জুবিন গাৰ্গৰ তিনিটা চৰিত্ৰক মাপকাঠি হিচাপে লৈ মূৰ্তি নিৰ্মাণ এজন চিত্ৰ তথা ভাস্কৰ্য শিল্পীৰ
কায়িকভাৱে নাই যদিও সকলোৰে অন্তৰত জীয়াই আছে জুবিন গাৰ্গ ৷ অসমবাসীৰ অন্তৰ আত্মাত স্থান পোৱা জুবিন গাৰ্গক জীৱন্ত ৰূপ দিয়াত ব্যস্ত এগৰাকী ভাস্কৰ্য শিল্পী ।

By ETV Bharat Entertainment Team
Published : January 5, 2026 at 2:14 PM IST
যোৰহাট : এন কে প্ৰডাকশ্যনৰ পৰা সংগীতৰ দীঘলীয়া যাত্ৰালৈ ওলাই যোৱাৰ সেই সময়ক প্ৰধান্য দি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত শিল্পী বিনোদ দাৱ ৷ তেওঁ হাতৰ পৰশত প্ৰাণৱন্ত হৈ উঠিছে অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । মৰমৰ শিল্পীগৰাকীৰ কেইবাটাও প্ৰতিমূৰ্তি অতি নিখুঁতভাৱে আৰু অধ্যয়ন কৰি নিৰ্মাণ কৰি আছে যোৰহাটৰ ভাস্কৰ্য শিল্পী বিনোদ দাৱে ।
শিল্পীৰ হাতৰ পৰশত জীৱন্ত ৰূপ পাইছে জুবিন গাৰ্গে
মৰমৰ শিল্পীগৰাকীৰ কেইবাটাও আবক্ষ মূৰ্তি নিৰ্মাণ কৰি আছে যোৰহাট নিবাসী শিল্পী বিনোদ দাৱে । পুৱাৰ পৰা দুপৰ নিশালৈকে শিল্পীগৰাকী ব্যস্ত থাকে কৰ্মশালাত, কাৰণ সকলোৰে মন-মগজুত সোমাই থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু আবক্ষ মূৰ্তি নিৰ্মাণ কৰাটো অতিকৈ প্ৰত্যাহ্বানজনক ।
যোৰহাটৰ মেলেং ফেছুৱালত প্ৰতিষ্ঠা কৰিবৰ বাবে জুবিন গাৰ্গৰ এটা মূৰ্তি নিৰ্মাণৰ কাম চলি আছে বিনোদ দাৱৰ কৰ্মশালাত । ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পৰা শিল্পীগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তি নিৰ্মাণ কৰিবলৈ দিয়া হৈছে শিল্পী বিনোদ দাৱক ।

যোৰহাটৰ এন কে প্ৰডাকশ্যনৰ পৰা সংগীতৰ দীঘলীয়া যাত্ৰালৈ ওলাই যোৱা, সেই সময়ৰ জুবিন গাৰ্গৰ চেহেৰাক শিল্পীগৰাকীয়ে অধিক প্ৰাধান্য দিছে ৷ জুবিনৰ যৌৱনৰ সময়খিনিৰ চেহেৰাক আগত ৰাখিয়েই এই মূৰ্তি নিৰ্মাণ কৰি আছে বিনোদ দাৱে । মূৰ্তিটোক জীৱন্ত ৰূপ দিয়াৰ মানসেৰে জুবিন গাৰ্গৰ বিভিন্ন দিশৰ পৰা তোলা বহু ফটো ব্যৱহাৰ কৰা হৈছে । মৰমৰ শিল্পীগৰাকীৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ পাই অতিকৈ সুখী শিল্পী বিনোদ দাৱ ।

জুবিন গাৰ্গৰ কেইবাটাও আবক্ষ মূৰ্তি নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে
"জুবিন গাৰ্গৰ কেইবাটাও আবক্ষ মূৰ্তিৰ অৰ্ডাৰ আছে ৷ অৱশ্যে প্ৰাণৰ শিল্পীগৰাকীক জীৱন্ত ৰূপ দিয়া এয়া প্ৰথম কাম ৷ ইতিমধ্যে কেইবাটাও আবক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিওৱা হ’ল, সেয়া বেলেগ বেলেগ ৰূপত ৷ জুবিন জুবিনেই হয়, তেখেতৰ মুখৰ অৱয়ব বেলেগ বেলেগ ৰূপত কৰা হৈছে ৷ এতিয়া 10 ফুটৰ এটা পূৰ্ণাংগ মূৰ্তি সাজু কৰিছোঁ, সেইটো ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ পাৰ্কত প্ৰতিষ্ঠা হ’ব, বৰ্তমান যিটো কৰি আছো, সেয়া যাব মেলেং ফেছুৱাললৈ", শিল্পী বিনোদৰ ভাষ্য ৷

জুবিন গাৰ্গৰ মূৰ্তি বনোৱাৰ ক্ষেত্ৰত কিমান প্ৰত্যাহ্বান আহে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ- বহুতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিক জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে, তাৰ মাজত কাৰোবাৰ নহয় কাৰোবাৰ খুঁট থাকি গৈছে, মোৰ দৃষ্টিত সেইখিনি শুদ্ধ কৰি বনাব লাগে আৰু শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব লাগে ৷ যিহেতু জুবিন গাৰ্গ প্ৰতিগৰাকী মানুহৰ হৃদয়ত আছে, গতিকে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত যদি কিবা বিৰূপ ঘটে, তেতিয়া সকলোৱে মনত দুখ পাই আৰু আদৰেৰে গ্ৰহণ কৰিবলৈ কিছু অসুবিধা হয় । মই যিমান পাৰো নিখুঁতভাৱে কৰিছোঁ, হয়তো মোৰো ভুল থাকিব পাৰে ৷ যিমান পাৰো আমি শুদ্ধ ৰূপত কৰিবলৈ চেষ্টা কৰিছোঁ ৷ প্ৰতিগৰাকী শিল্পীয়ে এইটো অনুভৱ কৰাটো ভাল যে- জুবিনৰ যিমানখিনি ফটো আছে, সেই ফটোখিনি ভালধৰণে চিন্তা-চৰ্চা কৰিব লাগে আৰু সকলোৱে লগে-ভাগে তেওঁ মুখৰ অৱয়ব গৱেষণা কৰিব লাগে ।"

জুবিন গাৰ্গৰ তিনিটা নিৰ্দিষ্ট চৰিত্ৰ আছে
শিল্পী বিনোদ দাৱৰ মতে জুবিনৰ তিনিটা নিৰ্দিষ্ট চৰিত্ৰ আছে ৷ তিনিটা চৰিত্ৰৰ ভিতৰত এটা হৈছে তেওঁ চাধা খাইছিল আৰু সেয়েহে মুখত অধিকাংশ সময় চাধা এপালি আছিলেই ৷ মূৰ্তি নিৰ্মাণৰ সময়ত সেইটোও কথাও শিল্পীয়ে ধ্যান দিব লাগে বুলি মন্তব্য কৰে দাৱে ৷ "মই যেতিয়া তেওঁক জীৱন্ত ৰূপ দিয়া কাৰ্যত লাগি থাকো, এনে পৰ্যায় পায়গৈ যে খাবলৈ আৰু কৰ্মলৈ যাবলৈ পাহৰি যোৱাৰ দৰে অৱস্থা হয় ৷ সকলো পাহৰি কেৱল তেওঁক জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰাত ব্ৰতী হও ।"

তাৎপৰ্যপূৰ্ণ যে, বিনোদ দাৱৰ হাতৰ পৰশত একাধিক শিল্পীয়ে সুন্দৰকৈ প্ৰাণ পাই উঠিছে ৷ তেওঁ কয়, "মই ভাস্কৰ্য শিল্পকলাৰ চৰ্চা বহুদিনৰ পৰা কৰি আছো আৰু কলেজীয়া শিক্ষা শেষ কৰি এই বিষয়ত মই মণিপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো ।"
লগতে পঢ়ক : ভাস্কৰ্য শিল্পৰ অন্যতম নিদৰ্শন, যদুমণি গগৈৰ হাতত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ অনন্য ৰূপ

