ETV Bharat / entertainment

চিন্ময় শৰ্মাৰ নতুন ছবি ‘ভাকুটকুট’, ৬ মাৰ্চত মুক্তি

ছিৰিয়াছ কথা কিছুমান ধেমালিৰ চলেৰে মানুহৰ মাজলৈ লৈ যোৱাৰ মানসেৰে চিন্ময় শৰ্মাই লৈ আহিছে ‘ভাকুটকুট’ ৷

Chinmoy Sharma's new Assamese film 'Bhakutkut' will be released on March 6
জনপ্ৰিয় পৰিচালক চিন্ময় শৰ্মাৰ নতুন অসমীয়া ছবি ‘ভাকুটকুট’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 27, 2026 at 6:49 PM IST

|

Updated : February 27, 2026 at 7:02 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক সুখবৰ ! অহা ৬ মাৰ্চত মুক্তি লাভ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় পৰিচালক চিন্ময় শৰ্মাৰ নতুন অসমীয়া ছবি ‘ভাকুটকুট’। ইয়াৰ পূৰ্বে ‘এজনী ছোৱালী’ আৰু ‘ভূত জলকীয়া’ৰ দৰে চিনেমাৰে দৰ্শকৰ মন জয় কৰা পৰিচালকগৰাকীৰ এইখন এখন অন্যতম প্ৰত্যাশিত ছবি ।

ছবিখনৰ কাহিনীৰ সাৰাংশ

‘ভাকুটকুট’ হাঁহি-ধেমালি, মৰম আৰু ভালপোৱাৰ এক মিঠা অনুভৱৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন আমোদজনক ছবি । এখন গাঁৱৰ এটুকুৰা বিশেষ মাটি আৰু সেই গাঁওখনৰে কেইটামান আমোদজনক চৰিত্ৰক কেন্দ্ৰ কৰি পৰিচালক চিন্ময় শৰ্মাই এই ছবিখন নিৰ্মাণ কৰিছে ।

অভিনেতা দ্বীপজ্যোতি কাকতি, মৃণাল ৰিকু শৰ্মা আৰু অভিনেত্ৰী প্ৰিয়ংকা বৰঠাকুৰৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

কাহিনীৰ মূল ভাগ

দীৰ্ঘদিন ধৰি বেংগালুৰুত বসবাস কৰা এটা পৰিয়াল বহু বছৰৰ পাছত নিজৰ গাঁৱলৈ উভতি আহে । গাঁৱলৈ অহাৰ পাছত তেওঁলোকে নিজৰ আত্মীয়-স্বজন আৰু পুৰণি বন্ধু-বান্ধৱক লগ পায় । এই পৰিয়ালটোৰ সদস্যসকল আৰু গাঁৱৰ মানুহখিনিৰ মাজত হোৱা বিভিন্ন ঘটনা-পৰিঘটনাৰ আলমতেই কাহিনীভাগ আগবাঢ়িছে । মূলতঃ এটা পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজৰ সম্পৰ্কক লৈ এক 'কমেডী ড্ৰামা' (Comedy Drama) শৈলীত ছবিখনৰ কাহিনীটো অতি আমোদজনকভাৱে সজোৱা হৈছে ।

মুক্তিৰ পূৰ্বে ই টিভি ভাৰতৰ সাংবাদিক ভাকুটকুট টীমৰ কাষে চাপে ছবিখন সন্দৰ্ভত কিছু কথা জানিবলৈ ৷ এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ অভিনেতা দ্বীপজ্যোতি কাকতি, মৃণাল ৰিকু শৰ্মা আৰু অভিনেত্ৰী প্ৰিয়ংকা বৰঠাকুৰে শ্বেয়াৰ কৰে অভিজ্ঞতা ।

New assamese film
চিন্ময় শৰ্মাৰ নতুন ছবি ‘ভাকুটকুট’ৰ কলা-কুশলী (Photo : Film Poster)

‘ভাকুটকুট’ ছবিখনৰ বিষয়ে অভিনেতা দ্বীপজ্যোতি কাকতিৰ অনুভৱ

দ্বীপজ্যোতি কাকতিৰ মতে, “ভাকুটকুট এখন অত্যন্ত গম্ভীৰ বা ছিৰিয়াছ ছবি । ইয়াত মানৱ জীৱনৰ বিভিন্ন আৱেগ অৰ্থাৎ 'ন-ৰস'ৰ সমাহাৰ ঘটিছে । ছবিখনৰ বিশেষত্বসমূহ হ’ল ছবিখনত এক নতুন ধৰণৰ ৰাজনৈতিক দৃষ্টিভংগী দেখুওৱা হৈছে । লোভ-লালসাৰ বশৱৰ্তী হৈ মানুহে কেনেকৈ নিজৰ অজ্ঞাতেই পৰিস্থিতিৰ বলি হয়, সেই কথা ইয়াত সুন্দৰকৈ ফুটাই তোলা হৈছে । আমাৰ দৈনন্দিন জীৱনৰ অতি সাধাৰণ অথচ গুৰুত্বপূৰ্ণ ঘটনাবোৰক ছবিখনৰ কাহিনীত স্থান দিয়া হৈছে ।”

New assamese film
চিন্ময় শৰ্মাৰ নতুন ছবি ‘ভাকুটকুট’ৰ তাৰকামণ্ডলী (Photo : ETV Bharat Assam)

অভিনয়ৰ অভিজ্ঞতা

পৰিচালক চিন্ময় শৰ্মাৰ সৈতে কাম কৰি অভিনেতাগৰাকীয়ে এক ব্যতিক্ৰমী অভিজ্ঞতা লাভ কৰিছে । ছবিখনৰ কাহিনীভাগ ইমানেই মৰ্মস্পৰ্শী আছিল যে তেওঁ চৰিত্ৰটোৰ বাবে নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিছিল বুলি উল্লেখ কৰে ৷

‘ভাকুটকুট’ আৰু নিজৰ চৰিত্ৰৰ বিষয়ে অভিনেত্ৰী প্ৰিয়ংকা বৰঠাকুৰৰ মনৰ ভাৱ

এক নতুন অভিজ্ঞতা

New assamese film
‘ভাকুটকুট’ টীমৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মা (Photo : ETV Bharat Assam)

প্ৰিয়ংকা বৰঠাকুৰৰ বাবে ‘ভাকুটকুট’ এখন বিশেষ ছবি । তেওঁ উল্লেখ কৰা অনুসৰি, “বহুত বেছি ভাল অভিজ্ঞতা । বাণিজ্যিক ধর্মী ছবি হিচাপে এইখন মোৰ প্ৰথম ছবি । এই ছবিখনত অভিনয় কৰি মই বহু কথা শিকিব পাৰিছো । ছবিখনত মোৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বানমূলক । মোৰ চৰিত্ৰটোত মই সৰুৰে পৰা বেংগালুৰুত ডাঙৰ হৈছোঁ । বেংগালুৰুৰ পৰা অসমৰ এখন গাঁৱলৈ আহোঁ, তেনেদৰেই মোৰ চৰিত্ৰটো আগবাঢ়ে । মোৰ দেউতাৰ চৰিত্ৰত অভিনয় কৰিছে মৃদুল চুতীয়াই । এই চৰিত্ৰটোত অভিনয় কৰিবলৈ পোৱাৰ বাবে নিজকে সৌভাগ্যশালী বুলি ক’ব লাগিব ৷”

ছবিখনক লৈ অভিনেতা মৃণাল ৰিকু শৰ্মাৰ মন্তব্য

অভিনয়ৰ অভিজ্ঞতা : মৃণাল ৰিকু শৰ্মাৰ বাবে ‘ভাকুটকুট’ হৈছে তেওঁ অভিনয় কৰা প্ৰথমখন কথাছবি । এই যাত্ৰাক লৈ তেওঁ অত্যন্ত উৎসাহিত আৰু তেওঁৰ অভিজ্ঞতা খুবেই যোগাত্মক বুলি উল্লেখ কৰে । তেওঁ কয়, “অভিজ্ঞতা খুবেই ভাল । বহুত কথাই শিকিব পাৰিলোঁ ছবিখনত অভিনয় কৰি । ছবিখনত মোৰ চৰিত্ৰ যদিও সৰু, কিন্তু তাৰ পৰা শিকিবলৈ যথেষ্ট পাইছো । যদিও সৰু চৰিত্ৰ কিন্তু সেই চৰিত্ৰটোৱে ছবিখনক এক বেলেগ মাত্ৰা প্ৰদান কৰিছে । আশা কৰোঁ ছবিখন ৰাইজে ছবিখন চাই বহুত ভাল পাব ৷”

‘ভাকুটকুট’ৰ অভিনেতা-অভিনেত্ৰী আৰু কাৰিকৰী দল

New assamese film
টীম ‘ভাকুটকুট’ (Photo : ETV Bharat Assam)

ছবিখনত অসমৰ কেইবাগৰাকীও অভিজ্ঞ আৰু নৱাগত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । তেওঁলোক হ’ল— মৃদুল চুতীয়া, প্ৰতিভা চৌধুৰী, দ্বীপজ্যোতি কাকতি, দ্বীপ কলিতা, জয়শ্ৰী ভূঞা, মনোজ বৰকটকী, দৰথী ভৰদ্বাজ, কৌশিক নাথ, বীনা পটংগীয়া, পৰাগ বৰুৱা, হিমাংশু প্ৰসাদ দাস, প্ৰিয়ংকা বৰঠাকুৰ, কাব্যশ্রী হাজৰিকা, মৃণাল ৰিকু শৰ্মা, বিশাল ওঝা, ভাৰ্গৱ কে বৰা, মানস শইকীয়া আদি ।

কাৰিকৰী দিশ

দৃশ্যগ্ৰহণ কৰিছে জোশী শইকীয়াই । শব্দগ্ৰহণ দিকি শইকীয়াৰ । সংগীত পৰিচালনা কৰিছে 'দ্য জেমিং বাডিজ' আৰু অনুপম বৰুৱাই । গীতৰ কথা লাটু গগৈ, পাপাশ নাথ আৰু আকাশদীপ বাৰুটিৰ । অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰ, ৰূপম ভূঞা, মিনিমি আৰু অনুপা ৰয়ৰ কণ্ঠৰে সজ্জিত হৈছে গীতসমূহ ।

লগতে পঢ়ক : নাটকৰ কোনো ভাষা নাই, নাই কোনো সীমাৱদ্ধতা : ৰবিজিতা গগৈ

Last Updated : February 27, 2026 at 7:02 PM IST