ETV Bharat / entertainment

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ সফলতা

ঝুলন কৃষ্ণ মহন্তৰ তথ্যচিত্ৰ 'শিপা-ঝাৰ'-এ বুটলিছে প্ৰশংসা ৷ বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হৈছে ছবিখন ৷

Jhulan Krishna Mahanta's documentary 'Shipa-Jhar' acclaimed at various national international film festivals
তথ্যচিত্ৰ 'শিপা-ঝাৰ' এ বুটলিছে প্ৰশংসা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 6, 2026 at 12:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : জালান ফিল্মছৰ নিবেদনত, গোপাল জালানৰ প্ৰযোজনাৰে আৰু ঝুলন কৃষ্ণ মহন্তৰ পৰিচালনাত নিৰ্মিত তথ্যচিত্ৰ ’শিপা-ঝাৰ’-এ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনে উল্লেখনীয় সফলতা অৰ্জন কৰি চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

প্ৰায় ১৫ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন ২০২৫ চনৰ আগষ্ট মাহত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা আয়োজিত ‘চৰাই চাপৰি চলচ্চিত্ৰ কৰ্মশালা’ৰ অংশ হিচাপে প্ৰস্তুত কৰা হৈছিল । কৰ্মশালাত নিৰ্মিত এই তথ্যচিত্ৰখন ২০২৪–২৫ বৰ্ষত একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমালোচক আৰু দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিছে ।

'শিপা-ঝাৰ’ তথ্যচিত্ৰখনে জয়পুৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে সংগীত পৰিচালক সৌৰভ মহন্তই শ্ৰেষ্ঠ সংগীত বঁটা, ঝুলন কৃষ্ণ মহন্তই শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ কনচেপ্ট (ধাৰণা) শিতানত বঁটা লাভ কৰে । ইয়াৰ উপৰিও মালদা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ তথ্যচিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালক শিতানত বঁটা লাভ কৰে । কহিনুৰ চলচ্চিত্ৰ মহোৎসৱত ঝুলন কৃষ্ণ মহন্তই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই তথ্যচিত্ৰখন নৱম আন্তঃৰাষ্ট্ৰীয় ফ’ক্‌ল’ৰ ফিল্ম ফেষ্টিভেল, কেৰালা (১৫–২০ জানুৱাৰী, ২০২৬), গ্ল’বেল য়ুথ ফিল্ম ফেষ্টিভেল, চণ্ডীগড় (২৪ ডিচেম্বৰ), ভিডিঅ’টেপ ফিল্ম ফেষ্টিভেল, বাংগালুৰু (৮ জানুৱাৰী, ২০২৬) আৰু ৬ষ্ঠ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ষ্টাৰ ফিল্ম ফেষ্টিভেল (২০২৫), চ'ল ড'কো-ফিকশ্যন ফিল্ম ফেষ্টিভেল (২০২৫)ত প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, 'শিপা-ঝাৰ’ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই প্ৰথম পৰিচালনা কৰা পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ আছিল 'নদী মাথোঁ বয়’ (Song of the River) ৷ এই ছবিখনৰ জৰিয়তে পৰিচালনা জগতত প্ৰৱেশ কৰাৰ দিনৰে পৰা নতুন নতুন কাহিনী আৰু সোৱাদেৰে ইখনৰ পাছত সিখনকৈ সময়োপযোগী চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে তেওঁ ।

দৰঙীয়া কলা-কৃষ্টিৰ হেৰাই যাব ধৰা গীত-মাতসমূহক নতুন প্ৰজন্মই কি দৰে নিজৰ কৰি লৈছে বা নতুনৰ দৃষ্টিভংগীত কি দৰে আকৌ প্ৰাণ পাই উঠিছে, অসমৰ মাটি-পানী-বায়ু লৈ কিদৰে এনে গীত-মাতবোৰ সৃষ্টি হৈছে বা বিয়পি পৰিছে, সেই কথাকে কাহিনীৰ ৰূপ দি নিৰ্মাণ কৰা সহজে বুজি পোৱা এখন তথ্যচিত্ৰ প্ৰযোজনা কৰিছে গোপাল জালানে ।

অসমৰ সাহিত্য–সংস্কৃতি আৰু চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম গোপাল জালানৰ সহ-প্ৰযোজিত ছবি ‘দীনবন্ধু’এ ২০০৫ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে প্ৰযোজিত চুটি ছবি 'লিয়াকত’ এ বিভিন্ন ৰাষ্ট্ৰীয়–আন্তৰ্জাতিক উৎসৱত সন্মান লাভ কৰে । ইয়াৰ উপৰিও ‘Letters from Deuta’ আৰু তথ্যচিত্ৰ ‘Alone in the Combat Zone’ (বৰংঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত দেৱৰ জীৱনী) ৰাষ্ট্ৰীয়–আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃত হৈছে ।

বৰ্তমান তেওঁ ‘বাৰ্তাপখিলি’ আলোচনীৰ কাৰ্যবাহী সম্পাদক আৰু ‘আৰোহণ’, ‘ড৹ ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট’ আৰু ‘শিল্পী সাহাৰ্য নিধি ন্যাস’ৰ ট্ৰাষ্টী হিচাপেও দায়িত্ব পালন কৰি আহিছে । শিপা-ঝাৰ তথ্যচিত্ৰখনত সহকাৰী পৰিচালক হিচাপে অংশ লৈছে প্ৰত্যাশী গগৈয়ে । চিত্ৰগ্ৰহণ ফায়াদ মান্নন আহমেদৰ । শব্দ বিভাগৰ মূৰব্বী হিচাপে আছে মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া শব্দযন্ত্ৰকাৰী অৰুণজ্যোতি শৰ্মা ।

চৰাই চাপৰিৰ গ্ৰীস্মকালীন কৰ্মশালাৰ এটি ফচল হিচাপে ‘শিপা-ঝাৰ’ তথ্যচিত্ৰখনৰ এই সাফল্যই অসমৰ তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনক পুনৰ এক নতুন স্বীকৃতি প্ৰদান কৰিছে বুলি চলচ্চিত্ৰ মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : কলকাতাত ভূপেন হাজৰিকা বিষয়ক নাটকৰ বাবে ‘গন্ধৰ্ব’ক আমন্ত্ৰণ