ETV Bharat / entertainment

পেছাত পশু চিকিৎসক, কিন্তু অভিনয় প্ৰথম পছন্দঃ বিজিত দেৱ চৌধুৰীৰ অনুপ্ৰেৰণামূলক যাত্ৰা

এইগৰাকী শিল্পীয়ে শৈশৱৰ পৰাই মঞ্চাভিনয়েৰে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল । ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত এই অনন্য যাত্ৰাৰ বিষয়ে তেওঁ বিতংভাৱে ব্যক্ত কৰে ।

interview Veterinarian by profession, actor by addiction : Bijit deb choudhury's inspirational journey
অভিনেতা বিজিত দেৱ চৌধুৰী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 2, 2026 at 2:27 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : বিজিত দেৱ চৌধুৰী অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী অতি জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেতা। বিজিত দেৱ চৌধুৰীৰ জন্ম হৈছিল পাঠশালাৰ নিত্যানন্দৰ পানবাৰী গাঁৱত । শৈশৱৰ পৰাই অভিনয়ৰ প্ৰতি ধাউতি থকা অভিনেতাগৰাকীয়ে মণিপুৰৰ বিখ্যাত নাট্যকাৰ এইচ কানহাই লালৰ ওচৰত নাটকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

অভিনয় জীৱনৰ যাত্ৰা

প্ৰথম ছবি- তেওঁ 'মহাৰথী' ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাইছিল ।

VCD যুগৰ জনপ্ৰিয়তা-অসমীয়া ভিচিডিৰ সোণালী সময়ছোৱাত 'জানমণি', 'অঞ্জনা' আদিৰ দৰে বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ মন জয় কৰিছিল ।

বিজিত দেৱ চৌধুৰীৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

তেওঁক প্ৰায়ে নেতিবাচক (Villain) চৰিত্ৰত দেখা যায় যদিও এজন পাকৈত কৌতুক অভিনেতা হিচাপেও তেওঁৰ যথেষ্ট নাম আছে । জনপ্ৰিয় ধাৰাবাহিক 'খিচিৰি'ত কৰা অভিনয় ইয়াৰ এক উজ্জ্বল উদাহৰণ ।

পেছাগত জীৱন (পশু চিকিৎসক)

অভিনয়ৰ বাহিৰেও তেওঁৰ আন এক পৰিচয় আছে যিটো বহুতৰে বাবে অচিনাকি । তেওঁ এগৰাকী সফল আৰু দায়িত্বশীল পশু চিকিৎসক । দিনৰ ভাগত পশু চিকিৎসাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি তেওঁ সন্ধিয়া সময়ত মঞ্চ আৰু কেমেৰাৰ আগত ব্যস্ত হৈ পৰে ।

শেহতীয়াকৈ ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে তেওঁৰ এই দ্বৈত জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী সবিস্তাৰে বৰ্ণনা কৰিছে ।

বিজিত দেৱ চৌধুৰীৰ শৈশৱটো নাটকৰ মাজতেই পাৰ হৈছিল । তেওঁৰ অভিনয়ৰ প্ৰতি থকা টান আছিল জন্মগত । অভিনেতাগৰাকীৰ মতে, “মাৰ কোচত থকা অৱস্থাৰ পৰাই নাটক চাইছো । তেতিয়াৰ পৰাই চাগে মোৰ মনত নাটকৰ প্ৰতি এক আগ্ৰহ জন্মিছিল । ১৯৭৮ শিশু শিল্পী হিচাপে মই প্ৰথম মঞ্চত উঠিছিলো । সেই সময়ত আমাৰ গাঁৱত যাত্ৰা পাৰ্টী আছিল, তাৰ পৰাই মই আৰম্ভ কৰিছিলোঁ অভিনয় যাত্ৰা ।”

এনেদৰেই এজন শিশু শিল্পী হিচাপে আৰম্ভ কৰি আজি তেওঁ অসমৰ এগৰাকী সফল অভিনেতা তথা দায়িত্বশীল পশু চিকিৎসক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

interview Veterinarian by profession, actor by addiction : Bijit deb choudhury's inspirational journey
অভিনেতা বিজিত দেৱ চৌধুৰীৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মা (Photo : ETV Bharat Assam)

শিক্ষা আৰু অভিনয়ৰ মাজত বিৰতি

শৈশৱৰে পৰা অভিনয়ৰ প্ৰতি বিশেষ টান থকা বিজিত দেৱ চৌধুৰীয়ে স্কুলত পঢ়ি থকা দিনতে বিভিন্ন নাটকত অভিনয় কৰি কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল । কিন্তু উচ্চ শিক্ষাৰ খাতিৰত তেওঁ অভিনয়ৰ পৰা কিছুদিন বিৰতি ল’বলগীয়া হৈছিল ।

তেওঁ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ ছাত্ৰ আছিল । পঢ়া-শুনাৰ অধিক চাপ থকাৰ বাবে সেই দুবছৰ তেওঁ নিজৰ প্ৰিয় অভিনয় জগতৰ পৰা সম্পূৰ্ণ আঁতৰি আছিল । উচ্চতৰ মাধ্যমিকৰ শিক্ষা শেষ কৰি যেতিয়া তেওঁ পশু চিকিৎসা মহাবিদ্যালয়ত (Veterinary College) নাম ভৰ্তি কৰে, তেতিয়াৰ পৰাই তেওঁ পুনৰ নতুন উৎসাহেৰে অভিনয়ৰ সৈতে জড়িত হৈ পৰে । এনেদৰেই বিজ্ঞানৰ কঠিন পঢ়াৰ মাজতো তেওঁ নিজৰ অভিনয়ৰ প্ৰতি থকা হেঁপাহক জীয়াই ৰাখিছিল ।

সংগ্ৰাম আৰু সফলতাৰ কাহিনী

আজি এগৰাকী জনপ্ৰিয় অভিনেতা আৰু সফল চিকিৎসক হিচাপে পৰিচিত হ’লেও, ইয়াৰ আঁৰত আছে বিজিত দেৱ চৌধুৰীৰ এক কঠিন সংগ্ৰামৰ ইতিহাস ।

পশু চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি অভিনেতাগৰাকীয়ে লগে লগে চাকৰি পোৱা নাছিল । সেই সময়ছোৱাত তেওঁ পৰিয়ালক সহায় কৰিবলৈ আৰু নিজৰ খৰচ উলিয়াবলৈ তেওঁ ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰিবলগীয়া হৈছিল । বহুতে তেওঁক সেই অৱস্থাত দেখি পুতৌও কৰিছিল । কেৱল বস্তু বিক্ৰী কৰাই নহয়, তেওঁ টিউচন কৰাৰ লগতে সৰু-সুৰা ব্যৱসায়তো মনোনিবেশ কৰিছিল ।

বৰ্তমান তেওঁ গুৱাহাটীত এগৰাকী পশু চিকিৎসক হিচাপে চৰকাৰী পদত কৰ্মৰত হৈ আছে । চাকৰিৰ সমান্তৰালকৈ তেওঁ অভিনয়ৰ প্ৰতি থকা হেঁপাহক সমানেই গুৰুত্ব দি আহিছে । দিনৰ ভাগত এগৰাকী দায়িত্বশীল চিকিৎসক হিচাপে তেওঁ অফিচৰ কামত ব্যস্ত থাকে ৷ সন্ধিয়াৰ সময়ত: অফিচৰ কাম শেষ কৰি তেওঁ অভিনয়ৰ কামত (মঞ্চ বা কেমেৰাৰ আগত) সময় দিয়ে ।

বিগত বৰ্ষত মুক্তি লাভ কৰা জনপ্ৰিয় অসমীয়া ছবি 'ৰুদ্ৰ'ত তেওঁ বলিষ্ঠ অভিনয় কৰিছিল ৷ বৰ্তমান তেওঁ এখন নতুন ধাৰাবাহিক আৰু এখন ছবিৰ কামত ব্যস্ত থকাৰ লগতে নাটকৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে আজি বিজিত দেৱ চৌধুৰী উঠি অহা প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰিছে।

লগতে পঢ়ক :

চিন্ময় শৰ্মাৰ নতুন ছবি ‘ভাকুটকুট’, ৬ মাৰ্চত মুক্তি