জাতিংগা মহোৎসৱ, শ্বানৰ কণ্ঠত জুবিনৰ মায়া মাথো মায়া
জাতিংগা মহোৎসৱত শ্বানৰ সংগীতানুষ্ঠানত জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰিলে শ্ৰোতা-দৰ্শকে ।

By ETV Bharat Entertainment Team
Published : November 10, 2025 at 5:19 PM IST
হাফলং: জাতিংগা মহোৎসৱতো শুনিবলৈ পোৱা গ’ল জাষ্টিছ ফৰ জুবিন গাৰ্গ দাবী । জাতিংগা মহোৎসৱলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰিত আছিল বলীউডৰ কণ্ঠশিল্পী শ্বান ৷ দেওবাৰ সন্ধিয়া আছিল বলীউডৰ সংগীত শিল্পী শ্বানৰ সংগীতৰ অনুষ্ঠান ।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বানে যেতিয়া মায়া মাথো মায়া গীতটো গাবলৈ আৰম্ভ কৰে তেতিয়া সমগ্ৰ মহোৎসৱস্থলীত উপস্থিতি হাজাৰ হাজাৰ দৰ্শকে জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগান চিঞৰিবলৈ আৰম্ভ কৰে ।
যিয়ে নহওক, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে - এই বাৰ্তাই যেন দিলে জাতিংগা মহোৎসৱলৈ অহা হাজাৰ হাজাৰ মানুহে । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ অতি মনোমোহা পৰ্যটনস্থল জাতিংগা ৷ এই জাতিংগাৰ ওচৰতে থকা লামডিং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জাতিংগাৰ মিনি পহলগাম হিচাপে পৰিচিতস্থলীত যোৱা ৮ নৱেম্বৰৰ জাতিংগা মহোৎসৱ অনুষ্ঠিত হৈছে ৷ এই মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।
পৰিভ্ৰমী চৰাই সুৰক্ষা আৰু সংৰক্ষণৰ থিম লৈ জাতিংগা মহোৎসৱ আয়োজন কৰা হয় । জাতিংগা মহোৎসৱত এইবাৰ বিশেষকৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শনিবাৰে জাতিংগা মহোৎসৱলৈ গুৱাহাটীৰ পৰা অহা সংগীত শিল্পীসকলৰ জৰিয়তে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

এই জাতিংগা মহোৎসৱ আৰু ফেলকন মহোৎসৱত বহুবাৰ জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিছিল, যাৰ বাবে ডিমা হাছাও জিলাৰ মানুহে জুবিনৰ স্মৃতি লৈ এইবছৰৰ জাতিংগা মহোৎসৱ উপভোগ কৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে বুলি দাবী জনাই হাজাৰ হাজাৰ দৰ্শকে ।
দুদিনৰ জাতিংগা মহোৎসৱত আছিল ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনী, স্থানীয় থলুৱা জনগোষ্ঠীৰ খাদ্য আৰু থলুৱা সামগ্ৰীৰ ষ্টল । এইবাৰ জাতিংগা মহোৎসৱত আছিল মেঘালয় নাগালেণ্ডৰ ৰক বেণ্ড, ডিমা হাছাও জিলাৰ জনপ্ৰিয় ৰক বেণ্ড নৱ । মহোৎসৱত মুম্বাইৰ ডি জে অনিষ্কা, হায়দৰাবাদৰ ডি জে নিহাৰিকা উপস্থিত থাকে ।

মুম্বাইৰ জনপ্ৰিয় সংগীত শিল্পী শ্বানৰ উপৰিও ডিমা হাছাও জিলাৰ স্থানীয় শিল্পীসকলে সংগীত পৰিৱেশন কৰে । জাতিংগা মহোৎসৱৰ আৰম্ভণিতে ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত লোক সংস্কৃতি তুলি ধৰে জাতিংগা মহোৎসৱৰ মঞ্চত ।
লগতে পঢ়ক : জুবিনৰ সপোনৰ ছবিৰ পাইৰেচী; চাইবাৰ আৰক্ষীৰ কাষ চাপিল টীম 'ৰৈ ৰৈ বিনালে'

