ETV Bharat / entertainment

ৰিয়েলিটী শ্ব’ৰ মঞ্চৰ পৰা ডাঙৰ পৰ্দালৈকে ফ্ল’ৰিনাৰ যাত্ৰাই কয়- ড্ৰীম বিগ

কন্যাৰ কম বয়সতে অভিভাৱকে হয়তো গম পাইছিল নৃত্য প্ৰতিভাৰ কথা ৷ পিতৃ-মাতৃৰ পূৰ্ণ সমৰ্থনত আজি ফ্ল’ৰিনাই দেখিছে আকাশ চুই চোৱাৰ সপোন ৷

interview super dancer chapter 4 winner florina gogoi opens up about her debut film mishmi
ডাঙৰ পৰ্দালৈকে ফ্ল’ৰিনাৰ যাত্ৰা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 22, 2025 at 6:17 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ফ্ল’ৰিনা গগৈ, মাত্ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰী, যাৰ নৃত্যশৈলীয়ে কঁপাইছে ৰাষ্ট্ৰীয় মঞ্চ ৷ এইগৰাকী অসমকন্যাই অনন্য নৃত্য ভংগীমাৰে শ্ৰোতা-দৰ্শকৰ মনত ইতিমধ্যেই এক সুকীয়া স্থান দখল কৰি লৈছে ৷ পিছে আজিৰ এই বিশেষ প্ৰতিবেদনত আমি আপোনালোকক ফ্ল’ৰিনাৰ অন্য এটা দিশৰ বিষয়েহে অৱগত কৰিব বিচাৰিছোঁ ৷ ফ্ল’ৰিনাই খোজ দিছে চিনেমা জগতত ৷ আগন্তুক বৰ্ষত ৰূপালী পৰ্দাত দেখিবলৈ পাব আপোনাসৱৰ মৰমৰ ফ্ল’ৰিনাক ৷

ফ্ল’ৰিনাই আত্মপ্ৰকাশ কৰা ছবিখনৰ নাম ‘মিশমী’ ৷ মুম্বাইত প্ৰতিষ্ঠিত বাংলা চলচ্চিত্ৰ পৰিচালক সুমন অধিকাৰীৰ চিনেমাৰ জৰিয়তে এই নতুন যাত্ৰাৰ আৰম্ভণি কৰিছে ফ্ল’ৰিনাই ৷ উল্লেখ কৰিব লাগিব যে এই ছবিখনত ফ্ল’ৰিনাই বলীউডৰ দ্বিগজ অভিনেত্ৰী সুস্মিতা মুখাৰ্জীৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৷

ফ্ল’ৰিনাৰ সৈতে আন্তৰিক বাৰ্তালাপ (ETV Bharat Assam)

মিশমী ছবিখনত ফ্ল’ৰিনা আৰু সুস্মিতা মুখাৰ্জীয়ে আইতাক আৰু নাতিনীয়েকৰ সম্পৰ্কত অভিনয় কৰিছে ৷ ফ্ল’ৰিনাৰ চৰিত্ৰটোৰ নামেই মিশমী ৷ ছবিখনত এগৰাকী 10 বছৰীয়া শিশুৰ চৰিত্ৰত অভিনয় কৰিছে ফ্ল’ৰিনাই, যি নিজৰ ৰঙীন কাল্পনিক দুনীয়াখনত সোমাই থাকে ৷ কিন্তু এসময়ত এই সৰু ছোৱালীজনী ৰুঢ় বাস্তৱৰ সৈতে মুখামুখি হয় ৷ এটি 10 বছৰীয়া শিশু কিমান সৰল আৰু তেওঁলোক কিমান আৱেগিক, এই ছবিখনৰ জৰিয়তে দৰ্শকে অনুভৱ কৰিব পাৰিব ৷

হিন্দী ভাষাত মুক্তি পাবলগীয়া এই ছবিখনৰ শ্বুটিং হৈছে মাজুলীত ৷ মাজুলীৰ মনোমোহা পৰিৱেশত মিশমী আৰু আইতাকৰ সৰল আৰু আৱেগিক কাহিনী সুমন অধিকাৰীয়ে কেমেৰাৰ লেন্সত ধৰি ৰাখিছে ৷ আন আন চৰিত্ৰসমূহত অভিনয় কৰিছে অথৰ্ব বিশ্বকৰ্মা, পাৰ্থ দত্ত, মনোজ বৰঠাকুৰ, সিদ্ধাৰ্থ মুখাৰ্জী আৰু শংকলিতা ৰয়ে ৷ আগন্তুক বৰ্ষত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ হোৱা নাই ৷ আনহাতে মুক্তিৰ পূৰ্বে বহুকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰা হ’ব বুলি পৰিচালকে প্ৰকাশ কৰিছে ৷

ছবিখনৰ অফাৰ ফ্ল’ৰিনাৰ ওচৰলৈ কেনেকৈ আহিল ?

এই সন্দৰ্ভত ফ্ল’ৰিনাই কয়, "পৰিচালকে মোৰ দেউতাৰ সৈতে যোগাযোগ কৰিছিল ৷ মই ইমানকৈ নাজানো, কিন্তু মিশমী হ’বলৈ পাম বুলি জানি বহুত সুখী হৈছিলোঁ ৷ সকলোৱেই বহুত বেছি সমৰ্থন আগবঢ়াইছিল ৷ মই নাচিয়ে থাকো, ইয়াত মুখৰ অভিব্যক্তিৰ সৈতে সমগ্ৰ শৰীৰটোৰো অভিব্যক্তি প্ৰকাশ কৰিবলগীয়া হয়, কিন্তু অভিনয়ত কেৱলৰ মুখৰ অভিব্যক্তিৰ ওপৰতেই গুৰুত্ব দিয়া হয়, ই মোৰ কাৰণে এক নতুন অভিজ্ঞতা ৷"

বলীউড অভিনেত্ৰী সুস্মিতা মুখাৰ্জীৰ সৈতে ফ্ল’ৰিনাৰ সম্পৰ্ক কেনেকুৱা আছিল ?

অতিকে উৎফুল্লিত হৈ ফ্ল’ৰিনাই কয়, "মোৰ বহুত অভিজ্ঞতা হ’ল ৷ মেম বহুত অভিজ্ঞ, কান্দিবলৈ ক’লে তৎক্ষণাত কান্দি দিয়ে, হাঁহিবলৈ ক’লে তৎক্ষণাত হাঁহি দিয়ে ৷ মই বহুত শিকিবলৈ পালোঁ ৷ আৰু খুব সুন্দৰকৈ তেওঁ সংলাপ কয়, দেখি এনেকুৱা লাগে যেন ঘটনা এটা সঁচাকৈ ঘটিছে ৷ মোক তেওঁ বহুত মৰম কৰে-ঐ ছোৱালী,বদমাছ ছোৱালী-এনেকে তেওঁ অসমীয়া শিকিছিল ৷ মই ছেটত তেওঁক অসমীয়া শিকাইছিলো ৷"

মিশমীৰ ছেটৰ পৰিৱেশ কেনেকুৱা আছিল ?

"বহুত মজা, মই বহুত উৎপতীয়া ৷ শ্বট শেষ হ’লে কাট বুলি কোৱাৰ লগে লগে মই পলাই দিওঁ ৷ আমাৰ নিৰ্মাতা বহুত ছিৰিয়াছ, প্ৰথমে মই ভয় খাইছিলো, কিন্তু পিছলৈ যেতিয়া গম পালোঁ তেওঁ মৰমিয়াল বুলি তেতিয়া মই ধেমালি কৰিয়ে থাকিলো ৷ মোক সকলোৱে ছেটত বহুত মৰম কৰিছিল, প্ৰত্যেকই বহুত সমৰ্থনকাৰী আছিল ৷"

মিশমী চৰিত্ৰটোৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিল ফ্ল’ৰিনাই ?

"প্ৰথমে যেতিয়া মই গম পাইছিলো যে মই মিশমী হ’ম, ভাবিছিলো মই কেনেকৈ অভিনয় কৰিম ৷ মিশমী গাঁৱৰ ছোৱালী ৷ কিন্তু চৰিত্ৰটোৰ মোৰ লগত মিল আছে ৷ মিশমীয়ে প্ৰকৃতি ভাল পাই, মইও প্ৰকৃতি ভাল পাওঁ ৷ মিশমী নিজৰ দুনীয়াত থাকে, যিবোৰ কথা মানুহে নাভাৱে, মিশমীয়ে সেইবোৰ ভাৱে ৷ প্ৰথমতে অকণমান ভয় লাগিছিল, কিন্তু কৰিলো ৷"

কেমেৰাৰ সন্মুখত প্ৰথম অভিনয়ৰ অভিজ্ঞতা

"কেমেৰাৰ আগততো মই আগৰে পৰাই ওলাইছো, সেইকাৰণে মোৰ ইমান ভয় লগা নাছিল, কিন্তু অভিনয়ত কেৱল মুখৰ অভিব্যক্তি দেখুৱাৱ লাগে ৷ সেইটো বেলেগ এটা অভিজ্ঞতা ৷"

পঢ়া-নৃত্য-অভিনয়: সকলোবোৰ নিয়াৰিকৈ কিদৰে চলাই নিছে ফ্ল’ৰিনাই ?

এই সন্দৰ্ভত ফ্লৰিনাই পিতৃ-মাতৃৰ সমৰ্থনৰ কথা উল্লেখ কৰে ৷ নৃত্যশিল্পীগৰাকীয়ে কয়, "পঢ়াৰ ক্ষেত্ৰত মোক মায়ে সহায় কৰে ৷ লগতে স্কুলৰ মিছৰ কথাও ক’ব লাগিব ৷ তেওঁলোক কঠোৰ হয় অলপ, কিন্তু তেওঁলোকে মোক কৈ দিয়ে কি কি পঢ়িব লাগিব ৷ আনহাতে দেউতাই নাচটো চাই দিয়ে, কিন্তু নাচিবতো মই নিজেই লাগে ৷"

চেলেব্ৰিটী--অনুভৱটো কেনেকুৱা ?

"চেলেব্ৰিটী টাইপ নহয়, আশীৰ্বাদ লাভ কৰাৰ দৰে অনুভৱ হয় ৷ কিবা এটা শক্তি পাওঁ ৷ আৰু ভালকৈ কাম কৰিবলৈ মন যায় ৷ ময়ো কাৰোবাৰ অনুৰাগী, যেতিয়া কোনোবাই মোৰ ওচৰলৈ আহি ফটো তোলে, এনেকুৱা লাগে- অহ ! মোৰ ফটো তুলিছে ৷ মোৰ কাৰণে বহুত ডাঙৰ কথা ৷ মই আৰু কষ্ট কৰি যাম ৷"

নিজৰ দেশ আৰু ৰাজ্যৰ কাৰণে এদিনৰ বাবে কিবা কৰাৰ শক্তি লাভ কৰিলে মিশমীয়ে কি কৰিব ?়

"মিশমীয়ে জীৱ-জন্তুক মৰম কৰিব, ৰাস্তা-ঘাট-পদূলি সকলোবোৰ ঠিক কৰি পেলাব ৷ ককা-আইতাহঁতক মৰম কৰিব ৷ এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব য’ত কোনো ধৰণৰ প্ৰদূষণ নাথাকিব ৷"

ই টিভি ভাৰতৰ এই সাক্ষাৎকাৰটোত ফ্ল’ৰিনা গগৈয়ে বহু কথাই ক’লে ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা ফ্ল’ৰিনা সঁচাই অসমবাসীৰ বাবে গৌৰৱ ৷ আগন্তুক বৰ্ষত ফ্ল’ৰিনাই আত্মপ্ৰকাশ কৰা ছবি ‘মিশমী’ ছবি গৃহত মুক্তি পাব ৷ ই টিভি ভাৰতৰ তৰফৰ পৰা আশা কৰিছোঁ নৃত্যৰ জগতখনৰ সমান্তৰালকৈ অভিনয়ৰ জগততো দোপতদোপে আগবাঢ়ি যাওক ফ্ল’ৰিনা গগৈ ৷ কণমানি ফ্ল’ৰিনাৰ ভৱিষ্যত জীৱনলৈ শুভেচ্ছা ৷

লগতে পঢ়ক : সুমন অধিকাৰীৰ 'মিশমী'ত মুখ্য চৰিত্ৰত ফ্ল’ৰিনা গগৈ