ETV Bharat / entertainment

বিয়াৰ পাছতো ধৰ্মেন্দ্ৰৰ প্ৰতি আকৰ্ষণ আছিল জয়া বচ্চনৰ, স্বামী অমিতাভে জানিছিল এই কথা

অমিতাভ বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো জয়া বচ্চনে ধৰ্মেন্দ্ৰক ভাল পাইছিল, বিয়াৰ দুবছৰ হৈ গৈছিল ৷ ‘শ্বোলে’ত ‘বসন্তী’ৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল ।

jaya bachchan likes dharmendra even after her marriage actress confessed it to husband amitabh bachchan
ধৰ্মেন্দ্ৰৰ প্ৰতি ভালপোৱা জয়া বচ্চনৰ (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : November 26, 2025 at 12:48 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : হিন্দী চিনেমাৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰৰ মৃত্যুৰ দুদিন পাৰ হৈ গ'ল ৷ পৰিয়াল, আত্মীয়-স্বজন, প্ৰশংসক আজিও শোকত ম্ৰিয়মান । মানৱীয়তা আৰু জীৱনৰ মূল্যবোধৰ বাবে তেওঁ সকলোৰে পৰা অপৰিসীম প্ৰেম লাভ কৰিছিল ।

ধৰ্মেন্দ্ৰৰ প্ৰশংসকৰ অভাৱ নাই । পৰিয়ালৰ পৰা চেলেব্ৰিটী, অনুৰাগীৰ পৰা অভিনেত্ৰীলৈকে সকলোৱে তেওঁক মৰমেৰে আৱৰি ৰাখে । বহু বিশিষ্ট অভিনেত্ৰীৰ ধৰ্মেন্দ্ৰৰ প্ৰতি দুৰ্বলতা আছিল, য’ত তেওঁৰ পত্নী হেমা মালিনীও আছিল । তদুপৰি বিয়াৰ পিছতো জয়া বচ্চনে তেওঁৰ তাৰকা স্বামীৰ আগত প্ৰকাশ কৰিছিল যে ধৰ্মেন্দ্ৰ তেওঁৰ প্ৰিয় । 'শ্বোলে'ত বসন্তীৰ চৰিত্ৰত অভিনয় কৰিবলৈ মন আছিল জয়াৰ ।

কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’লৈ একেলগে আহিছিল জয়া বচ্চন আৰু হেমা মালিনী । কৰণৰ প্ৰশ্নৰ উত্তৰত জয়া বচ্চনে কৈছিল যে ধৰ্মেন্দ্ৰ সদায় তেওঁৰ বাবে প্ৰিয় । “প্ৰথম যেতিয়া তেওঁক দেখিছিলো তেতিয়া মই বৰ অস্থিৰ হৈ পৰিছিলো । তেওঁৰ ব্যক্তিত্ব গ্ৰীক ঈশ্বৰৰ দৰে আছিল আৰু সেইবাবেই মই শ্বোলেত বসন্তীৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিলো, কাৰণ ধৰ্মেন্দ্ৰৰ সৈতে কাম কৰিবলগীয়া হৈছিল", এই ভাষ্য আছিল জয়াৰ ৷

আনহাতে, আমিৰ খানে কৌন বনেগা কড়োৰপতিত অমিতাভ বচ্চনক সুধিছিল এটা প্ৰশ্ন- যে জয়া বচ্চন শ্বুটিঙলৈ যোৱাৰ সময়ত কোনগৰাকী অভিনেতাক লৈ তেওঁ নিৰাপত্তাহীনতা অনুভৱ কৰিছিল ? প্ৰত্যুত্তৰত বিগ বিয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে, ‘জয়াই তেওঁক কৈছিল যে তেওঁৰ প্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ’ ।

ধৰ্মেন্দ্ৰৰ প্ৰশংসকৰ ভিতৰত কেৱল জয়াই নহয়, পত্নী হেমা মালিনী, ৰেখা, মীনা কুমাৰী, আশা পাৰেখৰ দৰে কিংবদন্তি অভিনেত্ৰীও আছে । এই আটাইকেইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে আৰু তেওঁৰ সৈতে ছবিত কাম কৰাৰ অভিজ্ঞতা ব্যক্ত কৰিছে ।

বিগত ২৪ নৱেম্বৰত ৮৯ বছৰ বয়সত দেহাৱসান ঘটে ধৰ্মেন্দ্ৰৰ ৷ ইয়াৰ পূৰ্বে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত কিছু সময় ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ আৰু সেই সময়ছোৱাত তেওঁৰ মৃত্যুৰ উৰাবাতৰি পৰ্যন্ত ওলাইছিল ।

লগতে পঢ়ক : বচ্চনৰ নাতিয়েকৰ সৈতে অন্তিমবাৰৰ বাবে পৰ্দাত ধৰ্মেন্দ্ৰ