ETV Bharat / entertainment

অমৃতা গগৈয়ে পেছাগত জীৱনৰ আধা শতাংশ কাম এবছৰতে শিকিলে জাহ্নু বৰুৱাৰ ফিল্ম ছেটত

ভগা খিৰিকী নিৰ্মাণৰ ৭ বছৰৰ পাছত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যশস্বী পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালনাৰে আহি আছে নতুন অসমীয়া ছবি 'হেৰোৱা ছন্দ'।

interview Jahnu Barua directorial herowa chanda to be released 2nd january 2026 lead actor amrita gogoi shares her journey
হেৰোৱা ছন্দ টীম (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 25, 2025 at 1:32 PM IST

|

Updated : December 25, 2025 at 1:44 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যশস্বী পৰিচালক জাহ্নু বৰুৱা পৰিচালিত নতুন অসমীয়া ছবি 'হেৰোৱা ছন্দ' । ২০১৮ চনত জাহ্নু বৰুৱাই নিৰ্মাণ কৰিছিল 'ভগা খিৰিকী' ৷ ভগা খিৰিকী' নিৰ্মাণৰ ৭ বছৰৰ পাছত নতুন প্ৰজন্মৰ বৈবাহিক জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিছে এইখন ছবি 'হেৰোৱা ছন্দ' ৷ ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টোতে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে । মন গ’লেহে চিনেমা নিৰ্মাণ কৰা জাহ্নু বৰুৱাৰ এইখন প্ৰথম বাণিজ্যিক ছবি ।

ছবিখনৰ মুক্তিৰ পূৰ্বে ই টিভি ভাৰতে যোগাযোগ কৰে হেৰোৱা ছন্দৰ টীমক ৷ এক আন্তৰিক বাৰ্তালাপত বহু কথাই প্ৰকাশ কৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অমৃতা গগৈ, অভিনেতা অজু বৰুৱাৰ লগতে শিশুশিল্পী অস্মিতা আৰু আমাইৰাই ৷

আন্তৰিক বাৰ্তালাপ (ETV Bharat Assam)

অভিনেত্ৰী অমৃতা গগৈয়ে শিকিলে বহু কথা

হেৰোৱা ছন্দ ছবিখনৰ সন্দৰ্ভত অমৃতা গগৈয়ে মন্তব্য কৰাৰ লগতে ছবিখনত অভিনয় কৰিবলৈ সুযোগ পোৱাৰ বাবে তেওঁৰ কেনে অনুভৱ হৈছিল সেয়াও বাখ্যা কৰে ৷ অভিনেত্ৰী অমৃতা গগৈয়ে কয়, “জাহ্নু বৰুৱা ছাৰৰ লগত কাম কৰিবলৈ পোৱাটো আমাৰ বাবে এটা ডাঙৰ সৌভাগ্য । এই ছবিখনৰ আমি দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিলোঁ 2025 চনৰ এপ্ৰিল মাহৰ মাজৰ পৰা । প্ৰায় ডেৰ-দুই মাহ ছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল । নতুন বছৰ, নতুন আশা লৈ জানুৱাৰী মাহৰ 2 তাৰিখে ছবিখনে মুক্তি লাভ কৰিব । আশা কৰোঁ ছবিখন ৰাইজে ছবিখন আঁকোৱালি ল’ব ।”

herowa chanda
মুখ্য চৰিত্ৰত জয় কাশ্যপ-অমৃতা গগৈ (Photo : Film Poster)

ছবিখনত অভিনয় কৰাৰ সুযোগটো কেনেকৈ আহিছিল

বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক জাহ্নু বৰুৱা । এনে এগৰাকী ব্যক্তি যাৰ লগত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে এবাৰ নহয় এবাৰ হ’লেও কাম কৰিবলৈ বিচাৰে । অভিনেত্ৰী অমৃতা গগৈলৈ কেনেদৰে প্ৰস্তাৱটো আহিছিল- সেই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, “চিনেমাট’গ্ৰাফাৰ সুমন দাই হঠাৎ এদিন ফোন কৰি জাহ্নু বৰুৱা ছাৰে এবাৰ মোক লগ পাব বিচাৰিছে বুলি ক’লে । মোক ঠিকনাটো দি তেওঁ কলে- তোক 11 বজাত মাতিছে, কিন্তু তই 10.45 তে গৈ ছাৰৰ ঘৰৰ সন্মুখত হাজিৰ হ’বি ৷ লাগিলে গাড়ীতে বহি থাকিবি, কিন্তু 11 তাতকৈ দেৰি নকৰিবি । কাৰণ ছাৰে খুব বেছি সময় মানি চলে । ময়ো ঠিক তেনেদৰে 10.30 তে গৈ ছাৰৰ ঘৰৰ সন্মুখত ৰৈ আছোঁ । সেইদিনা আছিল চলিত বৰ্ষৰ জানুৱাৰীৰ ১ তাৰিখ । সেইদিনা ছাৰে ছবিৰ কথা তেনেদৰে কোৱা নাছিল । ছাৰৰ সৈতে কথা পাতি ঘৰলৈ গুচি আহিলোঁ ।”

herowa chanda
অমৃতা গগৈ, অজু বৰুৱা, অস্মিতা, আমাইৰা (Photo : ETV Bharat Assam)
herowa chanda
হেৰোৱা ছন্দ টীম (Photo : ETV Bharat Assam)

অমৃতাই লগতে আকৌ কয়, “তাৰ পাছত হঠাৎ পুনৰ এদিন সুমন দাই ফোন কৰিলে । ফোন কৰি লুক টেষ্টৰ কথা ক’লে । মই পুনৰ ছাৰৰ ঘৰলৈ আহিলোঁ, লুক টেষ্ট দিলোঁ । কিন্তু তেতিয়ালৈ মই ছবিখনৰ কথা একোৱেই গম পোৱা নাছিলো । তাৰ পাছত পুনৰ এদিন মোক ছাৰৰ ঘৰলৈ মাতিলে, মই আহিলো আৰু সেইদিনা মই গম পালো যে মোক ছবিখনৰ বাবে কাষ্ট কৰা হৈছে । সেই কথাটো সকলোৱে গম পাই, কিন্তু কেৱল মই গম পোৱা নাছিল ।”

herowa chanda
জাহ্নু বৰুৱাৰ ছবিখনৰ মুখ্য চৰিত্ৰত অমৃতা গগৈ (Photo : Film Poster)

ছবিখনত অভিনয়ৰ সন্দৰ্ভত অজু বৰুৱাৰ মন্তব্য

বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ পুত্ৰ অজু বৰুৱা । অজু বৰুৱাই পূৰ্বে হিন্দী ছবিত অভিনয় কৰিছে ৷ ‘হেৰোৱা ছন্দ’ তেওঁ অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি । এই সন্দৰ্ভত অজু বৰুৱাই কয়, “এইটো এটা মোৰ বাবে বহুত বিশেষ অভিজ্ঞতা । ছবিখনৰ জৰিয়তে অসমীয়া ছবিজগতৰ সৈতে মই পৰিচিত হৈছো । ছবিখনত মই অমৃতা গগৈৰ ভাইটিৰ চৰিত্ৰত অভিনয় কৰিছোঁ ।”

herowa chanda
বাস্তৱ ঘটনা তুলি ধৰিবলৈ চেষ্টা কৰিছে পৰিচালকে (Photo : Film Poster)

বৰ্তমান সমাজত চলি থকা এটা বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন

এই সন্দৰ্ভত অভিনেতা অজু বৰুৱাই কয়, “ছবিখনৰ নামটোতে আধা কাহিনীৰ বৰ্ণনা আহি যায় । সংগীতৰ ক্ষেত্ৰত ছন্দ এটা যদি হেৰাই যায়, তেন্তে সেইটো সম্পূৰ্ণ নহয় । ইয়াতো ঠিক তেনেকুৱাই ৷ ছবিখনত নাৰী অৰ্থাৎ কুঁহিৰ চৰিত্ৰটোক বেছি প্ৰাধান্য দিয়া হৈছে । এখন ঘৰ ধৰি ৰাখিবলৈ নাৰীৰ যি শক্তি সেয়া অন্য কাৰো হাতত নাই । দেউতাই ছবিখনৰ জৰিয়তে সেই কথা প্ৰতিফলিত কৰিব বিচাৰিছে ৷”

herowa chanda
হেৰোৱা ছন্দৰ টীমৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মা (Photo : ETV Bharat Assam)

অনুপ-কুঁহিৰ জীৱনত যিটো সমস্যা চলি আছে বৰ্তমান সমাজতো সেইটোৱে দেখিবলৈ পোৱা যায় নেকি ?

এই সন্দৰ্ভত অমৃতা গগৈয়ে কয়, “অনুপ আৰু কুঁহি বুলিয়ে নহয়, গোটেই জীৱনটো জীয়াই থাকিবলৈ আচলতে কেৱল স্বামী-স্ত্ৰীৰ সম্পর্কটোৱেই যথেষ্ট নহয় । স্বামী-স্ত্ৰীৰ বাহিৰেও আমাৰ জীৱনত অন্য কিছু সম্পর্কও থাকে যাৰ পৰা আমি অনুপ্ৰাণিত হওঁ । জাহ্নু বৰুৱাৰ ছাৰৰ আগৰ ছবিসমূহতো আমি দেখিছো, নাৰীৰ জীৱনৰ যিবোৰ সহজাত সমস্যা সেইবোৰ ছাৰে বেলেগ ধৰণে বিচৰণ কৰে । বৰ্তমান সমাজত কেৱল ডিভোৰ্চেই এটা সমস্যাৰ সমাধান নহয় । এইবোৰে মানসিকভাৱে আমাৰ স্খলন কৰিছে । সম্পর্ক বুলি কোৱা বস্তুটো ইমান সহজ নহয় । এটা সম্পৰ্ক গঢ় ল’বলৈ বহুত দিন লাগে । কিন্তু সেই সম্পর্কটো কেতিয়াবা ভিন্ন কথাত প্ৰভাৱিত হয় । সেইবোৰেই ছবিখনত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ।”

উল্লেখ্য যে, অপৰূপা, হালধীয়া চৰাইয়ে বাওধান খায়, সাগৰলৈ বহু দূৰ, অজেয় আদি চিনেমা নিৰ্মাণেৰে অসমীয়া ছবিজগতক অন্যান্য মাত্ৰা প্ৰদান কৰা জাহ্নু বৰুৱা পৰিচালিত এইখন হৈছে ১৬ নম্বৰ ছবি । ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ,অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰুপ বৰঠাকুৰ, উজ্জ্বল ৰাজখোৱা, অশ্মিতা, আমাইৰা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : মাঘত আহি আছে জাহ্নু বৰুৱাৰ নতুন ছবি 'হেৰোৱা ছন্দ'; এক বিশেষ সাক্ষাৎকাৰ

Last Updated : December 25, 2025 at 1:44 PM IST