ETV Bharat / entertainment

জুবিন দাই যদি ন্যায় নাপাই, তেন্তে আমি কোনো সুৰক্ষিত নহওঁ :বৰষা ৰাণী বিষয়া

কিবা কথা এটাত ভাগৰ লাগে বৰষা ৰাণী বিষয়াৰ আৰু কথাটো ভাবিলেই সন্মুখত অন্ধকাৰ দেখে তেওঁ ৷ যৌৱনে আমনি কৰে ২ ৰ প্ৰচাৰত ক’লে এইদৰে ৷

joubone amoni kore 2 Barsha Rani Bishaya film to release on 2nd january actress remembers zubeen garg
২ জানুবাৰীত ছবিগৃহলৈ যৌৱনে আমনি কৰে ২ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 30, 2025 at 12:03 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে প্ৰেম প্ৰেম ভাৱ জগাই তুলিবলৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘যৌৱনে আমনি কৰে ২’ ৷ ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনতে অসমৰ ছবিগৃহত মুক্তি পাব ‘যৌৱনে আমনি কৰে’ৰ ছিকুৱেল ।

১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হৈছিল ‘যৌৱনে আমনি কৰে’ ৷ এতিয়া এক দীঘলীয়া বিৰতিৰ মূৰত অৰ্থাৎ ২৭ বছৰৰ পিছত ছিকুৱেল লৈ আহিছে নিৰ্মাতাই ৷

বৰষা ৰাণী বিষয়াৰ ভাষ্য (ETV Bharat Assam)

শেহতীয়াকৈ সামাজিক মাধ্যমযোগে নিৰ্মাতাই আগন্তুক নতুন অসমীয়া ছবিখনৰ ট্রেইলাৰ মুকলি কৰিছে । সোমবাৰে নিশাৰ ভাগত যোৰহাটৰ চিনেমা হলত দৰ্শকৰ আগত ছবিখনৰ প্ৰচাৰ চলালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷ অভিনেত্ৰীগৰাকীৰ সৈতে ছবিখনৰ আন আন কলা-কুশলীসকলো উপস্থিত থাকে ।

joubone amoni kore 2 Barsha Rani Bishaya film to release on 2nd january actress remembers zubeen garg
যৌৱনে আমনি কৰে ২ ৰ প্ৰচাৰ (Photo : ETV Bharat Assam)

আনহাতে ছবিখন প্ৰচাৰ চলাই অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়, “২৭ বছৰৰ মূৰত পুনৰবাৰ যৌৱনে আমনি কৰে দ্বিতীয় বুলি নতুন চিনেমা এখন কৰিছো, ১৯৯৮ চনত মুক্তি লাভ কৰা সেই যৌৱনে আমনি কৰেৰ পৰাই কাহিনীভাগ লৈ অনা হৈছে, মোৰ পিতৃ প্ৰযোজক-পৰিচালক অশোক কুমাৰ বিষয়াৰ পৰিকল্পনাৰে ‘যৌৱনে আমনি কৰে ২’ ইংৰাজী নতুন বৰ্ষৰ ২ জানুবাৰীত ছবিগৃহলৈ আহিব । আমি এই ছবিখনক লৈ বিচাৰিছো দৰ্শক সঁহাৰি, কাৰণ ১৯৯৮ চনত মুক্তি পোৱা ‘যৌৱনে আমনি কৰে’ ছবিখন উপভোগ কৰিছিল ১৬ লাখ দৰ্শকে ৷ কিন্তু সেই সময়ত আজি দৰে মোবাইল, সামাজিক মাধ্যম নাছিল ৷ এতিয়া ৰুচিৰ বহু পৰিৱৰ্তন হৈছে । ২৭ গৰাকী নতুন প্ৰতিভাক লৈ আগবাঢ়ি অহা ‘যৌৱনে আমনি কৰে ২’ ত সহজ সৰল অনুভূতি আৰু প্ৰেমৰ বিষয়বস্তু দেখুওৱা হৈছে, পৰিয়ালৰ সৈতে আহি সকলোৱে উপভোগ কৰিব পাৰিব আৰু চিনেমাখনৰ প্ৰতিটো চিনৰ পৰা দৰ্শকলৈ যাব পাৰিব এটা মেচেজ ।”

joubone amoni kore 2 Barsha Rani Bishaya film to release on 2nd january actress remembers zubeen garg
যৌৱনে আমনি কৰে ২ ৰ প্ৰচাৰ (Photo : ETV Bharat Assam)

জুবিন গাৰ্গ অবিহনে চিনেমাখনৰ মুক্তি সন্দৰ্ভত বৰষা ৰাণী বিষয়াই কয়, “মই এতিয়া ভাবিছো জুবিন দা থকালৈকে অসমৰ সংগীত ক্ষেত্ৰখন যেনে বিহু, বৰগীত আদি কৰি সকলো ক্ষেত্ৰতে জুবিন দাৰ কণ্ঠ একক আছিল । সকলোতে জুবিন দাৰ যি অৰিহণা আছিল, সেই অৰিহণা বিশাল । জুবিন দা আমাৰ মাজত সদায় থাকিব, তেওঁৰ সৃষ্টিসমূহ সদায় থাকিব ৷ কিন্তু আমি আৰু জুবিন দাৰ নতুন সৃষ্টি নাপাম যে সেই কথা ভাবিলে কেতিয়াবা ভাগৰ লাগে আৰু খুব অন্ধকাৰ দেখা যেন লাগে । মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু আইনী প্ৰক্ৰিয়া ওচৰত অনুৰোধ জনাইছো যাতে একেবাৰে উচিত, নিকা তদন্ত হওক আৰু ন্যায় পাওঁক জুবিন দাই । জুবিন দাই ন্যায় নাপালে, আমিও ন্যায় নাপাম আৰু আমি সুৰক্ষিতও নহও ।”

লগতে পঢ়ক : যৌৱনে আমনি কৰে ২ আৰু হেৰোৱা ছন্দ: একেদিনাই একেলগে ছবিগৃহলৈ আহি আছে দুয়োখন ছবি