অসমীয়া ছবিজগতত নতুন সংযোজন- ভেনিটি ভেন
ছবিজগতৰ অভিনেতা-অভিনেত্ৰী, বিশেষকৈ মহিলা কলা-কুশলীসকলৰ বিশেষ সুবিধাৰ বাবে অসমীয়া ছবিজগতত নতুন সংযোজন জয়মতী ভেনিটি ভেন ।

Published : February 20, 2026 at 7:01 PM IST
গুৱাহাটী : অসমীয়া ছবিজগতৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ বাবে এক ভাল খবৰ । ছবিজগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ সুবিধাৰ্থে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে অসমলৈ আনিছে এখন বিশেষ ভেনিটি ভেন, যাৰ নাম জয়মতী । এই ভেনখনত বিশেষ সুবিধা আছে ।
কি কি সুবিধা আছে ভেনখনৰ ভিতৰত ?
এই অত্যাধুনিক ভেনখনৰ ভিতৰত আছে তিনিটাকৈ পৃথক পৃথক কোঠা । প্রতিটো কোঠাৰ লগতে আছে এটাকৈ সংলগ্ন বাথৰুম । এক কথাত ক’বলৈ গ’লে, বহাৰ পৰা শোৱাপাটীলৈ, সৌন্দৰ্য চৰ্চাৰ সকলো সুবিধাৰ পৰা টিভি, এচিলৈ সকলো আছে ভেনখনৰ ভিতৰত । লগতে আছে ফ্ৰীজ, সংলগ্ন লকাৰ এই সকলোবোৰ আছে এই বিশেষ ভেনখনৰ ভিতৰত । এক কথাত ক’বলৈ গলে ভি আই পি কোঠা এটাত থকা সকলোখিনি সুবিধাই আছে ভেন খনৰ ভিতৰত ।
এই ভেনখনৰ ভাড়াসমূহ কেনেধৰণৰ হ'ব ?
চলচ্চিত্ৰ জগতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনা এই বিশেষ ভেনখনৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰিখ কৰিছে ভাড়া । নিগমৰ তৰফৰ পৰা জনোৱা অনুসৰি, “যদিহে অসমৰ লোকে শ্বুটিঙৰ বাবে ভেনখন নিয়ে তেন্তে এদিনৰ ভাড়া দিব লাগিব ১০,০০০ টকাৰ লগতে জি এছ টি । আনহাতে যদিহে অসমৰ বাহিৰৰ লোকে এই ভেনখন শ্বুটিঙৰ বাবে ভাড়াত লয়, তেন্তে এদিনৰ ভাড়া দিব লাগিব ১৫,০০০ টকাৰ লগতে জি এছ টি ।"
লগতে আৰু জনাই, "তেলৰ পইচা দিব লাগিব পৃথককৈ । অসমৰ লোকে ভেনখনৰ বাবে ৰিফাণ্ডেবল ছিকিউৰিটী ডিপোজিত দিব লাগিব ৫০,০০০ হাজাৰ টকাৰ লগতে জি এছ টি, আনহাতে বাহিৰৰ লোকে দিব লাগিব ১ লাখ টকাৰ লগতে জি এছ টি । গাড়ীখন ভাড়াত লোৱাৰ পূৰ্বে দিব লাগিব এই ধন । ইয়াৰোপৰি ভাড়াত লোৱা ব্যক্তিজনে 200 টকাকৈ প্ৰতিদিন চালক আৰু সহযোগীগৰাকীক দিব লাগিব ৷” শীঘ্ৰে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে মুকলি কৰিব অত্যাধুনিক সুবিধাযুক্ত এই ভেনিটি ভেনখন ।

উল্লেখ কৰিব লাগিব যে, অসমৰ চলচিত্ৰ জগতত পূৰ্বেও আছিল 'জয়মতী' ভেন, কিন্তু অত্যাধুনিক সুবিধা নথকাৰ বাবে বিগত কেইবাবছৰ ধৰি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ কাৰ্যালয়তে পৰি ৰৈছে ভেনখন । পূৰ্বৰ খনতকৈ এইবাৰৰ 'জয়মতী'ত আছে বিশেষ অত্যাধুনিক ব্যৱস্থা । বিশেষকৈ চলচিত্ৰ জগতৰ মহিলা অভিনেত্ৰী, কলা-কুশলীসকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে ।
প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে মুম্বাইত কৰা হৈছিল বাহনখনৰ নিৰ্মাণ । এই ভেনৰ ভিতৰত কোনোধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব । দুই-এদিনৰ ভিতৰত শ্বুটিঙৰ বাবে ওলাই যাব 'জয়মতী' ।
লগতে পঢ়ক : শিল্পীৰ এক মিঠা প্ৰেমকাহিনীৰে শীঘ্ৰে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘অশ্বমেধ’

