ETV Bharat / entertainment

ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি জাইনা শিৱম

শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ৯ বছৰৰ অনুৰ্ধ শাখাত ৰাণাৰ্ছ-আপ হয় তেজপুৰৰ জাইনা ।

Jaina Shivam of Tezpur wins runner up title in national modeling competition
ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি জাইনা শিৱম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 3:40 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি প্ৰতিভা জাইনা শিৱম । টেলেণ্ট ৰাউণ্ডত সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ এটি গীতত নৃত্য প্ৰদৰ্শন কৰি জাইনাই বিচাৰকমণ্ডলীৰ প্ৰশংসা লাভ কৰাৰ লগতে অৰ্জন কৰে ৰাণাৰ্ছ-আপৰ খিতাপ ।

ইয়াৰ জৰিয়তে অসম আৰু তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ কণমানি প্ৰতিভা জাইনা শিৱমে । কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত ৯ বছৰৰ অনুৰ্ধ শাখাত ৰাণাৰ্ছ-আপ খিতাপ দখল কৰিবলৈ সক্ষম হয় ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী জাইনাই ।

ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি জাইনা শিৱম (ETV Bharat Assam)

ডেন্সিং মেনিয়াক’ৰ উদ্যোগত কলকাতাৰ কাকুৰগাছি উৎসৱ ভৱনত অনুষ্ঠিত এই সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাখন চাৰিটা শাখাত অনুষ্ঠিত হৈছিল । অসমক প্ৰতিনিধিত্ব কৰি আত্মবিশ্বাস আৰু মনোমোহা উপস্থাপনেৰে জাইনাই বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

Jaina Shivam of Tezpur wins runner up title in national modeling competition
ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি জাইনা শিৱম (ETV Bharat Assam)

এই প্ৰতিযোগিতাৰ দুটা বিশেষ ৰাউণ্ডত অংশগ্ৰহণ কৰা জাইনাই টেলেণ্ট ৰাউণ্ডত সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ এটি গীতত নৃত্য প্ৰদৰ্শন কৰি বিচাৰকমণ্ডলীৰ প্ৰশংসা লাভ কৰে । অসমৰ পৰা অংশগ্ৰহণ কৰা পাঁচগৰাকী প্ৰতিযোগীৰ ভিতৰত জাইনাই ৰাণাৰ্ছ-আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। মাত্ৰ পাঁচ বছৰ বয়সতে ৰেম্পত খোজ দিয়া জাইনাই ইতিমধ্যে অসমৰ বিভিন্ন প্ৰতিযোগিতাত কৃতিত্ব দেখুৱাইছে । ইয়াৰ পূৰ্বে ‘মিছ ব্ৰহ্মপুত্ৰ’ আৰু ‘মিছ বৰদৈচিলা’ খিতাপ লাভ কৰাৰ লগতে বিএছ প্ৰডাকশ্যন আৰু এনপিআইএফটিৰ উদ্যোগত আয়োজিত বিভিন্ন প্ৰতিযোগিতাতো সফলতা অৰ্জন কৰিছে ।

Jaina Shivam of Tezpur wins runner up title in national modeling competition
ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল তেজপুৰৰ কণমানি জাইনা শিৱম (ETV Bharat Assam)

জাইনাৰ এইবাৰেই প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । অনুষ্ঠানটোৰ বাবে তেওঁৰ গ্ৰুমিং ট্ৰেইনাৰ আছিল গৌৰৱ মেচ । আনহাতে এই ক্ষেত্ৰত তেওঁৰ প্ৰথম গুৰু হৈছে সুদৰ্শন বৰা । জাইনা হৈছে সাংবাদিক অৰ্ণৱ কুমাৰ নাথ আৰু সাগৰিকা বৰাৰ কনিষ্ঠা কন্যা ।

লগতে পঢ়ক:'আইৰণমেন' উপাধি লাভেৰে বিশ্ব দৰবাৰত উজ্বলিল অসম সন্তান দীপন মেধী

এছিয়ান গেমছ-কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ