ETV Bharat / entertainment

দ্বিতীয় সপ্তাহতো দৰ্শকক ছবিগৃহলৈ টানি আনিছে ‘যৌৱনে আমনি কৰে ২’ এ

যুগৰ পৰিবৰ্তন লগে লগে সলনি হৈছে প্ৰেমৰ ধাৰণা । প্ৰেমৰ এই নিভাজ কাহিনীৰ সমান্তৰালকৈ থলুৱা মাটিৰ সুবাসেৰে ছবিগৃহত চলি আছে ‘যৌৱনে আমনি কৰে ২’।

interview Barsha Rani Bishaya and Ashok Kumar Bishaya share the making of joubone amoni kore 2
দ্বিতীয়টো সপ্তাহত ভৰি দিলে ছবিখনে (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 10, 2026 at 4:33 PM IST

|

Updated : January 10, 2026 at 5:18 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : দ্বিতীয়টো সপ্তাহত ভৰি দিলে লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘যৌৱনে আমনি কৰে ২’এ ৷ ১৯৯৮ চনৰ হিট অসমীয়া ছবি ‘যৌৱনে আমনি কৰে’ৰ ছিকুৱেল হিচাপে নিৰ্মাণ কৰা হৈছে এই ছবিখন ।

থলুৱা মাটিৰ সুবাসৰ লগতে প্ৰেমক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । লক্ষ্মী নাৰায়ণ ফ্লিমছ্‌ৰ বেনাৰত অশোক কুমাৰ বিষয়া আৰু হেপ্পী বিষয়াৰ প্ৰযোজনাৰে বিশিষ্ট পৰিচালক অশোক কুমাৰ বিষয়াৰ পৰিচালনাত নিৰ্মিত ছবিখন ২ জানুৱাৰীত মুক্তি লাভ কৰিছিল । আনহাতে ছবিখনত সহযোগী পৰিচালক হিচাপে আছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৰিচালক তথা প্ৰযোজক অশোক কুমাৰ বিষয়াৰ লগতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই জনাই ছবিখনৰ সন্দৰ্ভত বহু কথা ।

বৰষা ৰাণী বিষয়া আৰু অশোক কুমাৰ বিষয়াৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

'যৌৱনে আমনি কৰে'ৰ পৰাই আৰম্ভ হৈছিল অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ছবিৰ যাত্ৰা

১৯৯৮ চনৰ জুন মাহত মুক্তি লাভ কৰিছিল 'যৌৱনে আমনি কৰে'। সেই ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ পেলাইছিল মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই । সুদীৰ্ঘ ২৭ বছৰৰ পাছত চলিত বর্ষৰ দ্বিতীয় দিনটোত মুক্তি লাভ কৰে 'যৌৱনে আমনি কৰে ২'এ, যি এক দীঘলীয়া পৰিক্ৰমা ফচল ।

এই যাত্ৰাৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়, “বহুত দীঘলীয়া এক যাত্ৰা । মোৰ যাত্ৰা প্ৰায় ৩০ বছৰীয়া । প্ৰথমখন 'যৌৱনে আমনি কৰে'ৰ পৰা এতিয়াৰ 'যৌৱনে আমনি কৰে ২' লৈ সুদীৰ্ঘ যাত্ৰাৰ বহুখিনি স্মৃতি আছে । প্ৰথমখন ফুৰ্তিমূলক এটা কাম আছিল । সেইটোৱে উৎসাহ দিছিল, সেই উৎসাহ পাইয়ে লাহে লাহে আগবাঢ়িলো । এতিয়া ২৭ বছৰৰ অন্তত এইখনে মুক্তি লাভ কৰিছে । এইবাৰৰখনত কেৱল প্ৰেমেই নহয়, প্ৰেমৰ উৰ্দ্ধত বহুত কিবাকিবি দেখুওৱা হৈছে । ছবিখনে এটা যুগৰ পৰিবৰ্তন কৰিছে, সেয়ে এইখনত বহুত কিবা কিবি দিয়া হৈছে । ৰাইজে চাই ভাল পাইছে বুলি জনাইছে, সেয়ে ভাল লাগিছে ।”

Jaubane Amoni Kore
অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Photo : ETV Bharat Assam)

যুগৰ পৰিবৰ্তন লগে লগে সলনি হৈছে প্ৰেমৰ ধাৰণা

মূলতঃ প্ৰেম বিষয়ক ধাৰণা এটাৰে নিৰ্মাণ কৰা হৈছিল 'যৌৱনে আমনি কৰে' ছবিখন । ২৭ বছৰৰ পাছত মুক্তি লাভ কৰিছে যৌৱনে আমনি কৰে ২'। য'ত নিভাঁজ মাটিৰ সুবাসৰ লগতে উপস্থাপন কৰা হৈছে তিনিটা প্ৰেম কাহিনী । যুগৰ পৰিবৰ্তন লগে লগে সলনি হৈছে প্ৰেমৰ ধাৰণাও ।

এইক্ষেত্ৰত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়, “তেতিয়া কলেজীয়া প্ৰেম আছিল আৰু এতিয়াৰ কলেজীয়া প্ৰেমৰ কি পৰিৱেশ তাক লৈয়ে মোৰ দেউতাই ছবিখন নিৰ্মাণৰ কথা ক’লে । তেতিয়াৰ প্ৰেম আৰু এতিয়াৰ প্ৰেমৰ মাজত বহুত আকাশ-পাতল পাৰ্থক্য । কিন্তু অনুভৱ নিশ্চয় একেই ।”

Jaubane Amoni Kore
বিশিষ্ট পৰিচালক অশোক কুমাৰ বিষয়া (Photo : ETV Bharat Assam)

‘যৌৱনে আমনি কৰে ২’ৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ মন্তব্য

'যৌৱনে আমনি কৰে ২'ৰ কাহিনীৰ আধাৰটো সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়, “প্ৰথম যৌৱনে আমনি কৰেখনত দিপু আৰু মানসীৰ প্ৰেম দেখুৱা হৈছিল । গাঁৱৰ পৰা অহা দীপুৱে ধনীঘৰৰ জীয়ৰী মানসীক বিয়া কৰায় । তেওঁলোকৰ ছোৱালী আৰু গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ অহা ল’ৰা এজনৰ মাজত প্ৰেম হ'ল । তেতিয়া এনে কাহিনী আছিল । এই ছবিখনত সেই ২৭ বছৰৰ পাছত অংকুৰ আৰু পূজাৰ কি হ’ল, তেওঁলোকৰ সংসাৰখন কেনেকুৱা চলিছে এতিয়া, লগতে তিনিটা প্ৰেম কাহিনীৰ এক সুন্দৰ সংমিশ্ৰণ ছবিখনত ঘটোৱা হৈছে । লগতে ছবিখনত এনিৰ এটা এংগেল আছে । তেওঁ এগৰাকী খ্ৰীষ্টান ছোৱালী, তেওঁ আকৌ হিন্দু ল’ৰা এজনক ভাল পাইছিল, তেওঁলোকৰ কি হ’ল ? এই সকলোবোৰ সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে ।”

'অন্তঃসত্ত্বা' অৱস্থাতো নিৰবিছিন্নভাৱে ছবিখনৰ কাম কৰি গৈছিল অভিনেত্ৰীগৰাকীয়ে

ছবিখনৰ কাম আৰম্ভ হোৱা সময়ত অন্তঃসত্ত্বা আছিল অভিনেত্ৰী বৰষা ৰাণী বিষয়া । সেই অৱস্থাটো থমকি নৰৈ ছবিখনত অভিনয় কৰাৰ লগতে সহযোগী পৰিচালক হিচাপে কাম কৰি গৈছিল অভিনেত্ৰীগৰাকীয়ে । এই যাত্রা সন্দৰ্ভত মন্তব্য কৰি বৰষাই কয়, “সেই সময়ত মই অন্তঃসত্ত্বা আছিলো । কিন্তু মই ভালপোৱা কামটো কৰি থকাৰ বাবে হয়তো বিশেষ জটিলতা নাছিল । ভালপোৱা কামটো কৰিবলৈ পাই থকাৰ বাবে হয়তো মোৰ এই যাত্ৰাটো খুব মৃসণভাৱে গৈছিল । আনহাতে বিজ্ঞানে কিন্তু বহুখিনি চেষ্টাহে কৰে, ধৰি ৰখাজন কিন্তু ভগৱান । ৰাতিও মোৰ কেতিয়াবা ভালকৈ টোপনি অহা নাছিল কাৰণ পাছদিনা শ্বুটিং থাকে । সেইবোৰ কথাৰ চিন্তা হৈ থাকে । সেইবাবে মই ভাবো বিজ্ঞানে এটা পৰ্যায়লৈকেহে নিব পাৰে, বাকী সকলো ওপৰৱালাৰ হাতত ।”

Jaubane Amoni Kore
অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু বিশিষ্ট পৰিচালক অশোক কুমাৰ বিষয়াৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মা (Photo : ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত অশোক কুমাৰ বিষয়াৰ মন্তব্য

ছবিগৃহত এতিয়া স-গৌৰৱে চলি আছে ‘যৌৱনে আমনি কৰে ২’ ৷ ছবিখনৰ পৰিচালক অশোক কুমাৰ বিষয়াই কয়, “ছবি এখন আমি খুব আন্তৰিকতাৰে নিৰ্মাণ কৰো । ছবিখনৰ প্ৰতি এতিয়া ৰাইজে যথেষ্ট ভাল সঁহাৰি দিছে, সেইটো ভাল লাগিছে । আমাৰ প্ৰডাকশ্যনে সদায় নৱ-প্ৰজন্মক সুযোগ প্ৰদান কৰি আহিছে । এই ছবিখনতো ঠিক তেনেদৰে নৱ-প্ৰজন্মক সুযোগ প্ৰদান কৰা হৈছে ।”

সম্ভৱত বিহুৰ পাছত ৰাজ্যৰ বাহিৰত মুক্তি লাভ কৰিব ছবিখন

'যৌৱনে আমনি কৰে ২' অসমৰ বাহিৰত কেতিয়া মুক্তি লাভ কৰিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত প্ৰযোজক তথা পৰিচালক পৰিচালক অশোক কুমাৰ বিষয়াই কয়, “আমি প্ৰথম স্থানীয় মুক্তিতো চাই লৈছোঁ । এতিয়ালৈকে আমি যথেষ্ট ভাল সঁহাৰি লাভ কৰিছোঁ । ভোগালী বিহুৰ পাছত আমি সম্ভৱত বাহিৰত মুক্তি দিম । চুক্তি হৈ আছে যদিও মুক্তিৰ দিনটো এতিয়ালৈ ঘোষণা কৰা নাই ।”

উল্লেখ্য যে, ১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হৈছিল ‘যৌৱনে আমনি কৰে’ । ছবিখনে মুক্তিৰ পাছত বাণিজ্যিকভাৱে সফলতা লাভ কৰাৰ উপৰিও সাংস্কৃতিক জগতত খলকনিৰ সৃষ্টি কৰিছিল । কেৱল মাত্ৰ ৭ টকাৰ পৰা ১৫ টকা পৰ্যন্ত টিকটৰ মূল্যৰে ছবিখনে সেই সময়ত আকৰ্ষণীয় ধন উপাৰ্জন কৰিছিল । ছবিগৃহত প্ৰায় ২৫ টা সপ্তাহলৈ চলিছিল এই ছবিখন ।

যৌৱনে আমনি কৰে ছবিখনত অভিনয় কৰিছিল প্রাঞ্জল শইকীয়া, বাদল দাস, নিকুমণি বৰুৱা, নিৰেণ বৰুৱা, অংকুৰ বিষয়া, ইনু বৰুৱা, বৰ্ণালী পূজাৰী, হিৰণ্য দাস,ব ৰষা ৰাণী বিষয়া, শিৱ প্ৰসাদ ঠাকুৰ, নিলয় শংকৰ গুপ্তা, শৈল বৰুৱা, অসীম বৈশ্য আদিকে ধৰি বহুজনে । ‘যৌৱনে আমনি কৰে’ৰ ছিকুৱেলত পূৰ্বৰ অভিনেতা-অভিনেত্ৰীসকলৰ সমান্তৰালকৈ ২৭খন নতুন মুখো দেখা গৈছে ।

Jaubane Amoni Kore
ছবিগৃহত চলি আছে ‘যৌৱনে আমনি কৰে ২’ (Photo : ETV Bharat Assam)

লগতে পঢ়ক : সাগৰ সাঁতুৰি ডুবাইলৈ যাব বিচাৰিছিল জুবিন: সাগৰৰ পৰা তুলি আনিছিল কোনে ?

Last Updated : January 10, 2026 at 5:18 PM IST