ETV Bharat / entertainment

মাঘত আহি আছে জাহ্নু বৰুৱাৰ নতুন ছবি 'হেৰোৱা ছন্দ'; এক বিশেষ সাক্ষাৎকাৰ

ডিজিটেল যুগ আৰু পৰম্পৰাৰ সংঘাতৰ পৰা AI-ৰ প্ৰভাৱলৈ— বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ সৈতে ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ ৷

Jahnu Barua
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 6, 2025 at 3:51 PM IST

|

Updated : December 6, 2025 at 3:59 PM IST

12 Min Read
Choose ETV Bharat

গুৱাহাটী : দেশ তথা অসমীয়া সমাজ জীৱনৰ কেইবা দশকৰো সূক্ষ্ম পৰ্যবেক্ষক তেওঁ । তেওঁ বুজি পায় সমাজ জীৱনৰ উত্থান-পতন আৰু সময়ৰ গতি । সময়ৰ সৈতে নিজকে আগবঢ়াই লৈ গৈ থাকিও যেন পৰম্পৰাক গিলিব দিব নোখোজে তেওঁ ।

কেৱল অসম বুলিয়েই নহয়— দেশৰে আগশাৰীৰ ছবি জগতৰ ভোটাতৰা তেওঁ ৷ তেখেত অসমীয়া ছবিৰ ৯০ বছৰীয়া ইতিহাসৰ অন্যতম শিলাস্তম্ভ স্বৰূপ বিশিষ্ট পৰিচালক, পদ্মভূষণ জাহ্নু বৰুৱা ৷ চেলুলয়ডৰ পৰা আৰম্ভ কৰি ডিজিটেল মাধ্যমলৈ দুটা শতিকাৰ প্ৰায় পাঁচটা দশক তেওঁ নিৰন্তৰ অসমীয়া আৰু হিন্দী ছবি জগতলৈ আগবঢ়াই গৈছে নিজৰ সৃষ্টিৰাজি ৷

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

১৯৫২ চনত শিৱসাগৰ বকতাত জন্মগ্ৰহণ কৰা জাহ্নু বৰুৱাৰ বাবে বয়স যেন কেৱল এটা সংখ্যা । অপৰূপা, হালধীয়া চৰায়ে বাওধান খায়, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, মেইনে গান্ধীকো নেহী মাৰা, কণিকাৰ ৰামধেনু, বান্ধোন, অজেয় আদি ছবিৰে জাতিক সমৃদ্ধ কৰা জাহ্নু বৰুৱাই সুদীৰ্ঘ ১১ বছৰৰ মূৰত নিৰ্মাণ কৰিছে এখন নতুন ছবি ।

মাঘৰ বিহুৰ সময়তে ছবিগৃহলৈ আহিব জাহ্নু বৰুৱাৰ নতুন ছবি— 'হেৰোৱা ছন্দ' । "টেকনল’জীৰ যিমান পাৰি সিমান সুপ্ৰয়োগ কৰিব লাগে । কিন্তু টেকনল’জীক মানুহক গিলিবলৈ দিব নালাগে ।" — এই মতত দৃঢ়বিশ্বাসী জাহ্নু বৰুৱাই ডিজিটেল যুগ আৰু পৰম্পৰাৰ সংঘাতক মূল বিষয় হিচাপে লৈ নতুন প্ৰজন্মৰ শিল্পী, কলা-কুশলীক লৈ নিৰ্মাণ কৰিছে 'হেৰোৱা ছন্দ' ৷

এসময়ত কেইবা দশক পূৰ্বে মলয়া গোস্বামীৰ দৰে অভিনেত্ৰীৰ সৈতে ছবি নিৰ্মাণ কৰা জাহ্নু বৰুৱাই 'হেৰোৱা ছন্দ' নিৰ্মাণ কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, সুকন্যা ৰাজগুৰু আদি নৱপ্ৰজন্মৰ শিল্পীক লৈ । 'হেৰোৱা ছন্দ', ডিজিটেল যুগ, AI-ৰ মানুহৰ ওপৰত প্ৰভাৱৰ পৰা আৰম্ভ কৰি কেতবোৰ সাম্প্ৰতিক গুৰুত্বপূৰ্ণ বিষয়ত জাহ্নু বৰুৱাৰ সৈতে ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ ।

ইটিভি ভাৰত : এঘাৰটা বছৰ কম সময় নহয় । সুদীৰ্ঘ এঘাৰটা বছৰৰ মূৰত এখন নতুন চলচ্চিত্ৰ— হেৰোৱা ছন্দ । হেৰোৱা ছন্দই কাক প্ৰতিনিধিত্ব কৰিছে ? হেৰোৱা ছন্দই অসমীয়া ছবিক ছন্দ প্ৰদান কৰিবনে ?

জাহ্নু বৰুৱা : ঠিক এঘাৰ বছৰ নহয় । ছবি হিচাপে মই এঘাৰ বছৰৰ পিছত কৰিছোঁ ৷ কিন্তু মাজতে মই ভগা খিৰিকী নামৰ এখন ছবি কৰিছিলোঁ । সেইখন প্ৰিয়ংকা চোপ্ৰা প্ৰডাচনৰ আছিল । সেইখন মুক্তি নোহোৱাৰ বাবে দৰ্শকে চাব পোৱা নাই । গতিকে এঘাৰ বছৰ বুলিয়েই ক’ব লাগিব । মাজতে ক’ভিড মহামাৰী হ’ল । ছবি হিচাপে এঘাৰ বছৰৰ গেপ এটা হৈছে, ভালেই হৈছে । যথেষ্টখিনি ছবি কৰা হ’ল ৷

ছবি কৰি কৰি ভাগৰো লাগে । নতুন প্ৰজন্ম ওলাই আহিছে ৷ তেওঁলোকে ভাল ভাল কাম কৰিছে । গতিকে ভাবিছিলোঁ হয়তো মই অৱসৰ লোৱাই ভাল হ’ব ৷ ৰাইজে বোধকৰো পাহৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু ছবি এখন বনোৱাৰ পোকে মোক কুটি থাকে সদায় । তাৰেই ফলশ্ৰুতিত এইখন ছবি 'হেৰোৱা ছন্দ’ ৷

ইটিভি ভাৰত : কিছু বছৰৰ পূৰ্বে আপুনি অভিমান বা দুখতে কৈছিল অসমীয়া ছবি আৰু নিৰ্মাণ নকৰোঁ । আপোনাৰ নিজৰ মানুহবোৰৰ প্ৰতি এই ঠেহ ভাগিবলৈ এঘাৰ বছৰ লাগিল । এতিয়া চাগৈ সেই অভিমান নাই ! কিয় সেই অভিমান কৰিছিল ? সেই ঠেহ ভাগিলনে ?

জাহ্নু বৰুৱা : মই চিনেমা এখন কৰিছিলোঁ— ফিৰিঙতি ৷ চিনেমাখন কৰোঁতে মোৰ বহুত কষ্ট হৈছিল । গাঁৱৰ পটভূমিত কৰিছিলোঁ সম্পূৰ্ণৰূপে । ছবিখনত অভিনয় কৰিছিল মলয়া গোস্বামীয়ে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ পাইছিল । মোৰ এটা বেয়া লাগিছিল যে ছবিখন নচলিল । মোৰ এইটো কথাত বেয়া লাগিছিল যে অসমীয়া জাতিটোৰ এইটোও আগ্ৰহ নাই যে আমাৰ ছোৱালী এজনীয়েনো কি কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে, সেইটো চাবলৈয়ো আগ্ৰহ নাই । সেই কথাটোত মোৰ খুব দুখ লাগিছিল ।

সেয়ে সেই কথাটো কৈছিলোঁ । শৈলধৰ বৰুৱা মোৰ বন্ধু, তেখেতে উদ্যম যোগালে । তাৰ পিছতেই 'সাগৰলৈ বহু দূৰ’খন আৰম্ভ কৰিছিলোঁ ।

Jahnu Barua
জাহ্নু বৰুৱাৰ সৈতে ব্যুৰ' চীফ প্ৰশান্ত বৰুৱা (ETV Bharat Assam)

ইটিভি ভাৰত : কিন্তু মনত যাৰ ছবিৰ এটি এটি ফ্ৰেমে, এটি এটি চৰিত্ৰই খেলা কৰি থাকে অহৰহ, কাহিনীয়ে খুন্দিয়াই থাকে, সমাজৰ ছবিয়ে যাক আমনি কৰি থাকে, সেইজন মানুহে জানো ছবি নবনোৱাকৈ থাকিব পাৰে ?

জাহ্নু বৰুৱা : এইটো এটা পোকৰ নিচিনা বস্ত ৷ অনবৰতে কামুৰি থাকে । কিবা এটা সৃষ্টিশীল কৰিব লাগিব । সৰুতে মোক দেউতাই কৈছিল যে সৃষ্টিশীল মনৰ কোনো অৱসৰ নাই । A creative man muat not retired. গতিকে কাম কৰিবলৈ মোৰ প্ৰবল ইচ্ছা জাগিল । তাৰেই ফলশ্ৰুতিত এই 'হেৰোৱা ছন্দ' ৷

ইটিভি ভাৰত : হেৰোৱা ছন্দত কি আছে ? দৰ্শকে কি মনত লৈ ঘৰলৈ উভতিব ? এঘাৰটা বছৰ কম সময় নহয় । সুদীৰ্ঘ এঘাৰটা বছৰৰ মূৰত এখন নতুন চলচ্চিত্ৰ— হেৰোৱা ছন্দ । হেৰোৱা ছন্দই কাক প্ৰতিনিধিত্ব কৰিছে ?

জাহ্নু বৰুৱা : আজি কিছু বছৰৰ পৰা মই দেখিছোঁ অসমৰ লগতে গোটেই পৃথিৱীতে সমাজত এই বস্তুবাদী ভাবধাৰাবিলাক আহিলে, তেতিয়াই ঘৰবিলাক ভাগি গৈছে ৷ আমাৰ পৰম্পৰা, সমাজ ব্যৱস্থা যদি যায়গৈ আমি সকলোবিলাক হেৰুৱাই দিওঁ ৷ সেই অনুভৱেৰে মই এই কাহিনীটো লিখিছোঁ । আমাৰ সকলোৰে কাৰণে পৰিয়াল বোলা বস্তুটো বৰ গুৰুত্বপূৰ্ণ ৷ ইয়াকে লৈ চিনেমাখন আগবাঢ়িছে ।

ইটিভি ভাৰত : ডিজিটেল যুগে আমাৰ সমাজখন সাংঘাতিকভাৱে পৰিৱৰ্তন কৰি আনিছে । আপোনাৰ দৃষ্টিভংগীত টেকনল’জীয়ে কি প্ৰভাৱ পেলাইছে আমাৰ জীৱনত ?

জাহ্নু বৰুৱা : ডিজিটেল বা যিকোনো টেকনল’জীক বাধা দিব নোৱাৰি । টেকনল’জী always welcome ৷ আমাক লাগে ৷ কিন্তু ই আমাক মোহিত কৰি পেলায় । মোবাইলটোৰ কথাকে ধৰকচোন । ই আৰম্ভ হৈছিল যোগাযোগৰ চিন্তা-চৰ্চাক লৈ । কিন্তু সেই উদ্দেশ্যটো ক’ৰবাতে ৰ’ল ৷ ইয়াত হাজাৰটা ফিচাৰ্ছ দি দিয়া হ’ল । টেকনল'জীৰ মোহত এটাৰ পিছত এটা প্ৰজন্ম ধ্বংস হৈ যাব পাৰে । সেই উপলব্ধিটো আমাৰ অনৰবৰতে থাকিব লাগিব ।

আমি নিজক হেৰুৱাব নালাগে । টেকনল’জী আমাক লাগে ৷ কিন্তু টেকনল’জীয়ে আমাক কণ্ট্ৰ'ল কৰিব নালাগে । কণ্ট্ৰ'ল কৰিবলৈ দিয়াটো উচিত নহয় । যিদিনাই টেকনল’জীয়ে আমাক কণ্ট্ৰ'ল কৰিবলৈ লয় সিদিনাই আমি শেষ । মানৱ জীৱন লৈ একো লাভ নাই ৷ এনেকুৱা ধৰণৰ কথাও আছে এই ছবিখনত ।

ইটিভি ভাৰত : ৰীলৰ পৰা ডিজিটেল যুগলৈ এক বৈচিত্ৰ্যময় পৰিক্ৰমাত সক্ৰিয়ভাৱে আপুনি ছবিৰ জগতখনত জড়িত হৈ থকাৰ সৌভাগ্য হৈছে । এই দুয়োটা সময়ৰ পাৰ্থক্য বা সুবিধা-অসুবিধা আদি ক’ব নেকি ?

জাহ্নু বৰুৱা : আমি যেতিয়া ছবি কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া চেলুলয়ড যুগ আছিল । এতিয়া সম্পূৰ্ণৰূপে ডিজিটেল । মই সম্পূৰ্ণৰূপে টেকন’ল’জী ভালপাওঁ ৷ সম্পূৰ্ণৰূপে নিজকে আপগ্ৰেড কৰি থাকো ৷ নতুন নতুন টেকনল’জী আহিছে ৷ খুব প্ৰয়োগ কৰোঁ । কিন্তু সদায় সজাগ হৈ থাকো যে মই টেকনল’জীৰ কৱলত পৰিব নোখোজো । টেকনল'জীয়ে মোক শাসন কৰিব নালাগে ।

মই সদায় সচেতন হৈ থাকো যাতে মই টেকনল’জীৰ কবলত পৰি নিজকে হেৰুৱাই নেপেলাওঁ । মোৰ সান্নিধ্যলৈ অহা নৱপ্ৰজন্মৰ সকলোকে মই এই কথা কৈছোঁ । কৈ আহিছোঁ নিজক পাহৰি নাযাবা । মানৱ হিচাপে মন-শৰীৰ-মগজু এটা লৈ আহিছোঁ । এয়া ভগৱান প্ৰদত্ত । এয়া নিজৰ ৷

ইটিভি ভাৰত : আপুনি 'হালধীয়া চৰায়ে বাওধান খাই’ৰ ৰসেশ্বৰৰ পৰা 'তৰা’ৰ মানসিক জগতলৈ বিচৰণ কৰা ব্যক্তিজনে এইবাৰ একৈশ শতিকাৰ দ্বিতীয়টো দশকৰ ডিজিটেল প্ৰজন্মলৈ আপোনাৰ ফ্ৰেমত ধৰি ৰাখিবলৈ সক্ষম হৈছে । এয়া সহজ নহয় । এই সময়, সমাজ আৰু চৰিত্ৰৰ পৰিৱৰ্তন কিদৰে ব্যাখ্যা আগবঢ়াব ? হেৰোৱা ছন্দত আমি কেনেকুৱা এখন সমাজ দেখিবলৈ পাম ?

জাহ্নু বৰুৱা : হেৰোৱা ছন্দত আমাৰ মাজলৈ যিবিলাক আধুনিকতা আহিলে, বিশেষকৈ আমাৰ আৰ্বান এৰিয়াবিলাকত, নগৰ বা চহৰ এখন যিটো সন্ধিক্ষণত আছে— চিন্তাধাৰাবিলাক ৷ মানৱীয় কিছু চিন্তাধাৰা নাইকিয়া হৈ গৈছে ৷ সেইটো খুবেই দুৰ্ভাগ্যজনক । সেইটো মই বাৰে বাৰে লক্ষ্য কৰি আহিছোঁ ।

বিশেষকৈ ডিজিটেল এইজ হোৱাৰ পিছত নতুন প্ৰজন্মৰ এনেকুৱা এটা ধাৰণা হয় যে ডিজিটেল যুগ আৰম্ভ হোৱাৰ পিছৰ পৰাহে যেন মানৱ জীৱন আৰম্ভ হৈছে । আগতে যেন একোৱেই নাছিল । সেইটো হ’বই নোৱাৰে ৷

টেকনল’জীৰ আঁৰত মানুহৰ ব্ৰেইন এটাই আছে ৷ গতিকে এইটো আমি পাহৰিব নালাগিব ৷ পৰম্পৰা বোলা বস্তুটো আমাৰ প্ৰয়োজন । মই ছবিখনত দিব খুজিছোঁ যে পৰম্পৰা আমাক খুব প্ৰয়োজন । পৰম্পৰাৰ চিন্তাধাৰা, পৰিয়াল এটা আমাক খুবেই প্ৰয়োজন । ডিজিটেল যুগৰ মোহ বা কৱলত পৰি পৰিয়ালটো ধ্বংস কৰিব নালাগে । Humanity always should be Exist.

ইটিভি ভাৰত : হেৰোৱা ছন্দৰ পোষ্টাৰ আৰু গীত ৰিলিজৰ দিনা আপুনি নতুন প্ৰজন্মক ডিজটেল যুগৰ ৰণু্ৱা আখ্যা দি অতি যোগাত্মক আশা কৰিছে । এই ছবিখন আপুনি কাক কাক লৈ কৰিছে অলপ ক’ব নেকি ? নতুন প্ৰজন্মৰ লগত কাম কৰি কেনে লাগিছে ?

জাহ্নু বৰুৱা : অমৃতা গগৈ, জয় কাশ্যপ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু আদিয়ে 'হেৰোৱা ছন্দ’ত সুন্দৰ কাম কৰিছে ৷ মাজৰ এই গেপটোৱে বহুত সহায় কৰিলে ৷ যেতিয়া মই 'মেইনে গান্ধীকো নেহী মাৰা', 'পখী', 'তৰা' এই চিনেমাবোৰ কৰিছিলোঁ, তেতিয়া জন্ম হোৱা ল’ৰাৰ লগত মই কাম কৰিব পাৰিছোঁ । নতুন প্ৰজন্মৰ যিটো উদ্যম, সেয়া দেখি বৰ ভাল পাইছোঁ । মই যে খুব উপভোগ কৰোঁ সেইটোও নহয় ।

পদে পদে মোক সতৰ্ক কৰি ৰাখোঁ— বিশেষকৈ শহা আৰু কাছৰ সাধুটোৰ কাছটো হৈয়েই ভালপাওঁ । লাহে লাহে লক্ষ্যত উপনীত হ’ব পাৰোঁ । শহাৰ স্পীড চাই নিজকে হেয় জ্ঞান কৰিব নালাগে । বিশেষকৈ ডেঞ্জাৰেছ বস্তু এটা হৈছে AI— মানৱ জীৱনটো ধ্বংস কৰি দিছে । আমি উলাই কৰিও দিব নোৱাৰোঁ ৷ We have to co-exist. কেনেকৈ আমি ইযাক চম্ভালিব পাৰি, কেনেকৈ নিয়ন্ত্ৰণলৈ আনিব পাৰি সেইটোৱেই হৈছে আমাৰ চেলেঞ্জ ।

ইটিভি ভাৰত : আপুনি অসমীয়া সমাজ জীৱনৰ এগৰাকী অতি সূক্ষ্ম পৰ্যবেক্ষক বুলি আপোনাক জনাসকলে কয় ৷ অসমৰ নৃগোষ্ঠীয় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম আৰু সংঘাতক আপুনি আজিৰ দিনটোত কি দৃষ্টিভংগীৰে চায় ? লগতে ছয় জনগোষ্ঠীৰ স্বাধিকাৰ আৰু খিলঞ্জীয়াৰ অধিকাৰ বিষয়ত আজিৰ পৰিৱেশত আপোনাৰ ক’বলগীয়া ?

জাহ্নু বৰুৱা : মই যেতিয়া ছাত্ৰ হিচাপে আছিলোঁ— তেতিয়াও এন দাবীবোৰে মনলৈ উগ্ৰ ভাব এটা আনি দিয়ে । কিন্তু বহলভাৱে চাবলৈ গ’লে আমি সদায় ভাবি পাব লাগিব যে যিখন ৰাষ্ট্ৰত আমি আছোঁ সেই ৰাষ্ট্ৰখন আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ । আজিৰ যুগটো হৈছে এনেকুৱা যুগ, যেনেকৈ ডাঙৰ মাছে সৰু মাছক গিলি পেলায় তেনেকুৱা ধৰণৰ যুগ আহি পৰিছে ।

সৰু হৈ থাকিলে বাচি থাকিব নোৱাৰি । সুৰক্ষিত হৈ থাকিব নোৱাৰি ৷ ঠিক সেইবোৰ কথা ভাবি আমি যদি এটা ডাঙৰ ছাতিৰ তলত থাকো— তেতিয়া নিজকো ৰাখিব পাৰিম আৰু আনকো ৰাখিব পাৰিম ।

সৰু ছাতি এটাৰ তলত থাকিলে আমি নিজকহে বচাব পাৰিম । এই ধাৰণাটোতে মই ক’ম যে ৰাষ্ট্ৰখন যিমান শক্তিশালী কৰিব পাৰি সিমান গুৰুত্ব দিব লাগে । ছাতিবোৰ বেছি হ’ব নালাগে ।

ইটিভি ভাৰত : জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়া সমাজখনক এটা ডাঙৰ জোকাৰ দি গ’ল । যিটো বহু বছৰলৈ থাকিব ৷ অসমীয়া ছবি জগতলৈ জুবিন গাৰ্গৰ অৱদান আৰু ভূমিকাক আপোনাৰ দৃষ্টিৰে ক’ব নেকি ?

জাহ্নু বৰুৱা : ইযাত দুটা কথা আহে— প্ৰথমটো হ’ল, জুবিনৰ নিচিনা প্ৰতিভা জাতিৰ সম্পদ আছিল ৷ আছিল বুলি ক’বলৈ দুখ লাগে । তেওঁৰ পৰা অসমীয়া জাতিটোৱে আৰু বহুতখিনি পাবলগীয়া আছিল ৷ সেইটো হৈ নুঠিলগৈ । অকালতে মৰহি গ’ল । লোপ পাই গ’ল । আৰু এইটো খুব দুখৰ বিষয় ।

জুবিনৰ প্ৰতিভা অতুলনীয় আৰু অদ্বিতীয় । জাতিটোৰ আৰু ৰাজ্যখনৰ এটা দায়িত্ব থাকে, তাক ভালকৈ ভৰণ-পোষণ দিবলৈ, সুৰক্ষিত কৰি ৰখাটো ৷ বহুতবিলাক ত্ৰুটি ৰৈ গৈছে । ফলত আমাৰ এনেকুৱা এটা প্ৰতিভা লোপ পাই গ’ল । ইয়াতকৈ দুখৰ কথা একো হ’ব নোৱাৰে ।

লগতে পঢ়ক :এঘাৰ বছৰীয়া বিৰতিৰ অন্তত জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি ‘হেৰোৱা ছন্দ’
Last Updated : December 6, 2025 at 3:59 PM IST