অভিনেতাগৰাকীৰ সুখ-দুখৰ সংগী হৈ থকা মৰমৰ কুকুৰ 'বাঘীৰা'ৰ মৃত্যুত ভাঙি পৰিছে জুনিয়ৰ এনটিআৰ ৷ বাঘীৰাৰ সৈতে থকা ফটো শ্বেয়াৰ কৰি অভিনেতাজনে কেপশ্বনত লিখিছে, "তুমি মোৰ জীৱনলৈ এজন সংগী হিচাপে আহিছিলা আৰু লাহে লাহে মোৰ পৰিয়ালৰ এটা অবিচ্ছেদ্য অংশ হৈ পৰিলা ৷ মোৰ প্ৰতিটো দিন তুমি মৰম, আনুগত্য, দুষ্টামি আৰু এক এনেকুৱা মানসিক শান্তিৰে ভৰাই তুলিছিলা, যিটো কেৱল তুমিয়েই দিব পাৰিছিলা ৷ তুমি নোহোৱা হৈ পৰাৰ পিছত যি নীৰৱতাই চানি ধৰিছে, সেয়া অতি গভীৰ আৰু বেদনাদায়ক ৷ কিন্তু তুমি আমাৰ বাবে এৰি থৈ যোৱা মৰমখিনিও সমানেই গভীৰ ৷ মোক তোমাৰ আপোন কৰি লোৱাৰ বাবে, মোৰ কাষত থকাৰ বাবে আৰু এই ৪টা বছৰ ইমান ধুনীয়া কৰি তোলাৰ বাবে তোমাক অশেষ ধন্যবাদ ৷ এতিয়া মুকলিকৈ দৌৰি ফুৰা মোৰ সৰু বন্ধু ৷ মই তোমাক সদায় বহুত মৰম কৰিছিলোঁ আৰু আজীৱন কৰি যাম ৷"
অভিনেতাগৰাকীয়ে বাঘীৰাৰ সৈতে অতি আৱেগিক আৰু স্মৰণীয় মূহূৰ্তৰ মুঠ ৭খন ফটো শ্বেয়াৰ কৰিছে ৷ প্ৰথমখন ফটোত অভিনেতা জুনিয়ৰ এনটিআৰক নিজৰ মৰমৰ বাঘীৰাক সাৱটি ধৰি থকা দেখা গৈছে ৷ দ্বিতীয়খন ফটোত বাঘীৰাই অতি উদাস হৈ মজিয়াত শুই থকা দেখা গৈছে ৷ তৃতীয় ফটোত বাঘীৰাই আইনা এখনৰ সন্মুখত ধেমেলীয়া ৰূপত জিভা উলিয়াই থিয় হৈ আছে ৷ চতুৰ্থখন ফটোত অভিনেতাগৰাকীয়ে বাঘীৰাৰ ডিঙিত ধৰি মৰমেৰে শুই থকা দেখা গৈছে ৷ পঞ্চমখন ফটোত জুনিয়ৰ এনটিআৰক বাঘীৰা আৰু তেওঁৰ আন এটা পোহনীয়া কুকুৰৰ সৈতে ঘৰৰ বাগিচাত বহি থকা দেখা গৈছে ৷ ষষ্ঠ ফটোত ইয়াত অভিনেতাজনে অতি মৰমেৰে বাঘীৰাৰ মূৰত হাত ফুৰাই থকাৰ এক সুন্দৰ মুহূৰ্ত বন্দী হৈছে ৷ সপ্তমখন ফটো অতি আৱেগিক, য’ত বাঘীৰাক কবৰ দিয়াৰ পিছত তাৰ ওপৰত এটা সৰু গছপুলি ৰোপণ কৰা দেখুওৱা হৈছে ৷
ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে বিভিন্ন মন্তব্যৰে অভিনেতাগৰাকীলৈ নিজৰ সমবেদনা প্ৰকাশ কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, "এই খবৰটোৱে সঁচাকৈয়ে হৃদয় ভাঙি পেলাইছে ।" আন এজন অনুৰাগীয়ে লিখিছে, "ভগৱানে আপোনাক এই কঠিন সময়ত ধৈৰ্য ধৰিবলৈ শক্তি দিয়ক ।" আন বহুতো অনুৰাগীয়ে "বাঘীৰাৰ আত্মাই চিৰশান্তি লাভ কৰক" বুলি প্ৰাৰ্থনা কৰিছে ।
উল্লেখ্য যে, অভিনেতাগৰাকীক 'ৱাৰ ২' চিনেমাত দেখা গৈছিল, যিখন চিনেমাই বক্স অফিচত আশানুৰূপ সফলতা লাভ কৰাত ব্যৰ্থ হৈছিল । বৰ্তমান অভিনেতাগৰাকী জনপ্ৰিয় পৰিচালক প্ৰশান্ত নীলৰ সৈতে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত চিনেমা 'ড্ৰেগন'ক লৈ চৰ্চাত আছে । এই এক্সনধৰ্মী চিনেমাখন ২০২৭ চনৰ ১১ জুন বিশ্বজুৰি মুক্তি পাব ।
লগতে পঢ়ক : অমিতাভ শ্ৰীবাস্তৱক আপুনি চিনি পায়নে ? 'বচ্চন' উপাধিৰ আমোদজনক কাহিনী

