ETV Bharat / entertainment

দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য় বিদ্যালয়লৈ অসমৰ দুই অভিনেত্ৰী শিক্ষাৰ্থী

সপোনৰ পম খেদি...নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আসন লাভ কৰা দুগৰাকী অসমীয়া যুৱতীৰ সৈতে ইটিভি ভাৰতৰ শৰৎ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন ।

Interview with two Assamese actresses for the NSD Delhi
ৰাষ্ট্ৰীয় নাট্য় বিদ্যালয়, দিল্লীলৈ অসমৰ দুই অভিনেত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 1:03 PM IST

10 Min Read
Choose ETV Bharat

গুৱাহাটী: 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লী'- এই শৈক্ষিক প্ৰতিষ্ঠান হৈছে নাটক-অভিনয়ৰ সৈতে জড়িত সকলোৰে এক সপোন । এই ৰাষ্ট্ৰীয় নাট্য় বিদ্য়ালয়লৈ যোৱাৰ সপোনৰ পম খেদি অনেক শিক্ষাৰ্থীয়ে নিজৰ অধ্য়ৱসায়ৰ জৰিয়তে সপোন সাৰ্থক কৰি আহিছে ৷ এই শিক্ষাবৰ্ষত অসমৰ দুগৰাকী প্ৰতিভাৱানে ৰাষ্ট্ৰীয় নাট্য় বিদ্য়ালয়লৈ যোৱাৰ সুবিধা পাইছে ৷

দেশৰ আগশাৰীৰ নাট্য বিদ্যালয়খনৰ শিক্ষাৰে পুষ্ট হৈ বহু অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে নিজ নিজ ক্ষেত্ৰত দপদপাই আছে। এইক্ষেত্ৰত অসমো পিছপৰি থকা নাই। ইতিপূৰ্বে অসমৰ প্ৰায় অৰ্ধশতাধিক অভিনেতা-অভিনেত্ৰীয়েও দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়l শিক্ষাগ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়খনৰ এইবাৰৰ বাচনিত সমগ্ৰ দেশৰ ভিতৰত প্ৰায় ২৫০০ প্ৰাৰ্থীৰ ভিতৰত ৩২ গৰাকী শিক্ষাৰ্থীক নিৰ্বাচিত হৈছে। ইয়াৰে ভিতৰত অসমৰ দুগাৰাকী অভিনেত্ৰীৰ নাম আছে ৷ এওঁলোক হৈছে গোলাঘাট জিলাৰ কৰিশ্মা পূজাৰী আৰু নাহৰকটীয়া চাচনীৰ কৌস্তভী সোণোৱাল ৷ এওঁঁলোকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰণ কৰিব ৷

Interview with two Assamese actresses for the NSD Delhi
ৰাষ্ট্ৰীয় নাট্য় বিদ্যালয়, দিল্লীত আসন লাভ কৰা কৌস্তভী সোণোৱাল (ETV Bharat Assam)

ইটিভি ভাৰতে এই দুয়োগৰাকী অভিনেত্ৰীৰ মনৰ ভাৱ জানিবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল। টেলিফোনিক বাৰ্তালাপত দুয়োগৰাকী অভিনেত্ৰীয়ে জনালে মনৰ অনুভৱ তথা তেওঁলোকৰ সপোন আৰু ভৱিষ্যতৰ পৰিকল্পনা ।

Interview with two Assamese actresses for the NSD Delhi
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বঁটা লাভ কৰাৰ মুহূৰ্তত কৌস্তভী সোণোৱাল (ETV Bharat Assam)

দেৰগাঁৱৰ কৰিশ্মাৰ বিষয়ে

গোলাঘাট জিলাৰ দেৰগাঁও লঠাগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন্দ্ৰ নাথ পূজাৰী আৰু মঞ্জু পূজাৰীৰ কণিষ্ঠ কন্যা কৰিশ্মা পূজাৰীয়ে জন্মস্থানৰ পৰাই আৰম্ভ কৰিছিল নাট্যযাত্ৰা । গণিতত স্নাতক পূজাৰীয়ে সোণাপুৰ মহাবিদ্যালয়ৰ পৰা থিয়েটাৰ আৰু মঞ্চ কলা (Theatre and stage craft) বিষয়ত স্নাতক (B Voc.) ডিগ্ৰী লাভ কৰিছিল।

ইয়াৰোপৰি নাট্যযোদ্ধাগৰাকীয়ে শেহতীয়াকৈ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত বি গ্ৰেড নাট্যশিল্পীৰ স্বীকৃতি লাভ কৰাৰ লগতে চিকিম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয় শিক্ষাৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ইফালে আকাশবাণী গুৱাহাটীৰ এগৰাকী অংশকালীন ঘোষিকা হিচাপেও তেওঁ কিছুদিন কৰ্মৰত আছিল।

Interview with two Assamese actresses for the NSD Delhi
বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি আহিছে কৰিশ্মা পূজাৰীয়ে (ETV Bharat Assam)

দীঘলীয়া সপোন পূৰ্ণ হ'ল কৰিশ্মাৰ

ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত স্থান লাভ কৰাৰ পাছত প্ৰথম অনুভৱ ব্যক্ত কৰে এইদৰে, "ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত স্থান লাভ কৰাৰ পাছত অনুভৱ বুলি যদি কওঁ, প্ৰথম অনুভৱ খুবেই ভাল লগা । তিনিবছৰৰ পৰা মই চেষ্টা চলাই আছিলোঁ । গতিকে এটা খুব ভাললগা অনুভৱ । তিনিবছৰত মই কেনেকৈ কিমানখিনি অভিনয় শিকি আহিব পাৰোঁ, তাৰ কাৰণে মোৰ সদায় অপ্ৰাণ চেষ্টা থাকিব আৰু আমি ইমানেই নতুন কথা শিকিব বিচাৰোঁ যাতে গোটেই জীৱনৰ কাৰণে চহকী হ'ব পাৰোঁ ।"

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত স্থান পাবলৈ কিধৰণে প্ৰস্তুতি চলাইছিল, সেই সম্পৰ্কত কৰিশ্মা পূজাৰীয়ে কয়, "প্ৰস্তুতি বুলি যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰীলিমছৰ কাৰণে যিখন স্ক্ৰীপ্ট দিয়ে সেইখন এইবাৰ প্ৰায় এমাহমান আগত আমি পাইছিলোঁ । গতিকে সেয়া মোৰ খুব ভালকৈ কৰিবলৈ সুবিধা হৈছিল, কিয়নো মই চিকিম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়ি আছিলোঁ, মোৰ ফাইনেল প্ৰডাক্চন চলি আছিল । মই গোটেই বছৰটো মনত এটা সপোন ৰাখিছিলোঁ যে মই দিল্লীলৈ যাব লাগিব । দিল্লীৰ বাবে যিটো পৰীক্ষা হয়, পৰীক্ষাটো যাতে মই ভালদৰে পাছ কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা অব্য়াহত ৰাখিছিলোঁ।"

Interview with two Assamese actresses for the NSD Delhi
মঞ্চত NSD দিল্লীত আসন লাভ কৰা কৰিশ্মা পূজাৰী (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "মোৰ পূৰ্বতে ক'ত ভুল হৈছিল সেইটো মই চাবলৈ চেষ্টা কৰিছিলোঁ । ভুলখিনিক শুদ্ধ কৰিবলৈ মই চেষ্টা কৰিছিলোঁ । লগতে শেহতীয়া তিনিবছৰত মই অত্য়াধিক কিতাপ পঢ়িছিলোঁ । নাটকৰ লগত কিতাপ জড়িত হৈ থাকে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আসন পোৱাৰ ক্ষেত্ৰত কিতাপ পঢ়াটোৱে মোক বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে।"

প্ৰস্তুতি সন্দৰ্ভতে তেওঁ পুনৰ কয়,"প্ৰিলিমছত মই খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলোঁ । সমগ্ৰ ভাৰতৰ ভিতৰত মোৰ ৰেংকিং দ্বিতীয় আছিল । খুব কম সময় পাইছিলোঁ চিকিমত মাত্ৰ শেষ হৈছিলহে । কম সময়ৰ ভিতৰত নিজকে প্ৰস্তুত কৰিছিলোঁ । মেইনছত কি আহিব, কি নাহিব আমি একোৱেই নাজানোঁ । তাত গৈ আমি তৎক্ষণাত আমি যি পাওঁ সেইটোৱেই কৰিব লাগে ।"

অসমৰ নাট্যজগত বা অভিনয়জগতখনৰ উন্নতিৰ বাবে কি কি পদক্ষেপ লোৱাৰ সপোন তেওঁৰ, এই সন্দৰ্ভত পূজাৰীয়ে কৈ গ'ল ,"অসমৰ নাট্যজগত বা অভিনয় জগতখনৰ উন্নতি বুলি যদি মই কওঁ, গণিত, বিজ্ঞান, অসমীয়া যেনেকৈ এটা বিষয়, ঠিক তেনেকৈ সাংস্কৃতিক ক্ষেত্ৰখনত নৃত্য-গীত এইসমূহ শিক্ষা বিভাগত আহিছে যদিও বৰ্তমানো আমাৰ সমাজত মানুহে শিক্ষাৰ এটা বিষয় হিচাপে ল'বলৈ টান পায় । বহুতে আজিও অভিনয় কৰা বুলি ক'লে এজনী ছোৱালীক বাহিৰলৈ পঠিয়াবলৈ বেয়া পায় ।"

তেওঁ লগতে কয়,"আমি ভাবিব পাৰোঁ, নৃত্য-গীত সাংস্কৃতিক ক্ষেত্ৰখনৰ যিকোনো এটা বিভাগ আমাৰ শিক্ষাৰ এটা বিষয় হ'ব পাৰে আৰু সেই বিষয়ত আমি খুব সুন্দৰকৈ পঢ়ি-শুনি নিজৰ জীৱনটোত আগবাঢ়ি যাবলৈ আমাৰ নিচা বা পেচা হিচাপে আমাৰ এই সাংস্কৃতিক ক্ষেত্ৰখনৰ বিষয় হিচাপে বাচি ল'ব পাৰোঁ ।"

তেওঁ কয়,"উন্নতিৰ বিষয়ে এতিয়াও ভালকৈ ক'ব পৰা হোৱা নাই, তথাপিও নিজৰ অভিজ্ঞতাৰ পৰা কও, পঢ়িব লাগিব, নাচেই হওক বা গান, নাট্য জগতৰ বাবে বা অভিনয়ৰ বাবে আমি শিকা-পঢ়া খুবেই প্ৰয়োজন । এনেকুৱা নহয় যে আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ যাবই লাগিব, কেতিয়াবা আমাক অভিজ্ঞতায়ো বহু বস্তু শিকায় । মুঠতে আমি পঢ়িব লাগিব, শিকিব লাগিব আৰু বুজিব লাগিব, মই সেইটোৰ ওপৰতে বিশ্বাস কৰোঁ ।"

অসমত বৰ্তমানো নাটক বা অভিনয় কৰি 'খাব নোৱাৰি' বুলি এক ধাৰণা আছে, এই সন্দৰ্ভত প্ৰতিভাসম্পন্ন অভিনেত্ৰীগৰাকীয়ে কয়,"অসমত বৰ্তমানো অভিনয় কৰি খাব নোৱাৰি বুলি এক ধাৰণা আছে । কিন্তু তাৰমাজতো আমাৰ যিসকল স্বনামধন্য যিসকল মোৰ জ্যেষ্ঠসকল, মই তেখেতসকলক দেখিছোঁ । অভিনয় বা নাটক কৰি জীৱন ধাৰণ কৰা দেখিছোঁ, মই এই ক্ষেত্ৰত একেবাৰেই বিশ্বাস নকৰোঁ যে খাব নোৱাৰি । আচলতে আমাৰ ধাৰণাটো এনেকুৱা যে আমি কেনেকৈ খাব বিচাৰিছোঁ ? সেইটো ডাঙৰ কথা আৰু মই মোৰ জ্যেষ্ঠসকলক, মোৰ গুৰুক দেখিছোঁ, খুব সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিছে নাটক কৰিয়েই, অভিনয় কৰিয়েই ।"

তেওঁ পুনৰ কয়, "গতিকে মই এই কথাটোত বিশ্বাস নকৰোঁ, এইটো কথা খাব নোৱাৰি বুলি । নাটক কৰি, অভিনয় কৰি মানুহে খুব ধুনীয়াকৈ এটা জীৱন অতিবাহিত কৰিব পাৰে বুলি মই ভাবো । সেই ধুনীয়াখিনি কেনেকৈ বিচাৰিছোঁ, ক'ত বিচাৰিছোঁ সেইটো আচলতে নিজৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে মই এইটো কথা কেতিয়াও বিশ্বাস নকৰোঁ যে নাটক কৰি বা অভিনয় কৰি কেতিয়াও খাব নোৱাৰি ।"

চাচনীৰ কৌস্তভীৰ বিষয়ে

এইবাৰ তিনি বছৰৰ বাবে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ পাঠ্য়ক্ৰম গ্ৰহণ কৰিবলৈ যাব ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনী অঞ্চলৰ মঠাৱনী গাঁৱৰ সাংস্কৃতিক কৰ্মী মনোজ সোণোৱাল আৰু ননী হাজৰিকা সোণোৱালৰ জ্যেষ্ঠ কন্যা কৌস্তভী সোণোৱাল ।

Interview with two Assamese actresses for the NSD Delhi
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বঁটা লাভ কৰাৰ মুহূৰ্তত কৌস্তভী সোণোৱাল (ETV Bharat Assam)

দুলীয়াজানৰ নাট্য সংগঠন 'পথাৰ' নাট্যগোষ্ঠীৰ সৈতে জড়িত হৈ কৌস্তভীয়ে কৰিছে বহু কেইখন নাটকত অভিনয় । কৌস্তভী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ নাট্যকলা বিষয়ৰ স্নাতকোত্তৰক চতুৰ্থ ষাণ্মাষিকৰ ছাত্ৰী ।

ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত কৌস্তভীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়,"খুব ভাললগা এটা অনুভৱ, সপোন আছিল বুলি ক'ব পাৰি । আমাৰ নাটক শিকাৰ যি হেঁপাহ আছিল, সেই হেঁপাহটো পূৰ হৈছে । নাটক কৰা ল'ৰা-ছোৱালীৰ এটা সপোন থাকে যে এনএছডিত ছীট পাব লাগে, এনএছডিত পঢ়ি শিকিব লাগে । সেই সপোনটো আজি পূৰ হৈছে, খুব আনন্দিত, খুব ভাললগা ।"

কেতিয়াৰ পৰা আৰম্ভ হৈছিল কৌস্তভীৰ নাট্যযাত্ৰা? সেই সন্দৰ্ভত প্ৰতিভাশালী অভিনেত্ৰীগৰাকীয়ে ক'লে এইদৰে, "নাটকৰ যাত্ৰাটো খুব বেছি দীঘলীয়া নহয় । মই ২০২২ চনৰ পৰা আৰম্ভ কৰিছোঁ, নাটক শিকিবলৈ, নাটক কৰিবলৈ।"

ক'ত কেনেকৈ নাট্যশিক্ষা গ্ৰহণ কৰিছিল কৌস্তভীয়ে? তেওঁ ইটিভি ভাৰতক জনালে এইদৰে,"মই দুলীয়াজান পথাৰ নাট্যগোষ্ঠীৰ লগত ২০২২ চনৰ পৰা কাম কৰি আছোঁ । মোৰ গুৰু পবিত্ৰ চেতিয়া । তেখেতৰ পৰাই মই নাটকৰ অ,আ, ক, খ শিকিছোঁ, নাটকৰ যুক্তাক্ষৰ শিকিছোঁ । মই ২০২২ চনত দুলীয়াজান মহাবিদ্যালয় আৰু পথাৰ নাট্যগোষ্ঠীৰ উদ্যোগত এখন গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । তাতেই প্ৰথমবাৰৰ বাবে নাটকৰ সৈতে চিনাকী হৈছিল ।"

পিতৃ-মাতৃ বা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা কেনেদৰে সঁহাৰি লাভ কৰিছিল, সন্দৰ্ভত তেওঁ কয়, "মোৰ সৌভাগ্য, দেউতাই বহুত বেলেগধৰণে সহায় কৰে । মায়ে যদিও নাজানে যে থিয়েটাৰ বা নাটকৰ লাইনটো কেনেকুৱা হয় কিধৰণৰ হয়, তথাপিও মই তেওঁলোকক বুজাই আনিব পাৰোঁ । তেওঁলোকে মোক সাংঘাটিক ধৰণে সমৰ্থন কৰে যে যি কৰিছোঁ ভাল হ'ব । ঘৰৰ পৰা কোনোধৰণৰ অসুবিধা মই আজিলৈকে পোৱা নাই।"

তিনিটা বৰ্ষ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অধ্যয়ন কৰি আহি অসমৰ নাট্যজগতখনত তেওঁ কেনেধৰণেৰে কাম কৰিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "অসমৰ নাট্যজগতখনক আগবঢ়াই নিয়াটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য বুলি মই ভাবো । ঠিক তেনেকৈ মই তাৰ পৰা যি শিকি আহোঁ, যি শিকিম, তাৰপৰা আমাৰদৰে যি নাট্য ভালপোৱা বা নাট্যকৰ্মী আছে অসমৰ নাট্যক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ পৰিকল্পনা এটা সৰুকৈ আছে ।"

উঠি অহা প্ৰজন্মক এক বিশেষ আহ্বান জনালে কৌস্তভী সোণোৱালে, "নাটক শিকা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় । ঘৰৰ পৰা নহ'লেও সমাজৰ পৰা অসুবিধা হয় যে নাটক কৰা মানুহে খাবি কি, কি কৰিবি আৰু নাটক কৰি পাৱ কি ? নাটকৰ বিষয়ত মানুহে বহুত বিশেষ একো নাজানে । তেওঁলোকে জানে যে মঞ্চত কিবা এটা কৰি থৈ আহে ।"

তেওঁ পুনৰ কয়, "কিন্তু আমাৰ উঠি অহা প্ৰজন্মৰ দায়িত্ব হয় যে নাটকৰ বিষয়ে নাট্যক্ষেত্ৰখনৰ বিষয়ে বুজাই দিয়াৰ । যদি আমি তেওঁলোকক বুজাব পাৰোঁ, তেওঁলোকক অকনমান হ'লেও ক'ব পাৰোঁ তেতিয়া আমি অকনমান হ'লেও আগবাঢ়ি যাবলৈ সুবিধা হ'ব ।"

চহৰাঞ্চলৰ শিশু বা চেমনীয়াক নাট কৰ্মশালা অনুষ্ঠিত কৰা হয়, কিন্তু গ্ৰামাঞ্চলত এতিয়াও সেই প্ৰভাৱ পৰিছেনে বুলি কৰা এক প্ৰশ্নৰ উত্তৰ সোণোৱালে কয়,"এতিয়াও পৰাগৈ নাই, কিন্তু 'পথাৰ নাট্যগোষ্ঠী দুলীয়াজান'এ এই জুলাই মাহটোত বহুত আগৰে পৰা কাম কৰি আহিছে । বহুত গাঁৱ ভিতৰলৈ গৈ , কৰ্মশালা প্ৰদান কৰি তেওঁলোকৰ ল'ৰা-ছোৱালীসকলক আনি নাট্যক্ষেত্ৰ বিষয়ে বা নাটকৰ বিষয়ে জ্ঞান প্ৰদান কৰি আগবাঢ়ি গৈ আছে । এই ক্ষেত্ৰত কিছু কিছু নাট্যগোষ্ঠী বা নাট্যকৰ্মীয়ে কাম কৰি আছে, আগলৈয়ো কৰি যাব । বহুক্ষেত্ৰত গাঁৱৰ ল'ৰা-ছোৱালীবোৰে নাপায়, কিন্তু আমি যদি এই প্ৰচেষ্টা অব্যাহত ৰাখোঁ তেন্তে আমি আগবাঢ়ি যাব পাৰিম ।"

লগতে পঢ়ক: দুই ৰঙৰ দুপাত জোতা পিন্ধি জিলিকি উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

বিশ্ব মঞ্চত উজলিছে অসমীয়া প্ৰতিভা: মেলব'ৰ্ন চলচ্চিত্ৰ মহোৎসৱত মনোনীত ৰীমা দাস, ভূমন ভাৰ্গৱ দাস