'কি নাম দি মাতিম'ৰ পৰা 'দিন জ্বলে ৰাতি জ্বলে'লৈকে... এইবাৰ বিহুমঞ্চত ছুইটী দাসৰ কণ্ঠৰে কেৱল জুবিনৰ গান
কেনেকৈ আৰম্ভ হৈছিল জুবিন গাৰ্গৰ সৈতে সাংগীতিক যাত্ৰা ? বিহুৰ প্ৰস্তুতিৰ মাজতে মনৰ কথা খুলি ক’লে কণ্ঠশিল্পী ছুইটী দাসে ।

By ETV Bharat Entertainment Team
Published : March 26, 2026 at 4:39 PM IST
|Updated : March 26, 2026 at 4:52 PM IST
গুৱাহাটী : জুবিন গাৰ্গ অবিহনেই এইবাৰ বিহুৰ মঞ্চ কঁপাবলৈ সাজু ছুইটী দাস ৷ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন । ৰাজ্যৰ চুকে-কোণে এতিয়া ঢোল-পেঁপাৰ গুমগুমনি । এই উছাহৰ মাজতে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসে চলিত বৰ্ষৰ বিহুৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ।
মঞ্চত জুবিনৰ গীত
যদিও এইবাৰ তেওঁ জুবিন গাৰ্গ অবিহনেই মঞ্চত অনুষ্ঠান পৰিবেশন কৰিব, তথাপিও জুবিনৰ বহুকেইটা জনপ্ৰিয় গীত লৈ তেওঁ দৰ্শকক আমোদ দিবলৈ সাজু হৈছে । বিহু সমাগত হোৱাৰ লগে লগে আন শিল্পীসকলৰ দৰেই ছুইটী দাসেও বৰ্তমান অন্তিম পৰ্যায়ৰ আখৰাত ব্যস্ত হৈ পৰিছে ।
বিহুৰ পৰিৱেশ
পূৰ্বৰ তুলনাত উছাহ অলপ কম যেন লাগিলেও, শিল্পীগৰাকীয়ে দৰ্শকক বিহুৰ আমেজ দিবলৈ কোনো ত্ৰুটি ৰখা নাই । গুৱাহাটীৰ পৰা উজনি-নামনিলৈ এইবাৰ ছুইটী দাসৰ কণ্ঠত জুবিন গাৰ্গৰ হিট গীতবোৰ শুনিবলৈ ৰাইজ আগ্ৰহেৰে ৰৈ আছে ।

জুবিন গাৰ্গ অবিহনে এইবাৰ 'জুবিনময়' বিহুৰ বাবে সাজু ছুইটী দাস
বিগত বহু বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে একেলগে মঞ্চত গীত পৰিৱেশন কৰি অহা জনপ্ৰিয় কণ্ঠশিল্পী ছুইটী দাস এইবাৰ অকলে বিহুৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে । জুবিন গাৰ্গ অবিহনে এইবাৰৰ বিহুটো তেওঁৰ বাবে অতি সুকীয়া আৰু আৱেগিক ।

ছুইটী দাসৰ বিশেষ পৰিকল্পনা জুবিনময় বিহু
ছুইটীয়ে কয়, “এইবাৰ বিহুটো খুব সুকীয়া । এনেধৰণৰ বিহু আমি কোনেও কামনা কৰা নাছিলোঁ । যিহেতু বিহু আমাৰ অসমীয়াৰ এক অবিচ্ছেদ্য অংগ, গতিকে তেখেতৰ যিসমূহ গান বা জীৱনক লৈ তেওঁৰ যেনেধৰণৰ চিন্তা-ধাৰা সেই সকলোবোৰ আমি বিহু মঞ্চৰ জৰিয়তে, গানৰ জৰিয়তে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ । মোৰ এইবাৰৰ লক্ষ্য হ’ল বিহুটো জুবিনময় কৰি তোলা ৷ গতিকে প্ৰতিখন মঞ্চত কেৱল তেওঁৰে গান গোৱা হ'ব ৷”
গীতৰ জৰিয়তে সন্মান
জুবিন গাৰ্গৰ চিন্তা-ধাৰা আৰু তেওঁৰ সংগীতৰ যি যাত্ৰা, তাক গীতৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱাৰ এক বিশেষ প্ৰয়াস কৰিছে ছুইটীয়ে ।

জুবিন গাৰ্গৰ সৈতে ছুইটী দাসৰ প্ৰথম সাক্ষাৎ আৰু সংগীত যাত্ৰাৰ আৰম্ভণি
“২০২২ চনৰ প্ৰথম দূৰ্গাপূজাত মই তেখেতক লগ পাইছিলোঁ । তাৰ পাছত ৰৈ ৰৈ বিনালে ছবিখনত মোক গীত গাবলৈ মাতিলে । তেখেতৰ সৈতে মই গোৱা প্ৰথম গীতটো আছিল 'মোৰ মন' । সেই গীতটি গোৱাৰ পাছত মোক তেখেতে অনুষ্ঠান পৰিৱেশন কৰাৰ প্ৰস্তাৱ দিছিল”, ছুইটীয়ে কয় ৷
এনেদৰেই জুবিন গাৰ্গৰ সান্নিধ্যত ছুইটী দাসৰ পেছাদাৰী সংগীত জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আৰম্ভ হৈছিল ।
জুবিন গাৰ্গৰ সৈতে ছুইটী দাসৰ মঞ্চৰ প্ৰথম অভিজ্ঞতা
কণ্ঠশিল্পী ছুইটী দাসে জুবিন গাৰ্গৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ বিশেষ স্মৃতি আমাৰ আগত ব্যক্ত কৰে ৷ তেওঁ কয়, “মই ২০২২ ৰ অক্টোবৰৰ ১৩ তাৰিখৰ পৰা তেখেতৰ লগত প্ৰথম অনুষ্ঠান কৰিছোঁ । লক্ষ্মীপূজাৰ এখন অনুষ্ঠান আছিল । সেইখন মোৰ প্ৰথম অনুষ্ঠান আছিল । তেতিয়াৰ পৰা কৰিয়ে আছোঁ । প্ৰথম অনুষ্ঠানৰ দিনা তেখেতে মোক এনেই ওলাবলৈ কৈছিল, কোনো ধৰণৰ প্ৰস্তুতি নাছিল । গৈ পোৱাৰ পাছত তেখেতে মোক গীত গাবলৈ কৈছিল আৰু সেই অনুষ্ঠানত গোৱা মোৰ প্ৰথম গীতটো আছিল- 'দিন জ্বলে, ৰাতি জ্বলে ।”

সেইদিনাৰ পৰাই ছুইটী দাস জুবিন গাৰ্গৰ এগৰাকী অন্যতম সহযোগী কণ্ঠশিল্পী হিচাপে ৰাইজৰ মাজত পৰিচিত হৈ পৰে ।
মঞ্চত জুবিন গাৰ্গৰ সৈতে ছুইটী দাসৰ আটাইতকৈ জনপ্ৰিয় গীত: 'কি নাম দি মাতিম'
২০২২ চনৰ পৰা জুবিন গাৰ্গৰ সৈতে প্ৰতিখন মঞ্চতে অনুষ্ঠান পৰিৱেশন কৰি অহা কণ্ঠশিল্পী ছুইটী দাসে তেওঁৰ সংগীত যাত্ৰাৰ এক বিশেষ অভিজ্ঞতাৰ বিষয়ে এনেদৰে কয়, “ড৹ বেজবৰুৱা ২ ৰ 'কি নাম দি মাতিম' গীতটি জুবিন দাৰ লগত প্ৰায় প্ৰতিখন মঞ্চতে গাইছিলোঁ । পাছলৈ বহুতে সেই গীতটোৰ মূল গীতটোও মইয়ে গাইছোঁ বুলি ভাবিবলৈ লৈছিল । 'কি নাম দি মাতিম' গীতটি যেতিয়া মুক্তি হৈছিল, তেতিয়া তেখেতে মোক কৈছিল- এই গীতটি তই গাব লাগিব । গতিকে সেই গীতটি যদিও ভাস্বতী ভাৰতীয়ে গাইছে, কিন্তু কোনোবাখিনিত গীতটি মই মোৰ গান হিচাপেও অনুভৱ কৰোঁ । সেই গীতটিৰ লগত মোৰ মনৰ বহু কথা জড়িত হৈ আছে । মঞ্চত সেই গীতটো গোৱাৰ দায়িত্ব তেখেতে মোক দিছিল, যিমান পাৰোঁ মইও সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ । প্ৰতিখন মঞ্চত এইবাৰো সেই গীতটো ৰাইজৰ বাবে গাবলৈ চেষ্টা কৰি যাম ।”

জুবিন গাৰ্গৰ সৈতে কাম কৰাৰ অভিজ্ঞতা: ছুইটী দাসৰ স্মৃতিত এমুঠি আৱেগ
জুবিন গাৰ্গৰ সান্নিধ্যত কাম কৰাৰ দিনবোৰ সোঁৱৰণ কৰি কণ্ঠশিল্পী ছুইটী দাসে কয়, “এতিয়াও বিশ্বাস হোৱা নাই ! তেখেতৰ লগত কাম কৰিছোঁ বাবেই মোক ৰাইজে আজি চিনি পাইছে । সেইখিনিতে মনত পৰে যে মানুহজনক সঁচাকৈ পাইছিলোঁ । তেখেতৰ পৰা বহুত বস্তুয়েই শিকিবলৈ পাইছিলোঁ । তেখেতে জানিছিল যে মই গান শিকা নাছিলোঁ, গতিকে আৰম্ভণিৰ পৰা মোক শিকাইছিল । তেখেতে লগত থাকি শিকাৰ সুবিধা দিছিল মোক । তেখেতে বহুত কথাই শিকাই গ’ল । গানৰ বুলিয়ে নহয় দৈনন্দিন জীৱনৰ লগত জড়িত বহু কথাও শিকাই গৈছে ।” ছুইটীৰ ভাষাত, জুবিন গাৰ্গ আছিল তেওঁৰ বাবে এজন পথ-প্ৰদৰ্শক আৰু প্ৰকৃত শিক্ষক ।
লগতে পঢ়ক : কণ্ঠশিল্পী গীতালি দেৱীৰ সংগীত যাত্ৰা: অভিনয়-নৃত্যৰ পৰা জুবিন গাৰ্গৰ সান্নিধ্যলৈ

